Anyayug Contributor অমৃত গোস্বামী

সঙ্গীতৰ মহিমা

 অমৃত গোস্বামী   কালি জুপুকা মাৰি থাকিয়েই মই দিনটো কটালোঁ; গা-মন দুয়োটাই মোৰ কালি ভাল‌ নাছিল৷ সন্ধিয়া সময়ত মনটো অকণমান সতেজ হওক বুলিয়েই মোৰ প্ৰিয় গান কেইটামানকে শুনিবলৈ লৈছিলোঁ৷‌ এনেদৰে কেইবাটাও গান শুনাৰ পাছত, এটা গান মোৰ বিশেষভাৱে ভাল লাগিল৷…

টেঙা-মিঠা

 অমৃত গোস্বামী   ‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসমত যথেষ্ট পৰিমাণে পোৱা যায়৷‌ গৰমৰ দিনত আমি প্ৰায়েই খাওঁ, পেট ঠাণ্ডা কৰি ৰাখে৷” — এই বুলি কৈ পুণা…

ভাৱাল সন্ন্যাসী

  অমৃত গোস্বামী   আইতা-ককা-দেউতাহঁতৰ মুখত আমি সৰু হৈ থাকোঁতে‌  শুনিবলৈ পোৱা, বা পাছত ডাঙৰ হৈ  নিজে পঢ়া ৰূপকথা বা সাধুকথা একোটাৰ  দৰেই কাহিনীটো৷‌ মই যিটো কাহিনীৰ কথা ক’বলৈ‌ বিচাৰিছোঁ সেইটো হ’ল বিখ্যাত ভাৱাল‌ সন্ন্যাসীৰ কাহিনীটো৷ এই জীৱন-মৃত্যুৰ অৱসানৰ   কাহিনীটো…

লজেঞ্চ দিয়া লʼৰাজন

অমৃত গোস্বামী           আমাৰ ঘৰৰ আটাইকেইজন লʼৰা-ছোৱালীয়ে‌ দহোটীয়া হাইস্কুলত পঢ়া-শুনা কৰা।‌ দহোটীয়া হাইস্কুললৈ‌ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুই কিলোমিটাৰমান যোৱাৰ পাছত, আকৌ ডেৰ কিলোমিটাৰমান গাঁৱলীয়া ৰাস্তাৰে সোমাই যাব লাগে। মোক মোৰ মাজুদাদাই কোৱামতে, মাজুদাদা প্ৰথমদিনা…

মহৌষধ স্বৰূপ

 অমৃত গোস্বামী   হালধীয়া ট্ৰেক্টৰেৰে হাবি-জঙ্ঘল ভাঙি, অসমৰ মাজেৰে খনিজ তেল পৰিবাহী ঐতিহাসিক পাইপ লাইনডাল বহুৱাৰ কাম শেষ কৰাৰ পাছৰ কথা এইবোৰ৷  দাৱনীবোৰে পথাৰৰ ধান দাই শেষ কৰাৰ পাছত,  আমাৰো বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে-লগে, মেজিঘৰ সাজিবৰ বাবে ধানৰ‌ নৰাবোৰ…

৺দেৱেন্দ্ৰনাথ আচাৰ্য্য আৰু ‘জঙ্গম’

 অমৃত গোস্বামী   পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ গৰখীয়া দ’ল নামৰ ঠাইত। দেৱেন্দ্ৰনাথ আচাৰ্য্য সৰুৰেপৰাই এজন অতি মেধাগুণ সম্পন্ন ছাত্ৰ আছিল। তেখেতে এম.ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ…

‘অনুসন্ধান’ত ৰজত কলিতা

 অমৃত গোস্বামী   প্ৰখ্যাত ঔপন্যাসিক শীলভদ্ৰ (ৰেৱতীমোহন দত্ত চৌধুৰী) দেৱৰ ‘অনুসন্ধান’ নামৰ উপন্যাসখন এই অলপতে মই পঢ়ি শেষ কৰিলোঁ। উপন্যাসখন পঢ়ি এক যথাৰ্থ সাহিত্য-অধ্যয়নৰ তৃপ্তি পোৱা যেন লাগিল। উপন্যাসখনৰ বিষয়বস্তু আৰু ৰচনাশৈলী অসচৰাচৰ। উপন্যাসখনত চৰিত্ৰসমূহৰ মাজত ঘনাই হোৱা কথোপকথনৰ চুটি চুটি বাক্যসমূহ…

কালনেমী

 অমৃত গোস্বামী    বুৰঞ্জীত ঘটনাপ্ৰৱাহৰ ঘাইকৈ তথ্যনিৰ্ভৰ বিস্তৃত বিৱৰণ পোৱা যায়। অন্যহাতেদি বুৰঞ্জীমূলক উপন্যাস‌ একোখনত ঘটনাপ্ৰৱাহৰ বিৱৰণৰ‌‌ উপৰিও‌ সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটে।  ‘কালনেমী’ ওৰফে ‘নদাই সঁজাতী’ হ’ল প্ৰখ্যাত ঔপন্যাসিক ৺দেবেন্দ্ৰনাথ আচাৰ্য‌ দেৱৰ  ‘কালপুৰুষ’ নামৰ বিখ্যাত বুৰঞ্জীমূলক উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ। এই…

বেং-বেলেষ্টৰ

 অমৃত গোস্বামী   বেং-বেলেষ্টৰ– এটা নাম,এজন মানুহৰ নাম। এখন উপন্যাসৰ এটা চৰিত্ৰৰ নাম। বেং-বেলেষ্টৰ স্বনামধন্য উপন্যাসিক দেবেন্দ্ৰনাথ আচাৰ্যদেৱৰ ‘অন্য যুগ অন্য পুৰুষ’ নামৰ উপন্যাস খনৰ এটা চৰিত্ৰ। লেখকে এই অদ্ভুত চৰিত্ৰটোৰ যোগেদি কাহিনীকথন কৰোৱাই উপন্যাসখন আগবঢ়াই নিছে।  এই উপন্যাসখন মোৰ আগতে পঢ়া ন’হল, এতিয়াহে…

চুকেৰিটিং

অমৃত গোস্বামী অসমৰ একেবাৰে সীমামূৰীয়া, অৰুণাচল প্ৰদেশৰ পাহাৰৰ নামনিৰ চাহবাগিচা এখনত ভাগিন এজনে চাকৰি কৰে; বাগিচাৰ বৰচাহাবৰ চাকৰি। কেইদিনমানৰ আগতে বৰচাহাবৰ বঙলাত দুদিনমান ‘মামাচাহাব’ হৈ থাকি, উভতি আহোঁতে ডুমডুমাৰ লাহতী ব্ৰাডাৰ্চৰ তেল ডিপোত আমাৰ  গাড়ীখনৰ ড্ৰাইভাৰ ছাহিনুৰে তেল ভৰাবৰ কাৰণে…