জীৱন বাটৰ কেঁকুৰি
প্ৰতীক্ষা প্ৰিয়ম বিজয়া দশমীৰ সন্ধ্যা। দেৱীক স্বামীগৃহলৈ পঠিয়াই মাতৃসম ধৰাতলে ক্লান্তিত জোবোৰা মাৰিছে। সুদীৰ্ঘ চাৰি দিন ধৰি দেৱীৰ আৰাধনা চলিল, ‘মা’য়ে বছৰটোলৈ বুলি আশিস বৰষি থকাৰ আশাৰে সহস্ৰ মূৰ দোঁ খাই থাকিল। অহাবছৰ আকৌ আহিব ‘মা’, আমি বাট চাই থাকিম – বুলি…