Anyayug Contributor কিশোৰ দাস কোঁৱৰ

ডাৰ্ক চকলেট : লিংগ বৈষম্য, সমাজ বাস্তৱতা আৰু নাৰীৰ তন্নিষ্ঠতাৰ পৰা আত্মনিষ্ঠতালৈ এক মুকলি প্ৰতিবাদ

কিশোৰ দাস কোঁৱৰ    ইংৰাজীত ব্যৱহৃত ‘sex’ আৰু ‘Gender’ দুয়োটা শব্দক বুজাবলৈ অসমীয়া ভাষাত ‘লিংগ’ শব্দটো ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োটা শব্দই দুটা বিশেষ দিশক সামৰি লয়। ইংৰাজীত ব্যৱহৃত ‘Sex’ শব্দটোৱে ব্যক্তিৰ প্ৰজনন বা বংশ বৃদ্ধিৰ দিশটোক নিৰ্দেশ কৰাৰ বিপৰীতে…

বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যত অসমীয়া গ্ৰাম্যজীৱনৰ কথকতা

কিশোৰ দাস কোঁৱৰ  অসমীয়া কথা-সাহিত্যক সমৃদ্ধ কৰি তোলা কথাশিল্পীসকলৰ ভিতৰত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাক্ স্বাধীনতা কালৰেপৰা স্বাধীনতা লাভৰ পৰৱৰ্তী সময়লৈকে অৰ্থাৎ ৰামধেনু যুগলৈকে যি কেইগৰাকী কথাশিল্পীয়ে অসমীয়া সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল সেইকলৰ ভিতৰত অসমীয়া…

য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসত প্ৰতিফলিত মনপা জনগোষ্ঠীৰ জীৱনধাৰা

কিশোৰ দাস কোঁৱৰ   স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ শৱ এশ আঠ টুকুৰা কৰি কাটি নদীত উটুৱাই দিয়াৰ যি প্ৰথা তাৰ আধাৰত এই উপন্যাসখনৰ কাহিনীভাগ উপস্থাপন কৰা…

কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি

 কিশোৰ দাস কোঁৱৰ  আমাৰ জীৱন পৰিক্ৰমাত সুখী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ’ল – ‘ব্যক্তি স্বাধীনতা’ আৰু এই ব্যক্তি স্বাধীনতাইহে এজন ব্যক্তিক এগৰাকী মুকলি মনৰ অধিকাৰী কৰি তুলিব পাৰে আৰু বিভিন্ন নেতিবাচক চিন্তাৰ পৰা আঁতৰি জীৱনটোক ইতিবাচক কৰি তুলিব পাৰে৷  এজন…

‘কুঁচিয়ানামা’ : কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল

কিশোৰ দাস কোঁৱৰ      ৰোমান কবি টেৰেনছে মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ প্ৰসংগত এষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল, ‘মানুহে কৰিব পৰা বা কোনো মানুহে চিন্তা কৰিব পৰা কোনো বস্তুৱেই মোৰ অনাত্মীয় নহয়৷ মানুহৰ জীৱনত যিমান যি ঘটিছে মই তাৰ এক…

সমকামিতাক তুলি ধৰা এখন উপন্যাস

 কিশোৰ দাস কোঁৱৰ   প্ৰস্তুতিকালৰে পৰা বৰ্তমান সময়লৈকে অসমীয়া উপন্যাসে বিভিন্ন সাহিত্যৰূপ (Genre)-ৰ মাজেৰে বিষয়-বৈচিত্ৰ্যৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ ফলস্বৰূপে সমাজত সংঘটিত বিভিন্ন ঘটনা-সংঘটনাই ইয়াত স্থান লাভ কৰিছে৷ প্ৰাৰম্ভিক কালৰে পৰা চিন্তা-চৰ্চা কৰি অহা বিভিন্ন বিষয়সমূহে একবিংশ শতিকাত নানান মাধ্যমেৰে…

হোমেন বৰগোহাঞিৰ কথা-সাহিত্যত প্ৰতিফলিত অসমীয়া গ্ৰাম্য জীৱন : এটি বিশ্লেষণ

 কিশোৰ দাস কোঁৱৰ অসমীয়া সাহিত্যৰ মহীৰূহৰ স্বৰূপ হোমেন বৰগোহাঞি এজন যথাৰ্থ সাহিত্যিক৷ ‘ৰামধেনু’ যুগৰপৰা আৰম্ভ কৰি তেওঁৰ সৃষ্টিৰাজিয়ে বিশেষকৈ বৰগোহাঞিদেৱৰ কথা-সাহিত্যই সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যৰ এক বুজন অংশ দখল কৰি আছে৷ বৰগোহাঞিদেৱৰ কথা-সাহিত্যৰ বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-…

প্ৰাচীনতাৰ দিনলিপি আৰু এটি অকথিত সাধুৰ পুনঃকথন

 কিশোৰ দাস কোঁৱৰ    অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত মৌখিক লোককথাসমূহৰ এক সুকীয়া স্থান আছে। সময়ে সময়ে এই লোক-কথাসমূহে আমাৰ সমাজৰ একো একোখন দলিল হিচাপে কাম কৰি আহিছে। লোক-কথাসমূহৰ এক অবিচ্ছেদ্য অংগ হ’ল সাধুকথা। এই সাধুকথাসমূহৰ বিভিন্ন কাহিনী, চৰিত্ৰ যেতিয়াই সাহিত্যৰ মাজলৈ…

প্ৰাচীন অসমৰ মৃৎ শিল্প আৰু ইয়াৰ ভৱিষ্যত : এক অৱলোকন

কিশোৰ দাস কোঁৱৰ   মাটিৰ মানুহ মাটিতেই এদিন মিলি যাব, এই কথাষাৰেই প্ৰমাণ কৰে যে মাটি আৰু মানুহৰ এক অংগাংগী সম্পৰ্ক আছে৷  সৃষ্টিৰ আদিম সভ্যতাৰে পৰা মানুহ আৰু মাটিৰ সম্পৰ্ক অতি নিবিড়৷ প্ৰাচীন অসমৰ মৃৎ শিল্পৰ পৰম্পৰা কিমান প্ৰাচীন অথবা…

অন্য এক দৃষ্টিৰে হেমচন্দ্ৰ গোস্বামীৰ ‘ প্ৰিয়তমাৰ চিঠি’ : এক বিশ্লেষণাত্মক অধ্যয়ন

কিশোৰ দাস কোঁৱৰ  হেমচন্দ্ৰ গোস্বামী অসমীয়া কাব্য সাহিত্যৰ এটি উজ্জ্বল জ্যোতিষ্ক,  কেৱল এই বিশেষণটোতেই শেষ নে তেওঁৰ সাহিত্যিক মূল্যায়ন, ইমানতেই শেষ নে এই যুগস্ৰষ্টা আৰু যুগদ্ৰষ্টা সাহিত্যিক গৰাকীৰ যুগমীয়া সাধনাৰ? দৰাচলতে গোস্বামী দেৱৰ সৃষ্টিৰাজিৰ সাহিত্যিক মূল্যায়ন প্ৰকৃতপক্ষে আজি পৰ্যন্ত হোৱা…