Category গল্প

মোহবন্দী

 ৰঞ্জু শৰ্মা এইখিনিতে নৈখন তেনেই শান্ত৷ চহৰীয়া কোলাহলৰ পৰা বহু নিলগৰ এই নিৰিবিলি ঠাইডোখৰত নৈখন অলপ ঠেক আৰু তৰাঙো৷ উদ্যোগ নগৰীখনৰ শ শ কাৰখানাৰ পৰা নিষ্কাষিত পদাৰ্থ আৰু দৈনিক টনৰ হিচাপত জমা হোৱা চহৰৰ পেলনীয়া আৱৰ্জনাৰ দ’মবোৰে নৈখনক দুয়োপাৰৰ পৰা…

পাঠাগাৰ

উশাহৰ মাজত ড° অমৰজ্যোতি চৌধুৰী৷  পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ লেখক আৰু প্ৰকাশকে কোৱামতে এইখন এখন উপন্যাস৷ কিন্তু আমাৰ পঠন অভিজ্ঞতাই কৈছে, অসমীয়া সাহিত্যৰ সৰ্বাধিক দৈৰ্ঘ্যৰ চুটিগল্প এইটো৷ উশাহৰ মাজত৷ দেশ-কাল-ভাষা-সমাজ-জাতি নিৰ্বিশেষে মানুহৰ জীৱনত ঘটি থকা সংঘাতজৰ্জৰ অনেক সংঘটনৰ ই এক ৰূপকধৰ্মী বিবৃতি৷…

পাহাৰৰ গাৰে নামি অহা সপোন

      অজিত ছিংনাৰ গাঁওখনৰ পৰা কিছু নিলগত থকা জুৰিটোৰ পানী লংচৰেৰে পাহাৰৰ গাৰে অকাই-পকাই আনি ঠিক এইখিনিতে পেলোৱা হৈছে৷ ঠাইখিনিত এটা সৰু জুৰি আছে যদিও খৰালি কালত পানী  প্ৰায়ে নোহোৱা হৈ যায়৷ এই সময়খিনিত লংচৰৰ পানী নহ’লে ৰংপি গাঁৱৰ…

এন্ধাৰ-পোহৰ

জ্যোতিস্মিতা শৰ্মা পাহাৰবোৰৰ প্ৰেমত পৰিছিলোঁ হয়তো। প্ৰতিদিনে আবেলি দেউতাই নতুনকৈ লোৱা বাজাজ ছুপাৰ স্কুটাৰখনত উঠি পাহাৰ কাটি সজা ৰঙা মাটিৰ ৰাস্তাৰে চাহবাগিচাৰ ফালে নগ’লে মনটো ভালেই নলগা হ’ল। পাহাৰৰ ভাঁজে ভাঁজে আমি উঠি গৈ থাকোঁ চাহগছবোৰ নেদেখালৈকে। ঝুম খেতিৰ সংজ্ঞাই কিতাপৰ পাতৰ পৰা ওলাই…

চাউলকঠা, নাটকথা

লোপামুদ্ৰা ভট্টাচাৰ্য প্লেটফৰ্মখন জনশূন্য। নিশা ন বাজিছে। সি আৰু তাৰ লগৰ দুজন গাড়ীৰ ভিতৰতে আছে। ট্ৰেইনখন হয়তো দহমান বজাতহে পাবহি। গাড়ীৰ পৰা নামিলেই মাস্কখন পিন্ধিব লাগিব। সেইখনে মুখখন ঢকাৰ লগতে যেন গোটেই পৰিৱেশটোকে চেপি ধৰে। এনেকুৱাতে ফিৰদৌছদাৰ ফ’ন আহিল। — “কি…

ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প : এক তুলনামূলক অধ্যয়ন

অংকুৰণ আৰ্ফ        ওচৰা-উচৰি দুটা ভাষাৰ দুই শক্তিশালী সাহিত্য পৰম্পৰাৰ দুজন কৰ্ণধাৰ ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ৷ দুয়োজনেই হ’ল ভাৰতীয় সাহিত্যত সাৰ্থক চুটিগল্পৰ স্ৰষ্টা আৰু ইয়াৰ সুনিপুণ ৰূপকাৰ৷ চুটিগল্প ঘাইকৈ পাশ্চাত্য সাহিত্যৰ সৃষ্টি হ’লেও তাৰ আংগিকৰ বৈচিত্ৰ্য সম্পূৰ্ণৰূপে আয়ত্ত কৰি দুইজন গল্পকাৰে ভাৰতীয়…

বন্ধু

 পংকজ প্ৰতিম বৰদলৈ দিফলুজান সাক্ষী হৈ আছে বহু উত্থান-পতনৰ। দিফলুপাৰৰ প্ৰতিঘৰ মানুহৰ বহু গুপ্ত কথাৰ সাক্ষী দিফলুজান দিফলুজানৰ সোঁতত বৈ গৈছে বহু আৱেগ, বহু স্মৃতি, বহু আনন্দ-উত্সাহ। দিফলুজানে কঢ়িয়াই ফুৰে বহুতৰ যন্ত্রণা। বহু নোকোৱা কথা। দিফলুজানৰ লগত কথা পাতি শাঁত পৰে…

এজন ওখ মানুহৰ প্ৰয়োজন

ভৰত ৰাজখোৱা জিলাখনৰ এমূৰীয়া পঞ্চায়তটোত বাস কৰা মানুহখিনিৰ এটাই দুঃখ তেওঁলোকে এজন ওখ মানুহ বিচাৰি পোৱা নাই৷ এজন ওখ মানুহৰ অভাৱে আজি দীৰ্ঘদিন ধৰি মানুহখিনিক কষ্ট দি আহিছে৷ পঞ্চায়তটোক সন্মিলিত জনগোষ্ঠীৰ পঞ্চায়ত বুলি ক’লেও ভুল কৰা নহ’ব৷ সকলো ধৰ্ম আৰু…

ৰূপান্তৰৰ কথকতা

 ড° ইৰাণী হাজৰিকা কাইলৈৰ পৰা মনসা পূজা আৰম্ভ হ’ব৷ তাৰ বাবে যোৱা এমাহ ধৰি বাপুকণহঁতৰ ঘৰতো পূজাৰ যো–জা চলিছে৷ প্ৰতি বছৰে শাওণ আৰু ভাদ মাহৰ দোমাহী দিনাৰ পৰা তিনিদিন ধৰি এই পূজা হয়৷ তাৰ মনত পৰা দিনৰে পৰা মনসা পূজাত দেউতাকে দেওধনী…

নগা টেঙা আৰু নগা ঘা

তাজহাৰুল হক প্রথমে সৰু গল্প এটা কৈ লওঁ। গল্প বুলিও ক’ব পাৰে বা সত্য ঘটনা হিচাপেও ধৰিব পাৰে। এয়া ১৯৫৮/৫৯ চনমানৰ ঘটনা। নগাসকল যোৰহাটলৈ প্ৰায়ে আহিছিল। তেওঁলোকে হোৰাত (পিঠিত লে ফুৰা বাঁহৰ সজা) আদা, হালধি আদি লৈ যোৰহাট চহৰখনত পিয়াপি দি ফুৰিছিল।…