Anyayug Contributor প্ৰয়াগ শইকীয়া

ঊষা

 প্ৰয়াগ শইকীয়া   শেষ হল ৰাত্ৰি ঊষা হৈ আহিল উমা ছেত্ৰী আমাৰ ক্ৰিকেটে পালে ছন্দ ভূমিজ তনয়াৰ বিজয়েৰে আলোকিত হিয়াৰ ভূখণ্ড এই অনন্য আনন্দ যাত্ৰাৰ আমিও যেন আজি সহযাত্ৰী অভিনন্দন উমা ছেত্ৰী !

অনুভৱ

 প্ৰয়াগ শইকীয়া (কবি অনুভৱ তুলসীৰ পৱিত্ৰ স্মৃতিত) তুলসী তলত অকস্মাতে দেখোঁ এগছি চাকি আষাৰতে আজি কাতি অবৰ্ণনীয় শব্দৰ কঙালী  দূৰৰ বহুদূৰৰ আকাশত  যেন অদৃশ্য আপোনজনে জ্বলাইছে আকাশবন্তি   

জোনাকী বাট

প্ৰয়াগ শইকীয়া   আন্ধাৰত কবিতাৰ খোজ জোনাকী পৰুৱাই পোহৰায় বাট   জোনাকী প্ৰেমৰ দেৱদূতৰ আশীৰ্ৱাদ   কবিতাই কস্তুৰী মৃগৰ দৰে বিচাৰে নিজৰ সুগন্ধি   দেৱদূতে কিউপিডৰ দৰে ফুলৰ শৰপাট মাৰে কবিতা ৰৈ যায় ছাইকীৰ দৰে

ভৱপ্ৰজ্ঞা

প্ৰয়াগ শইকীয়া Cadaver is a teacher প্ৰণাম তেওঁলোকক যি মৃত্যুৰ পাছতো পায় গুৰুৰ স্থান সদা উজ্জ্বল প্ৰভাময় প্ৰজ্ঞাৰ আধাৰ প্ৰাণহীন শৰীৰৰো যাৰ নহয় অসাৰ মাটি জুই নীৰৱতাৰ মিনাৰ নহয় শেষ আস্থান শেষ আস্থান য’ত শুকুলাবেশী বিদ্যাৰ্থী আৰু বিদ্বান ভৱসাগৰৰ নাৱৰীয়া…

কবিলৈ কবিৰ চিঠি

 প্ৰয়াগ শইকীয়া উৰণীয়া মনে দিলে এটা পাখি ক’লে কলম কৰি কিবা এটা লিখিবা সখী পাখিটি চুই দিওঁতেই এজুপি বিৰিখ হ’ল আৰু অনুভৱ দিলে মই যে ভূমি একাঁজলি ৰ’দত উদ্ভাসিত জীৱন বন্দনাৰে সুপ্ৰভাত সখী কুশলে থাকিবা সদায় পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা…

সৃষ্টিৰ আৰ্ট

 প্ৰয়াগ শইকীয়া  হাৰ্ট প্ৰেমৰ পৃথিৱীত সৃষ্টিৰ সৰ্বোত্তম আৰ্ট সকলোৱে কয় হেড অভাৰ হাৰ্ট ইজিপ্টীয় মামীত সম্পূৰ্ণ ওলোটা সংলাপ মামীৰ দেহত হেড উকা কিন্তু হাৰ্টৰ নিখুঁট বহা মৃত ইজিপ্টৰ প্ৰধান বাসিন্দা অচাইৰিচৰ সভাতো পাপ- পুণ্যৰ ভাৰ পোৱা যায়  হাৰ্টৰ ওজনৰহে কৃপাত…

বুকুৰ বুদ্ধ

প্ৰয়াগ শইকীয়া কৈশোৰৰ কথা, আমি নবম মানত, শ্ৰেণীকোঠাত আমাৰ নমস্য শিক্ষাগুৰু ৰোহিত বেজবৰুৱাছাৰে এজন এজনকৈ ছাত্ৰবন্ধুসকলক থিয় কৰাই এটা প্ৰশ্ন সুধিছে, কবিতা কি ? ছাৰৰ প্ৰশ্নৰ উত্তৰ কোনেও দিয়া নাই। সকলোৱে কবিতা লিখিবলৈ আৰম্ভ কৰা এই অভাজনলৈ চাই আছে । …এই…

বিশাল

প্ৰয়াগ শইকীয়া   তুমি যদি অনুভৱ কৰি আছা বিষ জীৱনে সলোৱা নাই এতিয়াও দিশ তুমি যদি অনুভৱ কৰিছা আনৰ বিষ বিশাল হোৱাৰ মহত্বৰে তুমি পাইছা মানুহৰ আশীষ   বিষৰ পৰা বিষাল বিষালক জিনি বিশাল সীৰলুৰ শইচৰ আগেয়ে ধাৰাল নাঙলৰ ফাল…

অশুচি মেদিনী

প্ৰয়াগ শইকীয়া (‘অন্যযুগ’ত শিবানন্দ কাকতিৰ গল্প ‘মেকবেথ’ পঢ়ি) মধুকৈতভ আৰু মেকবেথ আটায়ে ঘাতক আটাইৰে কলুষতাৰে আজিও অশুচি ধৰণীৰ ত্বক ত্ৰিকালৰ তিনিজনী ডাইনী কিনো পাশাৰে বাৰে বাৰে কঁপাৱ মেদিনী কিয় বাৰে বাৰে তোল ৰজা হোৱাৰ জঁক   মধু আৰু কৈতভ দুয়ো…

অ’নাম

প্ৰয়াগ শইকীয়া বলি আৰু বামন দুয়োৰে অ’নামত উপস্থাপন বলি দানী মহাবলী ত্ৰিলোকৰ অধিকাৰী দনুজ   বামন অৱতাৰী দশাৱতাৰৰ পঞ্চমজনা বিচাৰিছিল মহাবলী দনুজক পদৰ জোখাৰে মাটি তিনিখোজ অৱতাৰী ঈশ্বৰে ছলনাৰ এখোজেৰে ল’লে সৰগ এখোজেৰে মৰত মহাদানী বলিয়ে ক’লে তৃতীয়টি পদ থোৱা…