Category গল্প

ছাঁ

অত্ৰেয়ী গোস্বামী  দুয়োজন লগ হওঁতে তেওঁলোকৰ ভৰ যৌৱন৷ অৱশ্যে তাহানিৰ দিনবোৰত যৌৱনৰ উন্মাদনা ৰাইজৰ বৰ কম আছিল৷ আচলতে কম আছিল নে প্ৰকাশ নহৈছিল সেয়া জনাৰ কোনো উপায় নাছিল৷ মানুহজনী আছিল গম্ভীৰ৷ এমুখ দাঢ়ি আৰু এটা প্ৰকাণ্ড পেটেৰে ছয় ফুট ওখ ডেৰকুৰি বছৰীয়া মদগজ…

দেওপুখুৰীৰ দুপৰীয়া

নিৰ্মালি নয়নতৰা চতিয়নাজোপাৰ তলত দেওপুখুৰীটো৷ নহয়, নহয় দেওপুখুৰীৰ পাৰতহে চতিয়নাজোপা! অকল চতিয়নাইনে? পাৰৰ শাল, সোণাৰু, ভোমোৰা, তিতাচঁপা আৰু এজোপা প্ৰকাণ্ড হোলোংগছৰ প্ৰাচীন ছায়াৰে আৱৰা দেওপুখুৰীৰ পানীত দিনৰ নীলা আকাশখনো প্ৰতিবিম্বিত নহৈছিল৷ দেওপুখুৰীটো আগতে জঁয়াল আছিল৷  পূৰ্ণিমাৰ ৰাতি হেনো তাত জলকুঁৱৰীয়ে সোণৰ নাও বাই ফুৰিছিল৷ নাও বাই…

সোণৰ কণীৰপৰা সোণৰ কণালৈ

পৰী পাৰবীন আদম আৰু ইভৰ বীজগণিতীয় সূত্ৰটোৰ সৈতে যুঁজ দিয়াৰ সময় এটা আহি পৰিছিল হঠাতে মোৰ জীৱনত। ধৰি লোৱা হৈছিল, আদমে ফলটো নাখাব আৰু ঈশ্বৰ-পিতৃৰ বচন মানি আদম ইভৰ পৰা দূৰৈত অৱস্থান কৰি ৰ’ব। বাগানৰ  সুমিষ্ট ফলৰ মাজত উমলি-জামলি ভাগৰুৱা…

হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক সাহিত্য

ড° অসীম চুতীয়া প্ৰকৃতাৰ্থত মানুহৰ জীৱনটো এক বিচিত্ৰ অভিজ্ঞতাৰ ভঁৰাল৷ এই ভঁৰালত সঞ্চিত হৈ থকা কথাবোৰ যেতিয়া নিজ ভাষাৰে লিখিত ৰূপত সাহিত্যৰ মাধ্যমত আত্মপ্ৰকাশ পায় সিয়ে আত্মজীৱনীমূলক সাহিত্য হৈ পৰে৷ সেয়ে অসমৰ জাতীয় জীৱনৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি হোমেন বৰগোহাঞিৰ জীৱন অভিজ্ঞতাৰ প্ৰতি…

জীৱন এনেকুৱাই

মূল বাংলা: ৰক্তিম তমাল গাঙ্গুলী অনুবাদ: মনালিছা পাঠক নেওগ ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও অনুমতি নিবিচাৰে৷ মৃত্যুৱেও অনুমতি নিবিচাৰে৷ কিছুমান মানুহে তেনেকৈয়ে অনুমতিৰ পৰোৱা নকৰে৷ চিত্ৰাও তাৰ মাজত অন্যতম৷ ব’হাগ মাহৰ দুপৰীয়া৷ বাহিৰত পকা…

নিৰৱধি

 পাপৰি গোস্বামী ৰঙাৰ লগত ঈষৎ হালধীয়া ৰংটো মিহলাই পুনৰ এবাৰ তেওঁ মনে বিচৰা ৰংটো তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰিলে।  চন্দনৰ তিলক লগোৱা কপালখনত দুটা ডাঙৰকৈ ভাঁজ দেখা গ’ল। নাই, পৰিমাণটো হয়তো ঠিক হোৱা নাই। এইবাৰো সন্তুষ্ট নহ’ল তেওঁ।  কাষত থকা বাকীবোৰ ৰঙৰ টেমা এটা এটাকৈ হাতত লৈ ঘূৰাই ঘূৰাই…

বিনাশত গজা শুভ্র বেলি

বিদিশা দত্ত সেই ৰাতিটোৱে কেৱল বিনাশৰ সাধু কৈছিল। আজন্ম চিনাকি চেনেহৰ ভূমিখণ্ড সেই ৰাতিটোৰ ভিতৰতে বধ্যভূমিত পৰিণত হৈছিল। জুইৰ লেলিহান শিখাই আকাশ চুব খুজিছিল। অসহ্যকৰ গোন্ধ বিয়পিছিল সৰ্বত্ৰ। পোৰা মঙহৰ গোন্ধ। কেঁচা তেজৰ গোন্ধ।  কি জন্তুৰ মঙহ!  কি মানুহৰ তেজ! …

চাকিৰ তলৰ ছাঁ

কল্যাণী দত্ত পুৱাৰ পৰা ৰাতি এপৰলৈকে ঘৰখন উৰুলিকৃত হৈ থাকে। যেন বিয়াঘৰ এখনহে! হাই-উৰুমি বা কাজিয়া-পেচাল বুলি নহয়, অনৱৰতে হাঁহি-খিকিন্দালিহে। বেলি উঠাৰ লগে লগে আৰম্ভ হোৱা হাঁহি-কিৰীলি আৰু কথাৰ লানি নিছিগা ধাৰবোৰ নিশা ভাত খোৱাৰ পাছতহে শাম কাটে৷ আইতাকে মাজে মাজে দবিয়াই উঠে—…

মিণ্টুৰ ছবি

 মূল বাংলা : খগেন্দ্ৰ নাথ মিত্ৰ অনুবাদ : ড° ৰমেন ঠাকুৰীয়া মিণ্টুৰ ককায়েক ৰঞ্জনে ছবি আঁকে৷ বৰ ভাল ছবি আঁকে৷ পদুম ফুল, মানুহ, ৰজা-ৰাণী— কত কি যে ছবি! সকলোৱে তাৰ ছবি চাই প্ৰশংসা কৰে৷ মিণ্টুৱেও এদিন ককায়েকে অঁকা ছবিৰ বহীখনৰ পৰা পাত এখিলা লৈ ছবি এখন আঁকি…

মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে

(যোৱা সংখ্যাৰ পিছৰ পৰা) সাম্প্ৰতিক অসমীয়া গল্পসাহিত্যৰ এক অগ্ৰগণ্য নাম হৈছে শ্ৰীযুত (ডাঃ) অপূৰ্ব কুমাৰ শইকীয়া৷  ২০২০ চনৰ ‘সাহিত্য অকাদেমি বঁটা’ আৰু অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ প্ৰাপক ডাঃ শইকীয়াৰ গল্পৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু বহুমাত্ৰিকতা, ভাষাৰ চাতুৰ্য, ব্যতিক্ৰমী কথনশৈলীৰ লগতে তলসুঁতীয়াকৈ বৈ…