Anyayug Contributor সঞ্জীৱ সভাপণ্ডিত

নায়ক-চিন্তানায়কৰ লেখ-আলেখলেখ

সঞ্জীৱ সভাপণ্ডিত ‘জাংফাই জোনাক’ চিনেমাখনত মই প্ৰথমতেই এখন মঞ্চত উষা–চিত্ৰলেখাৰ এটা ৰূপকাত্মক মৌন দৃশ্যৰ অৱতাৰণা কৰিছিলোঁ৷ সংমিশ্ৰিত জাতি–জনজাতিৰ মানুহৰ এটা অঞ্চলত সন্ধিয়া সকলোবোৰ মানুহ মাটিত বহি এক আচৰিত ধৰণৰ অভিনয় উপভোগ কৰিছিল৷ গাঁৱৰ মানুহে নাটকত সংলাপ বিচাৰে বুলি থকা সাধাৰণ ধাৰণাটোৰ…

অচিনাকী নিৰ্জনতাৰ পৰা চিনাকী নীৰৱতালৈ কবি নীলমণিৰ অন্বেষণত

 সঞ্জীৱ সভাপণ্ডিত মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম আছিল– জাংফাই জোনাক৷ ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ – From the Shadow of Silence৷ জাংফাই মণিৰ বৰণ খঙাল৷ জোনাকৰ স্পৰ্শ হ’ল স্নিগ্ধ–শীতল–কোমল৷ এটা সৰু ১০/১২ বছৰীয়া ল’ৰাৰ এবাৰ আই ওলাইছিল৷ চুলিবোৰ খহুৰ আঠাৰে লিপিট…

কৌতুকৰ ৰহঘৰাত এভুমুকি

 সঞ্জীৱ  সভাপণ্ডিত          হাইস্কুলত পঢ়ি থকা সময়ত কৃপাবৰ বৰবৰুৱাৰ উইলখন পঢ়িছিলোঁ৷ বৰ হাঁহি উঠিছিল৷ চেঙেলী মাছ–গৰৈ মাছ আদি যে আমালৈ থৈ গৈছে ভাবি কৃপাবৰৰূপী ৰসৰাজ বেজবৰুৱাৰ কথালৈ কটাক্ষ কৰিছিলোঁ– থৈ যাবলৈ আৰু বস্তু পোৱা নাই! ধন-সোণ-মণি-মুকুতা দি যাব নোৱাৰিলে; এইবোৰ…

অবাৰিত শৃংখল-দাসত্বৰ

 সঞ্জীৱ সভাপণ্ডিত ডেকা-গাভৰু বয়সত দেহা উজান–ভাটী কৰাৰ নিচিনাকৈ প্ৰৌঢ় বা বৃদ্ধ বয়সত মানুহৰ মনেও অতীত–ভৱিষ্যতৰ মাজত উজান–ভাটী কৰি থাকে৷ ডেকা-গাভৰু বয়সত যৌৱনৰ জোৱাৰত মন-কাগজৰ নাওখন উজান–ভাটী কৰে সংগমৰ তাড়নাত বা মিলনৰ আকাংক্ষাত৷ তেতিয়া কামনাৰ বাসনাত মন দহে, দেহা জ্বলে৷ তেতিয়া অনেক কথাই তুচ্ছ হৈ পৰে৷ পৰিয়াল–সমাজ-বয়সৰ সকলো বান্ধোন ছিঙি পেলাবলৈ…

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিত মানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল অসমৰহে আছে আৰু পৃথিৱীত ক’তো কাৰো আমাৰ সমান সমস্যা নাই৷ শুনি শুনি এনেকুৱা হ’লগৈ যে অসমীয়াবিলাকে এটা…

কৃষকৰ আত্মহত্যাৰ কথাৰে

সঞ্জীৱ সভাপণ্ডিত                                                                              সৰুতে আমি পথাৰত কাম কৰা মানুহবিলাককে যে কৃষক বুলি কয় সেইটো জনা নাছিলোঁ বা বুজাও নাছিলোঁ৷ আমিও পথাৰলৈ গৈছিলোঁ–ধান দাইছিলোঁ, নৰা কাটিছিলোঁ, আনিছিলোঁ, ৰোৱনী–দাৱনীলৈ জলপান নিছিলোঁ৷ পথাৰত ধান খেতি কৰা মানুহবিলাকক…

মানুহৰ মনৰ গঢ়

 সঞ্জীৱ সভাপণ্ডিত আমাৰ ইতিহাসে আমাক যিকণ কয়, তাৰ পৰা আমি জানিব পাৰোঁ যে, আহোমসকল এবাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল– আহিলেই আৰু, ঘূৰি যোৱাৰ নাম নল’লে৷ তেওঁলোকে চীন দেশত থকা বা উত্তৰ মানদেশ বা উত্তৰ থাইলেণ্ডত থকা পুৰণা পিতৃভূমি বা মাতৃভূমিৰ…

অসমীয়া মানুহৰ আত্মপৰিচালনা

সঞ্জীৱ  সভাপণ্ডিত         ১৯৮৬ চনত মই শিৱসাগৰৰ পৰা নাজিৰা হৈ বিহুবৰৰ নগাপাহাৰৰ পাদদেশৰ এখন ঠাইলৈ গৈছিলোঁ৷ তাতে ‘আদিত্য নাছিংহোম’, ‘অসম আদিত্য’ নামৰ বাতৰি কাকতৰ জন্মদাতা ডাঃ নিৰ্মল চাহেৱালা, তেওঁৰ ককায়েক–ভায়েক অধিবক্তা মুৰুলী চাহেৱালা, গজানন চাহেৱালা আদিৰ ঘৰ৷ মোৰ যোৱাৰ উদ্দেশ্য…

অসমীয়া মেধা— অপসৃয়মান নে অস্তিত্বহীন?

       সঞ্জীৱ সভাপণ্ডিত                         নিমাতী ঘাটত দুখন ফেৰীৰ মাজত খুন্দা লাগিল৷ এখন কাতি হৈ পানীত সোমাই গ’ল৷ প্ৰথমতে বহুত মানুহৰ মৃত্যু হৈছে বুলি আশংকা কৰা হৈছিল যদিও মূৰকত দেখা গ’ল যে মাত্ৰ ৩…

পশুপালকৰ উপাখ্যান

 সঞ্জীৱ সভাপণ্ডিত শ্ৰীকৃষ্ণ বোলে নন্দ-যশোদাৰ ঘৰত গৰখীয়া আছিল৷ ঘৰৰে ল’ৰা; গতিকে গৰু চৰোৱাটো এটা দায়িত্ব৷ সন্তান আচলতে বসুদেৱ–দৈৱকীৰ৷ কিন্তু গুৱালৰ ঘৰত লালিত–পালিত৷ গুৱালৰ ঘৰত গৰুৰ আপদাল কৰাটো এটা নিত্য–নৈমিত্তিক কামেই৷ বাকীবোৰ কথা আমি জানোৱেই৷ সমনীয়াৰ লগত কৰা দুষ্টামিবিলাক বা শ্ৰীকৃষ্ণৰ…