বানানৰ পদ্য
প্ৰদীপ পাটগিৰি শোটাৰে সাৰি থাকোঁতে ঘৰৰ চোতাল মইনাৰ নাকেৰে বৈ গ’ল শেঙুনৰ সোঁতা, মিতাৰ লগত কাজিয়া নকৰিবি সমস্যাবোৰ আলোচনাৰে মিটা। প্ৰচণ্ড ৰ’দৰ বাবে ৰদ কৰা হ’ল মাৰাথন দৌৰ প্ৰতিযোগিতা, হুতা সঠিক নহ’লে ভাত নিসিজে চৰুৰ চাউল হৈ ৰয় হুঁটা ।…
প্ৰদীপ পাটগিৰি শোটাৰে সাৰি থাকোঁতে ঘৰৰ চোতাল মইনাৰ নাকেৰে বৈ গ’ল শেঙুনৰ সোঁতা, মিতাৰ লগত কাজিয়া নকৰিবি সমস্যাবোৰ আলোচনাৰে মিটা। প্ৰচণ্ড ৰ’দৰ বাবে ৰদ কৰা হ’ল মাৰাথন দৌৰ প্ৰতিযোগিতা, হুতা সঠিক নহ’লে ভাত নিসিজে চৰুৰ চাউল হৈ ৰয় হুঁটা ।…
ড° ৰক্তিম ৰঞ্জন শইকীয়া সাম্প্ৰতিক সময়ত অসমৰ গণমাধ্যমসমূহত সকলোৰে অলক্ষিতে দেখা পোৱা এটা সূক্ষ্ম অথচ সুদূৰপ্ৰসাৰী গুৰুত্ব থকা পৰিৱৰ্তন হ’ল ‘অসমীয়া’ শব্দটোক ধীৰে ধীৰে ‘খিলঞ্জীয়া’ আৰু ‘থলগিৰি’ শব্দই প্ৰতিষ্ঠাপন কৰি অনাটো৷ ইয়াৰ পোনপটীয়া অৰ্থ এইটোৱেই ‘অসমীয়া’ শব্দই আজিৰ অসম নামৰ…
আবেদুৰ ৰহমান (বিশ্ব গ্ৰন্থাগাৰিক দিৱস উপলক্ষে বিশেষ লেখা) প্ৰস্তাৱনা: সাম্প্ৰতিক সময়ছোৱাত মানৱ সমাজক নানানটা প্ৰত্যাহ্বান, উদ্বেগৰ খবৰে বিচলিত কৰি ৰখাৰ সমান্তৰালভাৱে অন্য এটা বিষয়ে বিশ্বৰ সুধী সমাজক চিন্তিত কৰি তুলিছে। আধুনিক বিশ্বত ছপা গ্ৰন্থৰ ভৱিষ্যৎ কি? আমাৰ পৰৱৰ্তী প্রজন্মই ছপা…
ফাৰহান জাৱেদ ঘনঘোৰ আন্ধাৰত লুকাই থকা সভ্যতাক কোনে পোহৰৰ বাট দেখুৱায়? পোহৰ নৈকত্যপিয়াসী সাধাৰণ নাগৰিকৰ বাবে কোনে যুঁজ দিয়ে? নিশ্চয়কৈ এজন শিল্পীৰ কথাই আমি কল্পনা কৰিম (তেওঁ এজন কবি-লেখক, সংগীত-নৃত্য, অভিনয়, চিত্ৰ-ভাস্কৰ্য বা অন্য যিকোনো পৰিৱেশ্য শিল্পী হ’ব পাৰে)। এজন…
ডা° ধ্ৰুৱজ্যোতি বৰা এই মুহূৰ্তত যদি অসমত কিবা বিষয়ৰ সম্পৰ্কে আটাইতকৈ বেছি ‘কন্ফিউজন’ আহে, তেনেহ’লে সি হ’ল অসমীয়াৰ সংজ্ঞা সম্পৰ্কে। এই বিষয়ে মোৰ লগত বোধকৰোঁ কোনো দ্বিমত নহ’ব। কোনেও অসমীয়াৰ এটা সৰ্বজনগ্রাহ্য সংজ্ঞা দিব পৰা নাই। কিন্তু চিন্তাৰ কথা এইটোহে…
ড˚ নিতালী বৰগোহাঁই প্ৰথমতে লিখোঁ চাহৰ কথা৷ চাহ হ’ল পূব এছিয়াত পোৱা Camelia Synensis নামৰ এবিধ গছৰ পাত খুন্দি শুকান কৰি পানীত সিজাই প্ৰস্তুত কৰা এবিধ সুগন্ধি পানীয়। পৃথিৱীৰ সকলো দেশৰ মানুহৰ মাজত এইবিধ পানীয় আন পানীয়তকৈ জনপ্ৰিয়। ইয়াত Caffeine থকাৰ…
ড˚ নলীন বৰঠাকুৰ এটা জাতি আৰু জাতিটোৱে জন্ম দিয়া শিক্ষা-ব্যৱস্থাৰ মাজত এৰাব নোৱৰা সম্পৰ্ক থাকে। জাতিটোৰ চিন্তা-ভাবনা আৰু ইতিহাস ইয়াৰ ভাষাৰ দ্বাৰা প্ৰকাশ কৰা হয়। এই ইতিহাসৰ মাজত থাকে জাতি বা জনগোষ্ঠীটোৰ গীত-মাত, সাধু কথা, ফকৰা-যোজনাৰ দৰে বৈশিষ্ট্যমূলক সাংস্কৃতিক উপাদানসমূহ।…
সমস্যাজৰ্জৰ অসম ৰঞ্জুমণি মহন্ত এমুঠিমান দেশ বাদ দি সমগ্ৰ পৃথিৱী আজি ক’ৰনাত আক্ৰান্ত৷ সৰ্বত্ৰতে মৃত্যুৰ বিভীষিকা৷ আমেৰিকা, ইটালি, স্পেইন আদিৰ দৰে দেশো ক’ৰনাত বিধ্বস্তপ্ৰায়৷ আজিৰ তাৰিখত ভাৰতবৰ্ষই ক’ৰনাক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিলে৷ মৃতকৰ সংখ্যাই এই মুহূৰ্তত প্ৰায় ৯,১৯৫ চুলেগৈ৷ এহাতে…
ৰাজশ্রী ধনদিয়া গা-ভাৰী দেহাৰে ঘৰখনৰ ইটো-সিটো বন কৰি থকাৰ মাজতে ৰজনীয়ে খবৰবোৰ পাই থাকে। আজি–কালি খবৰ পাবলৈ ৰ’ব লাগেনে কিবা? কথা বুলিলেইচোন বতাহ। তাতে এই হেন জ্বলন্ত অগ্নিপিণ্ডৰ ফিৰিঙতি, আঙঠাই জকাইচুকীয়া গাঁৱকো চুবলৈ এৰা নাই, তেনে স্থলত চহৰৰ পৰা সামান্য নিলগত থকা পাহাৰৰ…
ড˚ বসন্তকুমাৰ গোস্বামী মূল: ফাৰ্ডিনাণ্ড দ্য চচ্যুৰ অনু: ড˚ পোনা মহন্ত প্ৰকাশক: বান্ধৱ, গুৱাহাটী মূল্য: ২০০.০০ চুইছ ভাষা বিজ্ঞানী Ferdinand De Saussure (১৮৫৭-১৯১৩)–এ নব্য বৈয়াকৰণ (Neo-grammarians) গোষ্ঠীৰ পৰা ভাষাবিজ্ঞানৰ অধ্যয়ন কৰিছিল। নব্য বৈয়াকৰণ গোষ্ঠী বৈজ্ঞানিক দৃষ্টি ভংগীৰ অধিকাৰী হ’লেও সেয়া তুলনামূলক আৰু…