বিহংগম দৃষ্টিৰে এল্ডাছ্ হাক্সলিৰ উপন্যাস
মৌচুম বৰুৱা আধুনিক ইংৰাজী উপন্যাস সাহিত্যক এক নতুন গতিছন্দ প্রদান কৰাৰ ক্ষেত্ৰত আৰ্নল্ড বেনেট, ডি. এইচ. লৰেঞ্চ, জোছেফ কনৰাড, জেমছ জয়চ্, ভাৰ্জিনিয়া উল্ফ, জৰ্জ অৰৱেল আদিৰ লগতে উল্লেখ কৰিবলগীয়া আন এগৰাকী ঔপন্যাসিক হৈছি এল্ডাছ্ হাক্সলি। ইংলেণ্ডৰ ছাৰে জিলাত ১৮৯৪ চনত জন্মগ্ৰহণ কৰা হাক্সলি পাছলৈ আমেৰিকাত বসবাস কৰিবলৈ লয়…