Anyayug Contributor উদয় কুমাৰ বৰুৱা

আয়োজন বিষয়ক

 উদয় কুমাৰ বৰুৱা   এদিন কবিতা এটাক সুধিছিলো নিৰ্মাণৰ সৌন্দৰ্যবোধ কেনেকৈ অনুভৱ হয়   কবিতাৰ তাৎক্ষণিক সঁহাৰিঃ তুমি য’ত থিয় হৈ আছা তাৰপৰাই সাধনাৰ জখলাৰে যেনেকৈ স্পৰ্শ কৰা সৃষ্টিৰ আকুল আকাশ   এৰা, বৰষুণ নাহিলেও মননত কদৰ আছে কাজল মেঘৰ…

দুটা কবিতা

উদয় কুমাৰ বৰুৱা (সদ্যপ্ৰয়াত কবি অনুভৱ তুলসীৰ পৱিত্ৰ সোঁৱৰণত)   (১)   ফাগুনক বিদায় বুলি কোৱাৰ  পাছতো ৰৈ যায় শুকান ডালত কিছু ৰঙীন স্তৱক কোনে কয় একো নাই ইয়াত অশ্লীল সময় উদ্‌যাপনৰ বাদে   চোৱাঁ সমুজ্জ্বল সোঁৱৰণীয়ে বাট দেখুৱাইছে সমাগত…

শনিবাৰ

 উদয় কুমাৰ বৰুৱা   উচ্ছ্বল সময়েও নকয় সকলো কথা চিত্ৰকল্পৰ দৰে নিৰ্জন নৈসৰ্গিক বুলি আচলতে দেওবাৰটোক অনন্য ৰূপত সজাই তুলিবলৈকে শনিবাৰৰ এই ব্যস্ততা   শনিবাৰে ঘৰমুৱা যাত্ৰীৰ  মুখবোৰ অনামী এক কান্তিয়ে ঢৌৱাই যায় (সেইদিনা চিটীবাছ, মেজিক আনকি নৈশ বাছবোৰো যেন…

নৈ নিৰিবিলি

উদয় কুমাৰ বৰুৱা   মোৰ দৰে আপোনাৰ হৃদয়তো থাকেনে বৈ এখন নিৰিবিলি নৈ তাৰ পাৰত বহি কৰেনে কেতিয়াবা অতীত বুৰঞ্জী ৰোমন্থন নতুবা হয়নে কথোপকথন ফুলি থকা এজাৰজোপাৰ হেজাৰ বেদনাৰে আৰু থৰ হৈ চাই থকা ৰঙা জিঁয়াটোৰ কঁপা কঁপা মৌনতাৰে  …

বৰ্ষাশেষৰ পদ্য

উদয় কুমাৰ বৰুৱা   লাহে লাহে গাঢ় হৈ আহিছে এন্ধাৰ বতাহত গুঞ্জন তুলি কোলাহলবোৰ কেতিয়াবাই গুচি গৈছে   পাতল কুঁৱলীয়ে ঢকা দূৰৈৰ গাঁওবোৰ কলমটিয়াই কলমটিয়াই টোপনি গৈছে   হেলনীয়া ঋতুত খাজ কাটি কাটি সৰি থকা হালধীয়া সোঁৱৰণীবোৰ আমাৰেই   দূৰে…

সময় কথক হ’লে…

উদয় কুমাৰ বৰুৱা   জীৱন জীবিকাৰ প্ৰপঞ্চৰ পৰা এদিন উভতি গৈছিলোঁ অহাৰ বাটেৰে স্মৃতিয়ে কুৰুকি কুৰুকি খান্দি উলিয়াইছিল ঠটা মাটিত মোৰ উদং ভৰিৰ ভকভকনি আৰু হাৱাই চেণ্ডেলৰ নিৰস পৰিক্ৰমা   এদিন এজন কথকে কৈছিল – কাহিনীনো কি কেতিয়াবা বোঁৱতী সুতি,…

উপলব্ধি

উদয় কুমাৰ বৰুৱা   “ All beautiful things start from heart” অনেক অপেক্ষাৰ শেষত এটি মাথোঁ মুহূৰ্ত – বেলিমাৰ যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ এক দুৰন্ত বাসনা হৃদয়ে বাৰু কেতিয়াবা ভুমুকিয়াইছেনে বেলিৰ ভাৱচোতালত   ৰাতিয়ে জানে এটা সমুজ্জ্বল পুৱাই বেলিৰ…

কণামেঘ

উদয় কুমাৰ বৰুৱা   অৱশেষত পানীপটাৰ শিলটোৰ অবিৰত প্ৰাৰ্থনাত কণামেঘৰ টোপনি ভাগিল   লগেলগে বাউলি এজাক বতাহৰ পিছে পিছে মুষলধাৰ বৰষুণ কণামেঘে দেখা নাই আগচোতালৰ ন-কৈ ফুলা নেমুজোপা, কিম্বা অজ্ঞাত,নেমুজোপাই লালন কৰা গোপন সপোনটোৰ কথাও   নামহীন অত্ৰানি এটাই হঠাৎ…

গৈৰিক ভৈৰৱ

 উদয় কুমাৰ বৰুৱা   ৰাতিৰ নীৰৱতা ভেদি কোমল বতাহত ভাহি আহিছিল সুৰৰ গৈৰিক ভৈৰৱ সপ্তস্বৰত  মেৰখাই পৰিছিলো   অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল কি এক সোণালী জ্বালা ৰাগৰ ছন্দে-ছন্দে এই আৰোহন এই অৱৰোহন যেন গৈ আছো ল’ৰালিৰ ধুলিময় প্ৰাচীন গো-বাটটোৰে…

বাটৰ মালিতা

 উদয় কুমাৰ বৰুৱা   বাটটো মসৃণ নহয় তথাপি যাবই লাগিব মোৰ আগতেও গৈছে বহুজন পাছতো যাব কতজন   বিকল্প যেতিয়া নেথাকে ৰ’দ-বৰষুণ ধুমুহায়ো  ৰখাব পাৰে জানো কদাপি যাব খোজাজনক   বাটৰুৱাৰ বিৰক্তিবোৰো বাটটোৱে নিৰ্বিবাদে মানি লয় পিছে গতিশীল সময়ৰো সময়ত…