শাৰদী ৰাণী
অৰুণ গগৈ শৰত কালত সন্ধিয়া পৰত শেৱালিয়ে মাৰে হাঁহি, ফুলনি মাজত ৰূপহী সাজত ফুলবোৰে মেলে পাহি ৷ আকাশ নিৰ্মল ডাৱৰ কোমল জোন-তৰাৰ ধেমালি, ফুলিল কঁহুৱা মন উৰণীয়া ময়ূৰে ধৰিলে চালি ৷ ডেউকা কোবাই উৰিছে বেগাই শৰালি চৰাইজাক, বনৰ মাজত পাতৰ আঁৰত বনকুকুৰাৰ…