ৰং ৰং ৰং— মাথোঁ ৰং
সঞ্জীৱ সভাপণ্ডিত ৰং আহে পাখি মেলি৷ এই কথাটো যেতিয়াই শুনিছিলোঁ তেতিয়াই মোৰ মনলৈ এটা বহল বহল ভাব আহিছিল৷ সৰুতে বহল ঠাই মানে পথাৰখনকে বুজিছিলোঁ৷ ঘৰখন বা গাঁওখন হাবি-বনেৰে আৱৰি আছিল৷ বহুত ঠাইত এন্ধাৰেই আছিল৷ ৰ’দো নপৰিছিল৷ ঘৰৰ সমুখৰ দিখৌখন দীঘলীয়াকৈ…