আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ
কাব্যশ্ৰী মহন্ত আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ এজনৰ সেমেকা কলিজাটো আনজনে চুই চাওঁ বুকুৰ ভিতৰলৈকে টানি লওঁ শুকাই যোৱা চকুপানীৰ গোন্ধ আহাচোন কিছুদূৰ একেলগে খোজ কাঢ়োঁ যাওঁতে বাটত শুনি যাওঁ হিয়াৰ মালিতা বেহানি সামৰি থৈ কিছুপৰ বহোঁ…