তিনিটা কবিতা
অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত। ২) ধুমুহা গছে এদিন ধুমুহাক ক’লে- তোমাক ধন্যবাদ কিয়নো, তোমাৰ কাৰণেই মই কঠিন পৰিস্থিতিত বুজি পালো নিজৰ শক্তি আৰু অস্তিত্বৰ…
অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত। ২) ধুমুহা গছে এদিন ধুমুহাক ক’লে- তোমাক ধন্যবাদ কিয়নো, তোমাৰ কাৰণেই মই কঠিন পৰিস্থিতিত বুজি পালো নিজৰ শক্তি আৰু অস্তিত্বৰ…
অংকুৰণ আৰ্ফ বেদত আছে – “যথা দৃষ্টি তথা সৃষ্টি৷” অৰ্থাৎ আমাৰ দৃষ্টিভংগী বা মন-মগজুৰ চিন্তাধাৰা যেনে হ’ব এই জীৱন আৰু জগতক আমি তেনেদৰেই দেখিম৷ গতিকে নতুন বৰ্ষ এটাক আদৰাৰ আগমুহূৰ্তত আমাৰ জীৱন আৰু পৃথিৱীখনক চোৱাৰ দৃষ্টিভংগী নতুন হ’ব লাগিব৷ কিয়নো,…
অংকুৰণ আৰ্ফ ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল৷ সুৰটো অলপ পিছে বেলেগ৷ ঢোল অৱশ্যে ঢোলেই৷ কাঠৰে – গৰু ছালৰে ঢোল৷ সুৰ আৰু সময়টোহে বেলেগ৷ বেলেগ হোৱাটো আচৰিত হ’বলগীয়া কথা নহয়৷ যুগটো যে বেলেগ৷ এতিয়া তাহানিৰ…
অংকুৰণ আৰ্ফ গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল গাঁৱতহে মাতৰ নাই আকাল গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল …
অংকুৰণ আৰ্ফ (ক) সান্ধ্য সময়৷ এটা ছায়ামূৰ্তি৷ গছৰ মূঢ়াৰ দৰে বৈধ৷ মুনিচুনি এই পৰত সেই পুৰণি পৰিত্যক্ত কোঠাটোতে আৱদ্ধ৷ বন্দী বিহংগৰ দৰে ধৰ্ফৰাই আছে৷ খিৰিকীৰে আকাশলৈ ছেগাচোৰোকাকৈ চায়৷ ধূসৰ আকাশত আন্ধাৰ৷ আন্ধাৰৰ সৈতে ছায়ামূৰ্তিৰ চলে আলাপ৷ দূৰণিৰ জোনাকে…
অংকুৰণ আৰ্ফ পুৰণি হ’বলৈ দিয়া কথাবোৰ যিদৰে পুৰণি হয় নদী যিদৰে পুৰণি হয় পাতৰ সেউজীয়া ফুলৰ সুৱাস পুৰণি হ’বলৈ দিয়া কাহিনীবোৰ যিদৰে পুৰণি হয় নৃত্যৰতা চৰাইবোৰ উৰণীয়া বতাহবোৰ পুৰণি হ’বলৈ দিয়া সকলো বাজি থকা গানবোৰ প্রিয় বাঁহীৰ সুৰবোৰ…
অংকুৰণ আৰ্ফ প্রকৃতিৰ চিৰন্তন নিয়ম মানি পুনৰ আহিছে বহাগ৷ জীৱনৰ আটাইবোৰ বাচকবনীয়া অভীস্পা এই যেন বহাগ নামৰ শব্দটোতে সোমাই থাকে৷ যেনেদৰে ৰামধেনু বুলি ক’লেই এসোপা ভিন্নৰঙৰ বৰ্ণময় সমাহাৰ মনলৈ আহে, ঠিক তেনেদৰে এই বহাগ শব্দটোৰ মাজতেই বৰ আলফুলে…
অংকুৰণ আৰ্ফ পুৰাণ পদ্য – ১ শিলে শিলে সুৰ বুকুভৰা বেদনাৰ ইমান কৰুণ সুৰ প্রাচীন এই শিলৰ উপত্যকাত ৰাতি ৰাতি ৰাউচি জুৰি কোনে কান্দে বুৰঞ্জীৰ বতাহত ভাহি অহা কাৰ এয়া ইমান দুখৰ মাত …
অংকুৰণ আৰ্ফ পদ্যকথা – ১ সময়ৰ পথেদি এটা কাহিনী এই গড়ৰ ওপৰেদি বুৰঞ্জীৰ ঘোঁৰাত উঠি খটপ খটপকৈ পাৰ হৈ যায় সময়ৰ সুৰুঙাৰে সৰি পৰা মাটিৰঙী পাত এখিলাৰ ফাঁকেৰে চিকমিকাই উঠে বুৰঞ্জীৰ চিকুণ চকু হাতত সাৰে ভৰিত সাৰে…
অংকুৰণ আৰ্ফ ওচৰা-উচৰি দুটা ভাষাৰ দুই শক্তিশালী সাহিত্য পৰম্পৰাৰ দুজন কৰ্ণধাৰ ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ৷ দুয়োজনেই হ’ল ভাৰতীয় সাহিত্যত সাৰ্থক চুটিগল্পৰ স্ৰষ্টা আৰু ইয়াৰ সুনিপুণ ৰূপকাৰ৷ চুটিগল্প ঘাইকৈ পাশ্চাত্য সাহিত্যৰ সৃষ্টি হ’লেও তাৰ আংগিকৰ বৈচিত্ৰ্য সম্পূৰ্ণৰূপে আয়ত্ত কৰি দুইজন গল্পকাৰে ভাৰতীয়…