Anyayug Contributor অমৃত গোস্বামী

নিমি–নৱসিদ্ধ সংবাদ

 অমৃত গোস্বামী     শ্ৰীমদ্ভাগৱত পুৰাণৰ একাদশ স্কন্ধত বৰ্ণনা কৰা ‘নিমি–নৱসিদ্ধ সংবাদ’ ধৰ্মগ্ৰন্থখনৰ এক এক বিশেষ ব্যাখ্যাযোগ্য অংশ৷ ইয়াত সংবাদ শব্দটো প্ৰশ্নোত্তৰৰ বা সংলাপৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই ‘সংবাদ’ মিথিলাৰ ৰজা, ৰাজর্ষি নিমি আৰু ন-গৰাকী যোগসিদ্ধ পুৰুষৰ মাজত হোৱা…

ভক্তি-বিদ্বেষ তত্ত্ব

 অমৃত গোস্বামী     ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷  শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ পুতেক৷ জন্মৰ সময়ত শিশুপালৰ দেহৰ লক্ষণ আছিল অস্বাভাৱিক, তিনিটা চকু আৰু চাৰিটা বাহু৷ তেওঁৰ জন্মৰ সময়তে এক দৈৱবাণী শুনিবলৈ পোৱা গৈছিল…

‘লাষ্টগেট’ৰ এটি সন্ধিয়া

 অমৃত গোস্বামী   “ভাড়া কিমান দিম?” অটোৰিক্সাখনৰ পৰা নামি চালকজনক সুধিছিলোঁ৷ তেখেতে হাঁহি এটা মাৰি ক’লে— “এনেয়ে এশ টকা হয়৷ আপোনাকনো আৰু কি ভাড়াৰ কথা ক’ম? আপুনি সকলো জানেই দেখোন—দিয়কচোন যি দিয়ে৷” এটা গতানুগতিক সন্ধিয়া৷ পৰিবাৰৰ সৈতে লাষ্টগেটৰ ফালে যাবলগীয়া হৈছিল,…

মূল্যবোধৰ বিষয়ে দুআষাৰ

 অমৃত গোস্বামী   জীৱন মানে কেৱল জীয়াই থকাটো নুবুজায়৷ মানুহে জন্মগ্ৰহণ কৰে– শাৰীৰিক জন্মগ্ৰহণ৷‌ কিন্তু প্ৰকৃত মানুহ বা ‘মানৱ’ এজনৰ জন্ম হয়‌ নৈতিক চেতনা আৰু বোধ-বুদ্ধিৰ জ্ঞানৰ দ্বাৰাইহে৷ মানুহ এজনে তেওঁৰ প্রকৃত পৰিচয় দাঙি ধৰে তেওঁৰ বিৱেচনা শক্তি, দায়িত্ব, আদৰ্শ,…

বাঁহ ফুলাৰ কথাৰে

 অমৃত গোস্বামী   অলপতে মোৰ  দাদা এজনে  বন্ধু জনদিয়েকৰ সৈতে মিলি আইজাল‌-মিজোৰাম ফুৰি আহিল৷ মিজোৰামৰ পৰা আহি দাদাই মোক ক’লে “মিজোৰাম বিশেষকৈ আইজলখন বৰ সুন্দৰ৷ মিজোসকল এটা শিক্ষিত, ভদ্ৰ আৰু অমায়িক জাতি৷ তেওঁলোকে  পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি বৰ ভাল পায়৷ বাট-পথবিলাক বৰ…

‘আটক চাউল’ৰ আঁত ধৰি :

 অমৃত গোস্বামী   মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ  হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ ভাল হৈছিল৷ দ্বিতীয় মহাসমৰৰ দিনৰ চাউলৰ নাটনিৰ সময়ত আমাৰ মানুহবোৰে সেই চাউলবিধ ঘৰলৈ ক্ৰয়…

হাইঠা মাটিত পৰিল

 অমৃত গোস্বামী কালি ৰাতিপুৱা বিশেষ ধৰণৰ চৰাই এবিধৰ মাত শুনি নামঘৰটোৰ কাষৰ বেছ কিছু ওখ-ডাঙৰ গছজোপাৰ ওপৰ ভাগৰ ডাল-পাত বিলাকলৈ ডিঙি মেলি মেলি চাইছিলোঁ — মাতটোনো কি চৰাইৰ হ’ব পাৰে, তাকে ঠাৱৰ কৰিবলৈ৷ কিন্তু নাই— নোৱাৰিলোঁ! সোধা-পোছা কৰিবলৈও ৰাতিপুৱাৰ সেইখিনি…

আকাশীগংগা

অমৃত গোস্বামী   মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ  যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…

আকাশীগংগা

 অমৃত গোস্বামী   মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ,কেইবছৰ মানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ  যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…