sdblogs2011

sdblogs2011

স্বাধীনতা

 লক্ষী প্ৰসাদ ৰেগন   দুচকুৰ স্বাধীনতা দৃষ্টি থকালৈকে   দুহাতৰ স্বাধীনতা দুবাহুত বল থকালৈকে   মনৰ স্বাধীনতা সাহস থকালৈকে   স্বাধীনতাকো স্বাধীনতা লাগে। আকাশত চাং পাতিবলৈ পৰৰ মুখত ছাই সানিবলৈ বুৰ যোৱা বেলিটোক পুনৰুদ্ধাৰ কৰিবলৈ

বাৰ্মুদা ত্ৰিভূজ

নীলাক্ষি গোস্বামী যি কথাত কঠিন শিলো শিঁহৰিত হ’ব পাৰে এয়া সাধু নে সাঁথৰ নে এটি দুৰ্বোধ্য কবিতা হয়তো ৰহস্যময়তাত লুকাই থকা সৃষ্টিৰ কৌশল নতুবা ক’ব পাৰি প্ৰকৃতিয়ে হিয়া উজাৰি ঢালি দিয়া অন্তহীন বিস্ময়   কত সপোন আধাফুলাকৈয়ে সৰিছে ঠিক এইখিনিতেই…

মুখৰোচক খবৰবোৰ

  পূবালী বৰুৱা শৰ্মা   অঘৰী বতাহজাকে লৰি- ঢাপৰি আহি ঠায়ে ঠায়ে ঘূৰ্ণিৰ ৰূপ লৈছে৷   ইতিমধ্যে ধোঁৱাচাঙত উঠা বিয়নী-মেলৰ ফুচফুচনিবোৰ বিভিন্ন ‘চেনেলে’ সিৰ ফুলাই পৰিৱেশন কৰিছে ।   অৰ্ধনগ্ন ‘ৰীল’বোৰ ‘ছাবস্ক্ৰাইবাৰে’ৰে ভৰি পৰাত সমৃদ্ধ হৈ উঠিছে দেশ ।  …

সাঙী

 প্ৰাঞ্জল কুমাৰ লাহন   সাঙীত মোৰ শৱ কঢ়িয়াই লৈ গৈ থকা দেখিছোঁ   সাঙীত মোৰ শৱ কঢ়িয়াই নিয়া চাৰিজন মোৰেই সহোদৰ কাম-ক্ৰোধ-লোভ-মোহ   ক’ৰবাত জীয়াই থকা দিনবোৰত সিহঁতেই আগুৰি আছিল ছাঁৰ দৰে বিদায় বেলাত মোক এৰোঁ বুলিয়েই কেনেকৈনো লগ এৰে৷…

দ্ৰোণ শৰ্মাৰ সপোন

 অমৃত গোস্বামী আনবোৰ চাহ বাগিচাৰ দৰেই ‘বৰখঙীয়া’ চাহবাগিচাৰো শ্ৰমিকসকলৰ দৰমহা সাপ্তাহিক হিচাপত হয়– প্ৰতি শনিবাৰে৷   চাহ বাগিচাৰ কাম-কাজবিলাক কম্পিউটাৰাইজ্‌ড্ হোৱাৰ পৰা অৱশ্যে কেৰাণী-মহৰীসকলৰ কাম-কাজৰ বোজা বহুখিনি কমি আহিল৷ লগে লগে তেখেতসকলে চাকৰি ৰক্ষাৰ খাতিৰতে কম্পিউটাৰ শিকিবলৈ বাধ্য হ’ল৷ বৰখঙীয়া চাহ…

ৰাবাৰ ষ্টাম্প

ৰিপুঞ্জয় বৰুৱা ঋমন   বাঢ়ি অহা বেমাৰী পেট এটাক লৈ মানুহবোৰ দুখী আৰু আশাবাদী ! আশা পালি থাকোঁতেই হুজুৰে কৰিছে দেশৰ ঠিকাদাৰী   পাঁচোটা বছৰে গণতন্ত্ৰৰ ৰক্তপান কৰি বাঢ়ি অহা পেট এটাক মোহাৰি মোহাৰি ।   কালবেলা হুজুৰ আহে আমাক…

আকৌ এবাৰ আৰম্ভ কৰিব পাৰি নেকি

 হিল্লোলজ্যোতি সিংহ বৈ থকা সুঁতিটো হঠাতে হেৰাই গ’ল বালিৰ বুকুত।   বহু দূৰ বাটকুৰি বাই উলটি দেখোঁ অস্পষ্ট, ধূসৰ এখন সাংখ্যিক ছবি যান্ত্ৰিক মাধ্যমেৰে অঁকা শূন্য আৰু এক, এক আৰু শূন্যৰ গাণিতিক ভাষা দ্বিচৰ অংকৰ জালত জীৱন জটিল   সংখ্যাৰেখাৰ…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৩   আজি কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছে৷ কোনোফালে ওলাই যাব নোৱাৰা অৱস্থা৷ অহৰহ পানী পৰি থকা বাবে ঠাইবোৰ পিছলো হৈ গৈছে৷ কিমানদিন যে হ’ল সূৰ্যৰ মুখ দেখাই নাই৷ কেতিয়াবা অকণ বৰষুণ কমিলেও কিছু সময়ৰ পাছতে পুনৰ…

অসমীয়া-গোৰ্খা সমাজৰ প্ৰবাদপুৰুষ ছবিলাল উপাধ্যায় : আদৰ্শধ্যায়ী ব্যক্তিত্ব

 (১৪০ সংখ্যক জন্মবাৰ্ষিকীৰ সোঁৱৰণ) বাব্‌লু প্ৰসাদ বৰুৱা   অৱতৰণিকা :   প্রায় পাঁচ হাজাৰ বছৰীয়া আলোকমণ্ডিত সভ্যতাৰ কেন্দ্ৰস্থল ভাৰতবৰ্ষ হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ দেশ৷ বৈচিত্ৰ্য মানে ভাষা, ধৰ্ম, জাতি, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু পৰম্পৰাগত ইত্যাদি দিশৰ বিবিধতাপূৰ্ণ সংশ্লেষণ৷ অসম ভাৰতৰ এক…

অচিন জগতত বাটলু

  স্মৃতিৰেখা দেৱী ছবিতে দেখা পাই আৰু কথা পাতি মহাৰাজকে ধৰি আন আন সেউজপুৰীয়াকেইজনৰ এনে লাগিল যেন তেওঁলোকে সঁচাকৈয়েই বাটলুক লগ পালে৷ তেওঁলোকে বাটলুৰ সকলো খবৰেই পালে, কেৱল চুই চাবহে নোৱাৰিলে৷ সেউজপুৰীয়াকেইজনে জোনবাইৰ নিচিনা যন্ত্ৰটোৰ শলাগ ল’লে৷ বাঘসেনা আৰু ঘোং…