Category প্ৰবন্ধ/চিন্তন

বিষয় : বিটকইন

বিনয় মোহন শইকীয়া (২) বিটকইনৰ ইতিহাস বিটকইন মুদ্রা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য। আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ স্রষ্টা হিচাবে ছাটশ্বি নাকাম’ট’ নামটো জড়িত হৈ আছে। ২০০৮ চনৰ ৩১ অক্টোবৰ তাৰিখে নাকাম’ট’ই বিটকইনৰ বিষয়ে এখন শ্বেতপত্র…

ভ্ৰমৰংগ

 সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ মোৰ এই পৰৱৰ্তী শব্দ শৃংখলৰ পৰা উদ্ভূত হ’বলগীয়া শিৰোনামটো ‘মায়া’ বা ‘দিবা স্বপ্ন’ বা ‘পাগলামি’ আদি যিকোনো হ’ব পাৰিলেহেঁতেন যদিও…

চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকোৱাৰ সম্পৰ্কত

ড° অমৃত গোস্বামী   বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰৰ দুয়োজন মূৰব্বীৰ মনোভাৱ এনেকুৱা যেন তেখেতসকলেহে সকলো জানে, বাকীসকলে ভবা বা কোৱা কথাৰ কোনো গুৰুত্ব নাই৷ কেৱল তেখেতসকলে যি ভাবে বা চিন্তা কৰে, সেইটো কেতিয়াও ভুল হ’ব নোৱাৰে৷ তেখেতসকলৰ পাৰিষদবৰ্গয়ো তেখেতসকলৰ নিজৰ বিচাৰ-বুদ্ধিৰে গাদী…

এপ্ৰেণ্টিচশ্বিপ বা শিক্ষানবিচী : দ্বৈত বৃত্তিগত প্ৰশিক্ষণ আৰু কাৰখানা-উন্মুখ প্ৰতিভাৰ বিকাশ

ড° ভাৰত বৰুৱা    ক’ভিড অতিমাৰিৰ বাবে সমগ্ৰ বিশ্বৰেই কাৰখানাসমূহত কৰ্মীৰ অভাৱে দেখা দিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক ইতিহাসত ইয়াক “দ্যা গ্ৰে’ট ৰেজিগনেশ্যন” বুলি কোৱা হৈছে। কেৱল ২০২১ চনতেই আমেৰিকা  যুক্তৰাষ্ট্ৰত ৪৭ মিলিয়ন কৰ্মীয়ে ইস্তফা দিয়ে। এই ইস্তফাৰ কেইবাটাও অন্তৰ্নিহিত কাৰণ আছে,…

হালধি : সোণালী মছলাৰ ৰূপালী কথা

 দাদুল দেৱকৃষ্ণ বৰুৱা   ডাক পুৰুষে তাহানিতে কৈ গৈছে— “কটাৰী চিকুণ গুৱা। টোপনি চিকুণ পুৱা।। ব্যঞ্জন চিকুণ হালধি। কুটনে চিকুণ খাৰধি।।” এৰা, ব্যঞ্জনত হালধি বা ৰংগুড়া নহ’লেই নহয়। পিছে ঘৰত যদি হালধি নাথাকে, দিনৰ ভাগতে যদি যোগাৰ নকৰি সাঁজ লাগি…

বিষয় : বিটকইন

   বিনয় মোহন শইকীয়া (১) বিটকইনৰ পৰিচয়     অতি কম সময়ৰ ব্যৱধানত আমূল পৰিৱর্তন হোৱা যিকোনো ব্যৱস্থাৰ বিষয়ে ক’বলৈ হ’লে সাম্প্রতিক সময়ৰ যোগাযোগ ব্যৱস্থাৰ উদাহৰণেই কিজানি আটাইতকৈ বেছি প্রাসংগিক হ’ব। কিছুদিনৰ আগলৈকে দূৰত থকা কোনোবা এজন লোকৰ সৈতে লিখিত যোগাযোগ স্থাপনৰ…

বিদ্যায়তনিক অথবা–

 সঞ্জীৱ সভাপণ্ডিত নাজিৰাৰ অৱনী বৰঠাকুৰ, সমগ্ৰ অসমৰ বাঁওপন্থী চিন্তাধাৰাৰ লগত জড়িত সকলোৰে বাবে এটা পৰিচিত নাম৷ এটা শনিবাৰে (২০–০৮–২০২২) তেখেতক লগ ধৰিবলৈ গৈছিলোঁ বৈদ্য বৰপূজাৰী নামৰ এজন মানুহৰ বিষয়ে কথা পাতিবলৈ৷ সুগঢ়ী–দীপ্তচকুৰ–সুদৃঢ় মনৰ– মেদবিহীন দেহৰ মানুহজন বৰ্তমান সামান্য দুৰ্বল হৈছে–…

ক’ভিড-১৯ৰ বিষাণু বা ভাইৰাছৰ সংক্ৰমণ ক্ষমতা আৰু আপেক্ষিক আৰ্দ্ৰতা

 ড° ভাৰত বৰুৱা   আমাৰ শৰীৰৰ পৰা নিক্ষেপিত হোৱা বিষাণু বা ভাইৰাছক আমি আজিৰ যুগত “এৰ’ছ’লাইজড্ ভাইৰাছ” বুলি কওঁ। এই এৰ’ছ’লাইজড্ ভাইৰাছ মূলতে এক কণিকা বা তেনেই ওজনহীন টোপোলা য’ত ভাইৰাছ, বিভিন্ন গেছ, আৰু শৰীৰৰ অন্য জৈৱিক আৰু অজৈৱিক পদাৰ্থ,…

লৱণ-কথা

দাদুল দেৱকৃষ্ণ বৰুৱা   সাধুটো মনত আছেনে আপোনাৰ? ল’ৰালিতে শুনা সেই ৰজাজনৰ সাধুটো যে! তেওঁৰ যে চাৰিগৰাকী কন্যা আছিল। কোনগৰাকী কন্যাই ৰজাক কিমান ভাল পায় বুলি এদিন প্ৰশ্ন কৰোঁতে যে প্ৰথমগৰাকী ৰাজকন্যাই পিতাকক চেনিৰ দৰে ভাল পাওঁ বুলি কৈছিল। দ্বিতীয়গৰাকীয়ে…

আইনষ্টাইনৰ হেৰোৱা চিঠি আৰু মৌ-মাখিৰ স্পন্দিত নৃত্য

 ড° পবন কুমাৰ চহৰীয়া   আইনষ্টাইন নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে অবিন্যস্ত চুলি আৰু সোত–মোচ খোৱা কাপোৰ–কানিৰে ভাবুক মুখৰ ছবি এখন আৰু লগতে আপেক্ষিকতাবাদৰ সেই বিখ্যাত সমীকৰণটো৷ আমাৰ ধাৰণা, আপেক্ষিকতাবাদ অবিহনে যেন বিজ্ঞানৰ জগতত আইনষ্টাইনৰ আৰু আন ক’তো একো পৰিচয় নাই। আজি আমি…