Anyayug Contributor যশোৱন্ত নিপুণ

সময়

 যশোৱন্ত নিপুণ   কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময়…

তীৰ্থস্থান

 যশোৱন্ত নিপুণ   সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ আছিল সি৷ য’লৈকে যায় তাতে সি  তাৰ ওচৰৰ সকলোকে নিষ্প্ৰভ কৰা সূৰ্যটোৰ দৰে হৈ পৰে৷…

জুবিন

 যশোৱন্ত নিপুণ   ইমান যে দি গ’লা ইমান যে শূন্য হ’লা তুমি কি পালা, দুহাতত মাথোঁ বেথা খালি জেপ তোমাৰ আৰু এটা ফটা চোলা।   ইমান পাতল হ’লা চিলা হৈ মেঘলৈ উৰিলা ধুমুহাত ছিগি গ’ল সূতা, সাবটি ৰাখিব কোনে মাটিৰ…

যথেষ্ট

 যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল, বোধহয় সেয়াই যথেষ্ট আছিল। নিযুত নিযুত কীটৰ এটাই মাথোঁ সেই ডিম্বাণুৰ ওচৰ পাইছিল…

হিয়া

 যশোৱন্ত নিপুণ   সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ একাপ‌ খাওঁ একেলগে৷ পিছে তাৰ বৰ খৰ-ধৰ৷ কথাটো কি? “ৰত্নদা মৰিল পুৱাই৷ খৰি দিবলৈ যাব লাগিব৷” সি উত্তৰ দিছিল৷ মই আচৰিত হৈছিলোঁ৷…

জংঘল

 যশোৱন্ত নিপুণ যিমান মনোৰম হ’লেও জংঘলখনে আমাক ভুলাব পৰা নাছিল, সেয়েহে তাৰ ভাঁজে ভাঁজে লুকাই থকা নিৰ্মমতাবোৰৰ পৰা আমি পলাই আহিছিলোঁ ৷ আমি বুদ্ধিমান আছিলোঁ, হয়তো ঈশ্ৱৰে সেইটো বিচৰা নাছিল ৷ কিন্তু আমি যদিও জংঘলখন ক’ৰবাত এৰি থৈ অহা বুলি…

যুগে যুগে

 যশোৱন্ত নিপুণ   প্ৰত্যেক যুগৰেই এটা সৌন্দৰ্য আছে, প্ৰত্যেক যুগৰেই কিছুমান অভিশাপ আছে । ধীৰ শীৰ্ণ নদীৰ দৰেই পৰ্বত বিদীৰ্ণ কৰা খৰস্ৰোতা নদীও কেতিয়াবা সুন্দৰ  কেতিয়াবা ভয়ংকৰ হ’ব পাৰে । যুগে যুগে শত শত ধুমুহা জ্বালামুখী মহাপ্লাৱনৰ কত আঘাত, ৰক্তক্ষয়ী মহাসমৰত…

সাগৰ দেখিছা

 যশোৱন্ত নিপুণ   ‘সাগৰ দেখিছা?’  পলাশে চকীখনত বহি সুধিছিল৷ ‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ দিছিল৷ ‘ময়ো দেখা নাই। শুনিছোঁ তথাপি, সাগৰ হেনো নীলা, নীলা, নীলা!’ কপিলে কৈছিল৷ অলপ ৰৈ আকৌ যোগ দিছিল, ‘আৰু ইয়াৰ পৰা আধা ঘণ্টাৰ বাট।’ তাৰ কবিতাৰ শাৰীবোৰ…

ঘৰে পদূলিয়ে

যশোৱন্ত নিপুণ   ঘৰে পদূলিয়ে কিমান দুখ কিমান আন্ধাৰ, আমাৰ বুকুত কিহৰ একুৰা জুই জ্বলে ইমান ফুল কিয় হঠাতে সৰে ?   কি ভুল হ’ল আমি যদি মেজত একেলগে বহি চাহ একাপ ভগাই লওঁ, এটা কৌতুকত প্ৰাণখুলি কেতিয়াবা হাঁহোঁ ?…

কোলাহল

 যশোৱন্ত নিপুণ   যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ, আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ, ঠিক তেতিয়াই ঘটনাটোৰ আৰম্ভণি হৈছিল, এটা কোলাহলে মোক খেদি ফুৰিছিল অহৰ্নিশে ৷   অথচ মোৰ প্ৰয়োজন আছিল সামান্য, বিচাৰিছিলোঁ মাত্ৰ অলপ নীৰৱতা, শান্তি, নিঃসঙ্গতা, কোনো কোলাহলে…