মিনিৰ গল্প
স্মৃতিৰেখা দেৱী ‘মিনি হেৰাল৷’ ঘৰৰ দুৱাৰ মুখতে স্কুলৰ পৰা আহি পোৱা ককায়েক অনুক মনুুৱে দুখমনেৰে ক’লে৷ কথাষাৰ শুনি অনুুৱে মনুৰ মুখলৈ চালে যদিও একো নকৈ সি কাপোৰ সলাবলৈ বুলি নিজৰ কোঠাত সোমালগৈ৷ অনুৱে আচলতে কি ক’ব ভাবিয়েই নাপালে৷ ঘৰলৈ মিনি…
স্মৃতিৰেখা দেৱী ‘মিনি হেৰাল৷’ ঘৰৰ দুৱাৰ মুখতে স্কুলৰ পৰা আহি পোৱা ককায়েক অনুক মনুুৱে দুখমনেৰে ক’লে৷ কথাষাৰ শুনি অনুুৱে মনুৰ মুখলৈ চালে যদিও একো নকৈ সি কাপোৰ সলাবলৈ বুলি নিজৰ কোঠাত সোমালগৈ৷ অনুৱে আচলতে কি ক’ব ভাবিয়েই নাপালে৷ ঘৰলৈ মিনি…
স্মৃতিৰেখা দেৱী আজি মহাৰাজ কেশৰীকে ধৰি সকলো প্ৰাণীৰে অতিকে মৰমৰ সেউজপুৰখন চালে চকুৰোৱাকৈ সজাই-পৰাই তোলা হৈছে৷ যিফালেই চকু যায় সেইফালেই কেৱল ৰং, আনন্দ আৰু উলাহ; অকল ফুল আৰু ফুলৰ সাজোন-কাচোন৷ ৰাজ্যখনৰ প্ৰতিজন প্ৰাণীয়েই হাতে হাতে ফুল-পাত আৰু যি যেনেকৈ…
স্মৃতিৰেখা দেৱী পোন্ধৰ দিনমানেই হ’ল, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷ আৱেগক বৰকৈ প্ৰশ্ৰয় দিব নোখোজা গ্ৰীনাৰ জ্ঞানী তথা মৰমিয়াল প্ৰাণীকেইজনেও সেইদিনা চকুপানী টুকিছিল৷ সেই দিনটোলৈ মনত পৰিলে মহামন্ত্ৰী বৃকোদৰৰ বুকুখন…
স্মৃতিৰেখা দেৱী চাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ দৰেই, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে সেউজপুৰখনক যেন কিছু সলনি…
স্মৃতিৰেখা দেৱী সেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব কম সময়তে ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ ঢকুৱাৰ দৰে তাতকৈও ডাঙৰ ডাঙৰ বস্তু কিছুমানৰ সহায়ত অচিন গ্ৰহৰ অতিথিকেইজনে মানুহ থকা ঘৰৰ নিচিনা ঘৰ কিছুমান সাজি উলিয়ালে৷ সেই ঘৰবোৰৰ ভিতৰলৈ…
স্মৃতিৰেখা দেৱী ‘হয়, হয়৷ আমি যিমান পাৰি সোনকালেই কামত আগ বঢ়া উচিত হ’ব৷ বাটলু ডাঙৰীয়াকো আমি ইয়াতে বহুদিন ৰাখি থ’ব নোৱাৰোঁ৷ ইতিমধ্যে আমি তেখেতক সোনকালে ঘূৰাই পঠাম বুলি মহাৰাজ কেশৰীকো কথা দিছোঁ৷ অতি সোনকালেই আমাৰ এদল নভোচৰ সেউজপুৰলৈ যাব…
স্মৃতিৰেখা দেৱী তথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে – ‘আপোনালোক সকলোকে প্ৰণাম জনাইছোঁ৷ মই বৰ বেছি কথা নাজানো৷ আমাৰ পৃথিৱীত আপোনালোকৰ দৰে এবিধ প্ৰাণী আছে যিসকলক মানুহ বুলি কয়,…
স্মৃতিৰেখা দেৱী ছবিতে দেখা পাই আৰু কথা পাতি মহাৰাজকে ধৰি আন আন সেউজপুৰীয়াকেইজনৰ এনে লাগিল যেন তেওঁলোকে সঁচাকৈয়েই বাটলুক লগ পালে৷ তেওঁলোকে বাটলুৰ সকলো খবৰেই পালে, কেৱল চুই চাবহে নোৱাৰিলে৷ সেউজপুৰীয়াকেইজনে জোনবাইৰ নিচিনা যন্ত্ৰটোৰ শলাগ ল’লে৷ বাঘসেনা আৰু ঘোং…
স্মৃতিৰেখা দেৱী কোনোমতে নিজকে সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন– সেউজপুৰীয়াসকল মোৰ কাৰণে কি এওঁলোকেও বুজি পাইছে! ভাবিলে বাটলুৱে৷ ইপ্পিয়ে ইচ্চা কৰিয়েই কথা কোৱাত পলম কৰি বাটলুৰ উচপিচনিখিনি মৰম লগাকৈ চাই ৰ’ল৷ কিছু…
স্মৃতিৰেখা দেৱী কথামতেই কাম৷ পাছদিনা পুৱাবেলাতে কেইবাজনো মুখ্য সভাসদক লৈ মহাৰাজ কেশৰী গৈ জুৰণিপাৰৰ কাঠনিখন পালেগৈ৷ ইতিপূৰ্বেই ছটছটীৰপৰা আগতীয়াকৈ খবৰ পাই বৃদ্ধ বাদুলিহাল মহাৰাজ কেশৰীক অভিবাদন জনাবলৈ সাজু হৈ আছিল৷ ‘প্ৰণাম, মহাৰাজ৷’ – দিনৰ ভাগত চকুৰে প্ৰায় একোকে নেদেখা…