Anyayug Contributor ধন দাস

প্ৰেম ১

ধন দাস  তোমাক ভাল পাম নে  ৰেচনৰ চাউল খাই বিদ্ৰোহৰ কথা ভাবিম তোমাৰ চকুত চকু  থৈ বিশ্বাস কৰা বুলি ক’ম নে ধুমুহা বৰষুণৰ পৰা আবৰি ৰাখিম সবল-শালিনতাৰে তোমাক  দেহৰ ভাঁজৰ কথা সুধিম নে সুখ নামৰ কাইলৈ এটাৰ বাবে বিষৰ বিছনাত…

ঘিণ ঘিণ দাও ঘিণ

 ধন দাস কবিতা লিখা নাই  কথাবোৰ হুবহুকৈ  যেনেকৈ দেখিছোঁ ঠিক তেনেকৈ কামটো নোহোৱালৈকে  ভৰি চেলেকিছোঁ  তেল পিছলা কথাৰে গছত উঠাইছোঁ পোকৰত লাগি ফুৰিছোঁ  কাম শেষ  সকলো শেষ তাৰ পeছত  ধিন্‌-চেক ধিন্‌-চেক  হেণ্ড-শ্বেক  চৰিত্ৰত চেক  পাছৰ কথাখিনি  অহে’ সামাজিক লোক, দেখহ…

কবি হোৱাৰে পৰা

ধন দাস  সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল  আৰু আজি মই কছৰৎ কৰি আছোঁ  লাহ দিয়া বেলিটোক লৈ কোনখিনিত গুজিম গোন্ধ এটা হ’বলৈ  ( বাসনা ) কবি হোৱাৰে পৰা  ফু মাৰি ভাত খাব পৰা চোতালখন অকলশৰীয়া হ’ল দূৱৰিয়ে…

চাৰিওটা বেলেগ

ধন দাস ১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁই ওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি  এইমাত্ৰ উজাই আহিব কবিতা আৰু অপমৃত্যু ঘটিব! ২) ছাগলী খেদা বৰষুণজাক পিঠিত লৈ  ধূলিত পোত গৈ থকা চাৰিআলিটোৰ ছাটি-ফুটি আলোচনা  বেলিটো বাৰু…

ধেই

ধন দাস কবিতা এটা লিখাৰ অন্তত্ মই ভীষণ অসুখী  লাজত ৰঙা-ছিঙা পৰি কবিতাটোক কাটি-কুটি কাৰণ বিচাৰি ফুৰোঁ । হস্তমৈথুনৰ পাছত বিজলুৱা অলপ যেনেকৈ  ছিটিকি পৰে সুখৰ সপোনত  সমস্ত কৰ-কাটল দি উদৰ পুৰোৱাৰ শেষত  মলত্যাগৰ যি সুখ । ঠিক তেনে এটা…

মৰদ কো দৰদ নেহি হ’তা হ্যেঁ

ধন দাস   পুৰুষৰ বাবেই  নগৰৰ দেৱালবোৰত লিখা হয়  ‘ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে’  বিশেষ কথাটো হ’ল সেইখিনিতেই সিবিধ লাগে  ছেঃ আজিও নাকটো জেপতে আছে  লাজত কিহৰ দৰদ  জেপত হাত খুচৰি চাধাৰ টেমাৰ পৰা চাধা মলি মলি গব্বৰ সিঙৰ ডাইলগ  “নাচ বাসন্তী…

বিষয় বিষধৰ

 ধন দাস হতচকিত ঈশ্বৰ আচৰিত  কি তৈয়াৰ কৰিলে দুখন হাত দুখন ভৰি দুটা চকু  সকলোৰে ওপৰত  এটা জৈৱিক কম্পিউটাৰ  ইমান ভয়ংকৰ যে মাত মাতিব জানে  খোজ কাঢ়িব জানে  জানে জন্ম দিব জানে আৱিষ্কাৰ কৰিব ঈশ্বৰেও সৃষ্টি নকৰা যুদ্ধ কৰিব জানে …