Anyayug Contributor জ্যোতিনীলিমা গগৈ

এই লহমাৰ সিপাৰে

জ্যোতিনীলিমা গগৈ   সুদীৰ্ঘ দিন মোৰ অহা যোৱা আন্ধাৰ বাটেৰে কেতিয়াবা স্বপ্নপথত এডাল শিৰীষৰ ছাঁয়া কেতিয়াবা সাগৰ তীৰত নিৰন্তৰ কথন কেতিয়াবা অৱচেতনাত পাৰাপাৰহীন ৰঙা মেঘৰ আলোড়ন   ভাৱনাৰ পৰা নিৰ্ভাৱনালৈ ইমান যে দূৰত্ব   শিলাময় বাটৰ কাষত জাৰে জহে ফুলি…

অদৃশ্য শিপা

 জ্যোতিনীলিমা গগৈ   শিলৰ কাহিনী কৈ কৈ খোৰোঙত ফুলবোৰ মৰহি যোৱাৰ দিনা সম্ভৱতঃ নেৰুডাই লিখিছিল – ‘Tonight I can write the saddest lines’   সৰু এটি হাতৰ মুঠিত অনন্ত ব্যাপ্ত পোহৰৰ স্ফুলিঙ্গ শতযোজন বাট কুৰি বাই আহি চাই থাকোঁ স্মৃতি…

আন্ধাৰতো যি উজ্জ্বল

 জ্যোতিনীলিমা গগৈ   প্ৰতিনিয়ত এই যাত্ৰা পশ্চিমৰ হাবি ভাঙি হাবিয়লীয়া চৰাই এটাই বাট ভেটি সোধে – মনত পৰেনে এই অনন্ত নীৰৱতাৰ ঠিক আগে আগে শেষবাৰৰ বাবে বসন্তৰ গান কেতিয়া গুণগুণাইছিলা … কাৰ সতে সৰি পৰা এজাৰৰ ফুলবোৰ আঁচল পাতি ধৰিছিলা…

শেলুৱৈ মালিতা

জ্যোতিনীলিমা গগৈ   নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা বুলি নাৰীৰ ছবি অঁকা হৈছিল নোটবুকত সাঁচি ৰখা হৈছিল সেই নাম   বতাহত সুহুৰি বজাই হৃদয় জগোৱা…

সাৰে আছোঁ মাটিত মুখ গুঁজি

জ্যোতিনীলিমা গগৈ গভীৰ টোপনিৰ পৰা উঠি আহিছোঁ মৈদামৰ কাষতে লগ পাই ককাদেউতাৰ হুমকি— সিদিনা আহিছিলোঁহে অতপালি তহঁতৰ বোলোঁ সাৰে আছনে? বুজি পালোঁ এৰি যোৱা ঘৰৰ থাপনাৰ চাকিত সেয়া ককাৰ তেজ আৰু ঘাম চিকচাক মজিয়াত আমাৰ মৌ-মেল বাতামী বেৰত অঁৰা পহুৰ শিং…

ইম’শ্যনেল ভেম্পায়াৰ

জ্যোতিনীলিমা গগৈ     ক্ৰমশঃ ছিটিকি পৰা পুৰণি তেজৰ দাগবোৰ গছপাতবোৰে লুকুৱাইছিল তেনে সময়তে তেওঁ বাউলি হৈ সোমাইছিল প্ৰাচীন চহৰখনত অ’ত-ত’ত লাইট হাউছৰ লেম্পবোৰ চূৰ্ণ কৰিছিল শীৰ্ণ দুহাতেৰে   একাবেঁকা বাটৰ জোপোহাটোৰ আঁৰত এখন্তেক জিৰাওঁতে এজাক জোনাকীয়ে ভুলতে তেওঁৰ জুটুলা…

নীল সাগৰ

জ্যোতিনীলিমা গগৈ   বতাহত এক আৰণ্যক মায়া আছিল পথৰুৱা বেলিয়ে জুই দি নৈখনিক জোকাই থকাৰ পৰত হেমন্তৰ নিৰ্জনতাই তেওঁক মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল মধুৰতম এক মৃত্যু আৱাহন   এটা শব্দৰো যে ইমান শকতি পানীৰ গভীৰলৈ এটা বাট সাজিব পাৰে কোনো…

জলজ

 জ্যোতিনীলিমা গগৈ দ পুখুৰীৰ পাৰত ঔ ফুলিছিল ন পানীৰ ধাৰত ঠেও ধৰি জলকা লাগিছিল এশৰীৰ সপোন যখিনীয়ে ৰন্ধা বেলা তেনেই ৰিঙা ৰিঙা বতাহত ভিক্ষু এজন হেৰাইছিলনিষিদ্ধ দেশৰ বাতৰি লৈ ঢেঁকীঘৰৰ গুমগুমনি বনকুঁৱৰীৰ বুকুত চিৰাচিৰ ভাবনাৰ বঁকিয়াত চিতভোলোঙা দি পৰি আছিল কালিদাস  …

পান্থশালাত এদিন চিত্ৰকৰ

 জ্যোতিনীলিমা গগৈ  (প্ৰস্তাৱনা: কিনকিনকৈ বৰষুণ সৰিছিল৷ চিত্ৰকৰৰ জঁটাবন্ধা চুলি খুঁচৰি ঘৰচিৰিকাটোৱে ক’লে – ‘যোৱাঁ, ৰং-তুলিকা সামৰি বাহিৰখন ফুৰি আহাঁগৈ৷’ বাধ্য ছাত্ৰৰ দৰে চিত্ৰকৰে এযুগৰ অন্তত মূৰ তুলি চালে আৰু তাৰ পাছত চমৎকাৰ সকলো…)   দীৰ্ঘদিন পৰশ্ৰীকাতৰ বেলিৰ সতে খৰিয়াল আছিল…

বতাহৰ তৰোৱাল

জ্যোতিনীলিমা গগৈ  কি উৎসৱ হৈছিল ২০২০–ত? দেশে দেশে সকলোৰে বাবে এখনেই নিমন্ত্ৰণী পত্ৰ বসন্তৰ এপাহি কপৌ বা বৰ্ষাৰ এপাহি খৰিকাজাঁই কাৰো হাতত নাছিল স্বাগতৰ বাবে সুদীৰ্ঘ দিন টুলুঙা নাৱত চিপ্‌চিপাই পানী খেলি আহি আছিল শোকযাত্ৰী আজন্ম প্ৰীতিও কি যে এক পানীধেমালি …. মানুহবোৰে হাতে হাতে কঢ়িয়াইছিল নিৰ্জনতাৰ…