sdblogs2011

sdblogs2011

চেঁচা জামুকীৰ জুই

 প্ৰদীপ শইকীয়া  যোৱা চাৰিটা দশকজুৰি যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই ৰাখিছে সেইগৰাকী স্বনামধন্য কবি, শিল্পৰসিক শ্ৰদ্ধেয় নীলমণি ফুকনক প্ৰথম লগ পাইছিলোঁ ১৯৮৮ চনত । তেতিয়াৰে পৰা ক‘ব নোৱাৰাকৈয়ে  নীলকান্ত মণিটি মোৰ বুকুৰ খাজত…

নীলমণি ফুকনৰ ‘এজন নিঃসংগ মানুহ’

লুইত কিৰণ দাস কবি নীলমণি ফুকন বুলি ক’লেও আমাৰ মনলৈ ভাঁহি আহে নিঃসংগ অস্তিত্ববোধক আংগিকৰ জৰিয়তে সফলভাৱে প্ৰতিফলন ঘটোৱা এজন আধুনিক কবি৷ অসমীয়া কবিতাই ৰোমাণ্টিকতাৰ পৰা মুক্ত হৈয়েই যি আধুনিক ধাৰাত ভৰি থৈছিল ঠিক সেইখিনি সময়তেই হেম বৰুৱা, নৱকান্ত বৰুৱাৰ…

শিল্পকলা

কবিৰত্ন নীলমণি ফুকনক অনুপ্ৰাণিত কৰা কিছুসংখ্যক শিল্পকৰ্মৰ আলোকচিত্ৰ   পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

নীলমণি ফুকন : অন্তহীন ব্যাপ্তিৰ কবি

অৰিন্দম বৰকটকী   জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে৷ এই বঁটা ফুকনৰ ব্যক্তিগত প্ৰাপ্তি নহয়, ই তেখেতে সদায় কৈ অহা জাতিটোৰ ভাষাটোৰ কবিতালৈ সন্মান৷ নীলমণি ফুকনৰ কবিতা পঢ়িলে…

নীলমণি ফুকনৰ কবিতাত সমাজ বাস্তৱতা আৰু নিম্নবৰ্গীয় মানুহৰ চিত্ৰণ

ড০ দীপমণি দাস   কবিৰত্ন নীলমণি ফুকন কবিতাৰ এজন আজীৱন সাধক যিজনক অসমীয়া কবিতাৰ জগতলৈ আগবঢ়োৱা অনুপম বৰঙণিৰ বাবে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁৰ কাব্যিক মনন একক, অনন্য আৰু অভিনৱ। তেখেতৰ কাব্য সংকলন সমূহ হ’ল-  সূৰ্য…

ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি

 জ্যোতি খাটনিয়াৰ নীলমণি ফুকনৰ কবিতাত মহাজীৱনৰ খবৰ আছে৷ এই জীৱন নিৰ্জনতাত বুৰ যোৱা জীৱন নহয়; তাত মানুহৰ সুখ–দুখৰ বতৰা গভীৰভাৱে ৰৈছে৷ কবিয়ে যি উপলব্ধিক একান্ত নিজৰ বুলি দাবী কৰিব পাৰে বা খোজে, তাতো কিন্তু আনৰেই খবৰ বেছি :        ময়ো মৰাশবোৰৰ লগ…

নীলমণি ফুকন : চিৰন্তন মানুহৰ কণ্ঠ

দেৱপ্ৰতীম হাজৰিকা যোৱা শতিকাৰ পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰি ষাঠিৰ দশকত নিজৰ প্ৰতিভাৰে আধুনিকতাবাদী অসমীয়া কবিতাৰ এক উদিত সূৰ্য বুলি নীলমণি ফুকনে নিজকে প্ৰমাণ কৰিলে৷ সংবেদনশীল মন, প্ৰকৃতিৰ প্ৰাণ-স্পন্দন, বিষয়ৰ বৈচিত্ৰ্যৰ লগতে কবি নীলমণিয়ে কবিতাৰ মাজত এক কাব্যিক নিসৰ্গ সৃষ্টি কৰিলে৷…

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ

  ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম ১১ এপ্ৰিল ২০২২   হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ।  ২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা। মোৰ কবিতাৰ বাবে এয়া…

নীলমণি ফুকন : বৈভৱ-মৃত্যুঞ্জয়ী অকথন : নীল ধুতুৰা

 ড০ দীপশিখা ভাগৱতী             ”অপাব় স্তব্ধতা দাও, নিশ্চিহ্ন কব়ো,              আব় স্তব্ধতা দাও,             … ঋতু বিতানে থেমে যাক               ইমণ কল্যাণ”                         – সৌমিত্ৰ চেটাৰ্জী…

হৃদয়ৰ উত্তাপ আৰু সঞ্চৰণ-ৰীতি

(নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত) এম. কামালুদ্দিন আহমেদ নীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক সম্পৰ্ক, তাৰ পৰা বিৰিঙি উঠা হৃদয়ৰ ঊষ্ণতা অনুভূতিসিক্ত ভাষাৰে মূৰ্ত হৈছে। একোটাহঁত গভীৰভাৱে অনুভূত ব্যক্তিগত ঘটনা তেওঁৰ এনে কবিতালানিৰ অন্তৰালত…