Category গ্ৰন্থ আলোচনা

আমাৰ কৰচন চৰাইৰ অভিযান

(প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ অন্তত দেখা পোৱা চৰাইবিধৰ কথাৰে) ৰূপজ্যোতি হাজৰিকা পক্ষী পৰ্যৱেক্ষণ মোৰ সকলোতকৈ ভাল লগা এটা হবি৷ আজৰি সময়ৰ বেছিভাগ সময় চৰাই চোৱা কামটোতে ব্যস্ত হৈ থাকি‍ ভাল পাওঁ৷ সেইবাবে কেইজনমান বন্ধুৰ লগত বা কেতিয়াবা অকলেই এই কামটোত…

অব্যাহৃত

 ৰাজনৈতিক দলসমূহৰ পুঁজি আৰু নিৰ্বাচনী ব্যয় ৰঞ্জুমণি মহন্ত এতিয়া নিৰ্বাচনৰ বতৰ৷ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ চাৰিওফালে নিৰ্বাচনী কুচ্‌কাৱাজ৷ ভাৰতৰ দৰে এখন জনবহুল দেশত নিৰ্বাচন হৈছে আটাইতকৈ ব্যয়বহুল প্ৰক্ৰিয়া৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল বুলি পৰিগণিত হোৱা ভাৰতৰ একোটা নিৰ্বাচন পৰিচালনা কৰিবলৈ ব্যয়…

ড° প্ৰণৱজ্যোতি ডেকাৰ ‘সোণৰ চামুচ মুখত লৈ’— জীৱন-বাস্তৱৰ নিৰ্মোহ সমালোচনাৰ দলিল

 দেৱপ্ৰতীম হাজৰিকা   ‘‘… বৰ্তমান গ্ৰন্থ লিখাৰ মূল উদ্দেশ্য পাঠকৰ মনত আনন্দ দান, যাকে ইংৰাজীত কোৱা হয় Entertainment৷ এই গ্ৰন্থ কোনো মহাপুৰুষৰ জীৱনী নহয়, আৰু নৈতিকতাৰ পাঠ্য পুস্তকো নহয়৷ আমি কেৱল এটা প্ৰত্যাভূতি দিব পাৰোঁ যে গ্ৰন্থত বৰ্ণিত প্ৰতিটো ঘটনাই…

সাম্প্ৰতিক জাতীয় সমাজ জীৱনত শংকৰদেৱ-আদৰ্শৰ স্থান

                                                    দেৱজিৎ ভৰালী   মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ভক্তিৰে…

লেখকৰ মৃত্যু

  ৰঞ্জুমণি মহন্ত ইংৰাজীত এষাৰ কথা আছে— ‘‘A writer never dies. He lives in his words.’’ এজন লেখকৰ হেনো কেতিয়াও মৃত্যু নহয়৷ কায়িকভাৱে মৃত্যু হ’লেও তেওঁ কালাতীতভাৱে জীয়াই থাকে তেওঁৰ লেখাসমূহৰ মাজত৷ কিন্তু যদিহে লেখকজনৰ সৃষ্টিৰাজি সংৰক্ষিত হৈ নাথাকে, তেন্তে…

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী

আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা)  সংগীতৰ সম্পৰ্কত মোৰ ধ্যান-ধাৰণা একেবাৰে কেচেলুৱা৷ মোৰ দৰে আমাৰ প্ৰজন্মৰ প্ৰায়েই সংগীত বুলিলে জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ গীত আৰু খগেন মহন্তৰ বিহুগীতকে বুজিছিলোঁ৷ লগতে আধ্যাত্মিক ভাবৰ সঞ্চাৰ কৰা বৰগীত আৰু ‘জীৱনৰ একো নাই’ দৰ্শনেৰে পৰিৱেশিত লোকগীতবোৰ আমাৰ চিনাকি আছিল৷ পাছলৈ জিতুল…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী (যোৱা সংখ্যাৰ পিছৰ অংশ) সভাখন চিনাকিপৰ্বতে সমাপ্ত হ’ল। বেলিও ইতিমধ্যে লহিয়ালে। অতিথি দুজনক মহামন্ত্ৰী বৃকোদৰ আৰু বগলী পণ্ডিতে তেওঁলোকৰ বাবে যতনাই থোৱা ঠাইলৈ বিশ্ৰামৰ বাবে আগ বঢ়াই নিলে। বাকী ৰাইজো ঘৰাঘৰি গ’লগৈ। ৰাতিলৈ মহাৰাজৰ বাসস্থানত মহামন্ত্ৰী বৃকোদৰ, সেনাপতি…

সমাজৰ দৃষ্টিভংগী আৰু মানসিক অসুস্থতা

পাৰভীন চুলতানা মহামাৰি বুলিলে এতিয়া ক’ৰ’না মহামাৰিৰ ভয়াৱহতা সকলোৰে চকুৰ আগত ভাহি উঠে; কিন্তু তাতোকৈ ভয়াৱহ মহামাৰি আমাৰ অলক্ষিতে থাকি গৈছিল আৰু সেয়া হৈছে মানসিক অসুস্থতাৰ মহামাৰি। যি ক’ৰ’না মহামাৰিতকৈ ভয়াৱহ।  সৌ সিদিনা বলিউডৰ জনপ্ৰিয় নায়ক তথা শিক্ষাৰ ক্ষেত্ৰত তীব্ৰ…

অব্যাহৃত

গুৰু দুজনাৰ সৃষ্টিসমূহ আৰু পাঠসমীক্ষা ৰঞ্জুমণি মহন্ত এই লেখিকাৰ দহ কি এঘাৰ বছৰমান বয়সৰ কথা৷ গোসাঁইঘৰৰ থাপনাত থকা ‘কীৰ্ত্তনঘোষা আৰু নামঘোষা’-খন উৱলি যোৱা বাবে দেউতাই এখন নতুন ‘কীৰ্ত্তনঘোষা আৰু নামঘোষা’ কিনি আনিছিল৷ সেইদিনা সন্ধিয়ালৈ গোসাঁইঘৰত নতুনকৈ কিনি অনা পুথিখনৰ পৰা…

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত সমন্বয় পুথিভঁৰালৰ জন্ম কাহিনী

আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা) ‘সমন্বয়’ পুথিভঁৰালৰ চৰিত্ৰগত দিশ কেনে হ’ব সেই সম্পৰ্কে আমি, বিশেষভাৱে ভূমিধৰ আৰু মই, আৰম্ভণিৰে পৰা সচেষ্ট আছিলোঁ। সেইবাবে আমি এখন গোহাৰিপত্ৰ উলিয়াই তাত স্পষ্টভাৱে উল্লেখ কৰিলোঁ যে সমন্বয় পুথিভঁৰাল হ’ব ৰাজহুৱা পুথিভঁৰাল। ইয়াত গণতান্ত্ৰিক…