Anyayug Contributor নিৰু দত্ত

টিটু

 নিৰু দত্ত ধনটিহঁতৰ ঘৰৰ লাকীয়ে কাতি বিহুৰ পাছতে ছটা পোৱালি দিলে৷ চুবুৰীৰ ল’ৰাজাকে চকু নেমেলাৰে পৰা কোনটো কোনে পুহিবলৈ নিব আলচ কৰে৷ ছটা ল’ৰা-ছোৱালীৰ মাজৰ দুটাৰ ভাগত নপৰে বাবে সদায় আবেলি খেলৰ শেষত কাজিয়া হয়৷ তথাপি সিহঁতে মিলিজুলি  লাকীক খোৱা…

মহিষমৰ্দিনী আই কাত্যায়নী

নিৰু দত্ত   পালেহি আহিনমাহ            অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি         সপ্তমী অষ্টমী তিথি দশমীত  কৰোঁ বিসৰ্জন। যুগে যুগে ধৰণীতে          তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ            নহওঁ নকল নবীছ আই তুমি বিপদ-বাৰক। শৰতত বসন্তত                ধৰালৈ নামিবা দেই বৰণীয়া   ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা           পদুম ধুঁতুৰা…

বৰষুণৰ ৰেহ-ৰূপ

 নিৰু দত্ত       কিন্‌কিনীয়া বৰষুণত  মূৰত জাপি লৈ কেনকেনাই কলীয়া পথাৰ পালেগৈ । বাপেক আছিল দৰক মাৰি নাঙলৰ মুঠিত ধৰি গহৰা গজা ঘাঁহ খাই বলধযোৰ আছিল চৰি ।   ছাগলি খেদা বৰষুণত নুসুমাবা কাপোৰ ৰ‘দচেৰেঙাই হাঁহি মাৰে আঁতৰায় ডাৱৰ।…

ফাগুনক বাগি দি

 নিৰু দত্ত   ফাগুনক বাগি দি যাব নোৱাৰি পথাৰৰ আলিয়েদি ইমান টনা-টনি ৰেহা নালাগে  আলসুৱা ৰিহা  শুকান ওঁঠেদি সৰৱ সুহুৰি পিচলি মোকেই জোকায় ।   ইমান ৰঙাকৈ ফুলিছে মদাৰৰ ফুল ! ঘোলা আকাশলৈ মেলি দি  জুই আঙুলি পলাশে নাচিছে লৃগাঙৰ পথাৰত এবাটি…

কথা কোৱা শিল

নিৰু দত্ত   মেটমৰা পথৰুৱা শইচৰ তলত এখন প্ৰাচীন নগৰ বুকুত ধাৰণ কৰি ধন্য ধনশিৰি৷   সৰাপাতৰ আঁৰকাপোৰ আলফুলে তুলি  বিস্ময় দুচকুত থাপিলোঁ শতিকাৰ ৰহঘৰা  পোত যোৱা প্ৰাচীন নগৰৰ অনেক চিনাকি চৰিত্ৰ গলি গলি খাৰুৱা তেলৰ পুঙত  মাটিৰ ওপৰে তলে অনেক…

উৰুকা নিশাৰ সম্প্ৰীতি

নিৰু দত্ত শীতকালীন উৎসৱ মাঘবিহু অসমৰ কৃষি ভিত্তিক উৎসৱ৷ শাওণত গোজ মৰা কঠীয়াই  আঘোণত সোণগুটিৰ ৰূপত কৃষকৰ ভঁৰালত সোমায়৷ প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে ভৰি উঠে একোখন ঘৰ৷ অসমৰ পলসুৱা মাটিত এই সময়তে উভৈনদী হৈ থোৰ মেলে নানাবিধ শাক-পাচলি, মাটিৰ তলত বাঢ়ে কাঠ-আলু, মোৱা-আলু,…

এডৰা সোণালী ধান হৈ poem-niru-dutta-2024

 নিৰু দত্ত   মোৰ দেউতাৰ ঘামৰ সোণালী মুকুতা আঘোণ কুঁৱলীৰ সীপাৰে শাওণৰ বুকুত লেটি লোৱা আইৰ কুশলী  হাতৰ বাখৰ ।   উদং পথাৰখন বুকুত লৈ দৌৰি ফুৰে এজাক ল’ৰালি ৰবাবৰ ফুটবল গুৰিয়াই তহিলং দদাইৰ কঠিয়াতলি ।   হুৰাই অনা ল’ৰালিয়ে …

ওমলা পদ্য

 নিৰু দত্ত জিলমিল জোনাকত     তিৰবিৰ তৰাই         টিপটিপ চকুৰে             মইনাক জোকায়।   জিকিমিকি জোনাকী         আন্ধাৰ ফালি ওলায়             চিকিমিকি পোহৰ দি                 ধৰাৰ  জেউতি চৰায়। ৰিবৰিব বা লাগি        চিলচিল চিলাই            বিয়লি উৰি উৰি                মইনাক …

তৰমুজৰ দৰে

 নিৰু দত্ত   চৰাইৰ কিচিৰ-মিচিৰ আৰু স্তুতিগীতত সাৰপোৱা ফেঁহুজালি এটা বুকুত জীয়ন দি থ’লোঁ ।   কথাবোৰে খলখলাই বাট নোপোৱা দিনবোৰত তৰমুজৰ ভিতৰত মনটো ভৰাই  উদং হৈ  চৰাই হ’লোঁ। ৰজা চৰাই এটাই নিলিখা কিতাপখন মেলি ধৰে “মুকলি-মূৰীয়া চৰাই বিনন্দীয়া তথাপি…

ব্যঞ্জন বৰ্ণৰ বৰ-আখৰা

নিৰু দত্ত   ক ই ভাল পাই  কল খাবলৈ            খ য়ে পালেই দিয়ে খেদা                গ য়ে গবামাৰি ধৰে                       ঘ য়ে দিয়ে ঘনাই ঘোচা  ।   ঙ থাকে পাগুৰি মাৰি           চ থাকে উচপ খাই                  ছ ৰ…