স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২
(পাৰ্বতি প্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী যিখন চিনেমাত গীতটি অন্তৰ্ভূক্ত কৰা হৈছিল, সেই চিনেমাখনৰ নাম নজনা সঙ্গীতপ্ৰেমীয়েও গুণগুণায় বা শুনি ভালপায় ড° ভূপেন হাজৰিকাৰ এটি গীত– সাগৰ সঙ্গমত কতনা সাঁতুৰিলো/ তথাপিতো হোৱা নাই ক্লান্ত/ তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা…