Anyayug Contributor নিৰ্মালি নয়নতৰা

দেওপুখুৰীৰ দুপৰীয়া

নিৰ্মালি নয়নতৰা চতিয়নাজোপাৰ তলত দেওপুখুৰীটো৷ নহয়, নহয় দেওপুখুৰীৰ পাৰতহে চতিয়নাজোপা! অকল চতিয়নাইনে? পাৰৰ শাল, সোণাৰু, ভোমোৰা, তিতাচঁপা আৰু এজোপা প্ৰকাণ্ড হোলোংগছৰ প্ৰাচীন ছায়াৰে আৱৰা দেওপুখুৰীৰ পানীত দিনৰ নীলা আকাশখনো প্ৰতিবিম্বিত নহৈছিল৷ দেওপুখুৰীটো আগতে জঁয়াল আছিল৷  পূৰ্ণিমাৰ ৰাতি হেনো তাত জলকুঁৱৰীয়ে সোণৰ নাও বাই ফুৰিছিল৷ নাও বাই…

কাগজৰ নাও

– নিৰ্মালি নয়নতৰা   :প্ৰভঞ্জন মানে কি আচলতে? :মই….মই নাজানো। :প্ৰভাকৰ বুলি মাতিব পাৰিম চাগৈ? :প্ৰভাকৰ, দিবাকৰ যি বুলিয়েই ইচ্ছা কৰে মাতিব পাৰে।  সুসজ্জিত ড্ৰয়িং ৰুমটোত বহি থকা সাতাইছ বছৰীয়া ল’ৰাটোলৈ চাই চাই অঞ্জনাময়ীয়ে একেলেথাৰিয়ে কেইবাটাও প্ৰশ্ন সুধিলে। কিন্তু প্ৰশ্নৰ উত্তৰ দিয়াতকৈ সি সোনকালে…