Anyayug Contributor সঞ্জীৱ সভাপণ্ডিত

সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে

 সঞ্জীৱ সভাপণ্ডিত   টিউলিপ ফুল ফুলাৰ বতৰত কাশ্মীৰত হেনো ডাক্তৰৰ ওচৰলৈ যোৱা ৰোগী–বিশেষকৈ মনস্তাত্ত্বিক ৰোগৰ ৰোগীৰ, যেনে, depression, হতাশা, অৱসাদ, অজীৰ্ণ, ব্লাড প্ৰেছাৰ, emotional disorder আদি ৰোগীৰ সংখ্যা কমি আহে৷ আমাৰ এই বসন্ত কালেই হ’ল এই ফুল ফুলাৰ বতৰ৷ শীতকালিৰ…

ব্যাপ্তি আনন্দৰ–ব্যাপ্তি অনুভৱৰ

 সঞ্জীৱ সভাপণ্ডিত   ট্ৰেভৰ নোৱা (Trevor Noah) নামৰ এজন মঞ্চ কৌতুক শিল্পী (stand up comedian)  আছে৷ তেওঁৰ দেউতাক ছুইজাৰলেণ্ডৰ, মাক আফ্ৰিকাৰ, পঢ়িলে ইংলণ্ডত, থাকে আমেৰিকাত আৰু প্ৰগ্ৰেমটো কৰিছে জাৰ্মানীত৷ কথাৰ লাচতে তেওঁ কৈ দিলে যে আমেৰিকাৰ বৰ্তমান সময়ৰ কোনো এজন ৰাষ্ট্ৰপতিয়ে এটাও…

ভৱিষ্যতৰ পৰা বৰ্তমানলৈ এজাক সৰল পথৰ সন্ধানত

 সঞ্জীৱ সভাপণ্ডিত   বৌদ্ধ ধৰ্মত বৌদ্ধ ভিক্ষুসকলে সদায় ভিক্ষা কৰিয়েই নিজৰ ক্ষুধা নিবাৰণ কৰে৷ মই সদায় ভাবোঁ ভিক্ষা কৰিলেইতো নহ’ব–ভিক্ষা দিবলৈওতো মানুহ থাকিব লাগিব বা মন থাকিব লাগিব- অৰ্থাৎ ধনী নহ’লেও অৱস্থাপন্ন মানুহ সমাজত থাকিবই লাগিব–অৰ্থাৎ সমাজত সদায় এচাম মানুহে…

সৌৰভ কুমাৰ চলিহা আৰু ইংগিতময়তা

 সঞ্জীৱ সভাপণ্ডিত  এয়া৷ মোৰ নামটো ঘোষকে ক’লে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হ’লোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷ মানুহ নিৰ্ধাৰিত হৈ আছে৷ সকলো ঠিক ঠাক৷ এতিয়া ঘটনাটো ঘটি গ’লেই হ’ল৷ মই সৌৰভ কুমাৰ চলিহাৰ লিখনিত ইংগিতময়তাৰ…

যি চিনেমা মোৰ নিৰ্মাণ কৰা নহ’ল

 সঞ্জীৱ সভাপণ্ডিত   কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে চলচ্ছিত্ৰ নিৰ্মাণ কৰে বুলি বুজা যায়। কাৰণ হাজাৰ হ’লেও চিনেমা এটা ব্যৱসায়। চিনেমা নিৰ্মাণত বহুত টকা ব্যয় হয়।…

অসম আন্দোলন, ইয়াৰ গতি-প্ৰকৃতি, অসমৰ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ আৰু তৎকালীন ছাত্ৰ সংগঠনৰ ভূমিকা

সঞ্জীৱ সভাপণ্ডিত অসম আন্দোলন মানে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত অসমত হোৱা জনজাগৰণ তথা আন্দোলনক বুজোৱা হয়৷ সদৌ অসম গণ সংগ্ৰাম পৰিষদত সদৌ অসম…

ভ্ৰমৰংগ

 সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ মোৰ এই পৰৱৰ্তী শব্দ শৃংখলৰ পৰা উদ্ভূত হ’বলগীয়া শিৰোনামটো ‘মায়া’ বা ‘দিবা স্বপ্ন’ বা ‘পাগলামি’ আদি যিকোনো হ’ব পাৰিলেহেঁতেন যদিও…

বিদ্যায়তনিক অথবা–

 সঞ্জীৱ সভাপণ্ডিত নাজিৰাৰ অৱনী বৰঠাকুৰ, সমগ্ৰ অসমৰ বাঁওপন্থী চিন্তাধাৰাৰ লগত জড়িত সকলোৰে বাবে এটা পৰিচিত নাম৷ এটা শনিবাৰে (২০–০৮–২০২২) তেখেতক লগ ধৰিবলৈ গৈছিলোঁ বৈদ্য বৰপূজাৰী নামৰ এজন মানুহৰ বিষয়ে কথা পাতিবলৈ৷ সুগঢ়ী–দীপ্তচকুৰ–সুদৃঢ় মনৰ– মেদবিহীন দেহৰ মানুহজন বৰ্তমান সামান্য দুৰ্বল হৈছে–…

পানীৰ তলৰ কাঁইট

 সঞ্জীৱ সভাপণ্ডিত   আজিকালি সৰ্বত্ৰ, পৃথিৱী নামৰ গ্ৰহটো ৰক্ষা কৰাৰ কথা কোৱা হৈছে৷ এফালে যাদৱ পায়েঙে গছ ৰোৱাৰ কথা কৈছে, এফালে ধৰণীধৰ বড়োৱে গছ কটা বা জীৱ–জন্তু নিধন কৰাৰ বিপক্ষে কাম কৰি আছে, এফালে সৌম্যদ্বীপ দত্তই প্ৰকৃতিৰ ওচৰলৈ মানুহ যোৱাৰ…

হিতে বিপৰীত

 সঞ্জীৱ সভাপণ্ডিত এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন (৫/৬/২০২২) গুৱাহাটীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত অনুস্থিত এটা অনুষ্ঠানলৈ যাবলগীয়াত পৰিছিলোঁ৷ স্কুলীয়া ল’ৰা–ছোৱালীৰ লগত কিছু সময় কটাব পাৰিম বুলি মনটো ভাল লাগি আছিল৷ ওচৰতে এটা জলপ্ৰপাত আছে৷ এখন বিয়াগোম হাবি…