ৰমানন্দন বৰা
(যোৱা সংখ্যাৰ পিছৰ পৰা)
চৌবিছ
চৰকাৰক কৈ, খাজনা দি কোনোবাই ক’ৰবাত খেতি কৰিছে৷ এনেয়ে আবাদী পৰি থকা মাটি চহাই মৈয়াই লৈছে, তাত বেণুৰ আপত্তি কৰিব লগা কি আছে? উৎপাদন বাঢ়িব, চৰকাৰে খাজনা পাব৷ কৰক! খেতি কৰক! – বেণুৰ ভিতৰৰ এটা মনে কয়৷
সমিতি গঠন কৰিছে দুজনক লৈ৷ দুজন মানুহৰ খেতি পথাৰহে ভোগদৈৰ বানত নষ্ট হৈছে নেকি? বাকী মানুহবোৰৰ কি হ’ল? সিহঁতে মাটি পাবনে? যদি চৰকাৰে চব দিয়ে, তেনেহ’লে সেই মানুহবোৰে পাবনে? নতুন চাপৰিত সিহঁতেও পামঘৰ সাজি খেতি কৰিবহিনে? ক’লাই মহাজন আৰু জন্মি মহাজন – ইটোৱে সিটোৰ ছাঁটোকে দেখিব নোৱাৰে৷ পোনপটীয়াকৈ তথিবাদ একো নাই৷ তথাপি সংসাৰখনে জানে, এটা উত্তৰে থাকিলে আনটো দক্ষিণে যায়৷ দুয়ো একেলগ হোৱাৰ গূঢ় ৰহস্য নিশ্চয় আছে৷ বানপানীৰ ক্ষতিগ্ৰস্ত সমিতি কেৱল মানুহক দেখুৱাবলৈ৷ ভিতৰি চাপৰিটো গ্ৰাস কৰাৰ কাৰচাজি৷ কপটীয়া ৰাৱণ আজি ৰামচন্দ্ৰৰ কুটীৰত৷ সীতা হৰণ হয় হয় এথোন৷ সি বাধা দিব৷ কেনেকৈ? জটায়ু পখীৰ দৰে৷ নিজৰ মৰণ মাতি? নহয়, সি হনুমানৰ দৰে যুঁজ দিব৷ চাপৰিটো ৰখিব লাগিব৷ – বেণুৰ আনটো মন৷
ক’লাই মহাজন সম্বন্ধত তাৰ দেদা-শহুৰ৷ জন্মি মহাজনো তাৰ শত্ৰু নহয়৷ টেপুৱে ঠিকেই কৈছে – সি কথাটো মহাজনৰ কাণত পেলালেই দুয়োজনে তাক আদৰি ল’ব৷ সিও বিচৰা মতেই মাটি পাব৷ পাহিতাৰ বাপেকৰ ঘৰখনৰ সৈতে চিৰদিন সম্পৰ্ক নোহোৱা কৰি ৰাখিবও নোৱাৰি৷ ক’লাই মহাজনৰ যোগেদি কিবা এটা হ’বগৈ পাৰে৷ বানপানীত মহাজনৰ সৈতে ছিঙি যোৱা সম্বন্ধৰ সূতাডাল সি জোৰা লগাইছে৷ মূল ঘৰখনলৈ সেই সূতাৰে বগাই যাব পাৰিব বুলি তাৰ বিশ্বাস৷ গতিকে এতিয়া শতৰু শালিবলৈ নোযোৱাই মঙ্গল৷ আনে যি কৰে কৰক৷ তাৰ ল’ৰা-তিৰোতা আছে, খেতি-বাতি আছে, ভৰপূৰ বাৰীখন আছে৷ এইবোৰ এৰি সি নলগা জেঙত লাগিবলৈ নাযায়৷ – বেণুৰ প্ৰথমটো মন৷
ধিক বেণু! ধিক! বছা গাঁৱে তোক দিছিল চাকৰৰ পৰিচয়৷ বকুল চাপৰিয়ে তোৰতো নিজৰ সাহস নাছিল৷ বকুল চাপৰিত তই জীৱনৰ সৰ্বস্ব সম্পদ পালি৷ চাপৰিৰ কোমল মাটিয়ে তোক বুকুত আশ্ৰয় দিলে৷ সেই মাটিক তই লুভীয়া মহাজনক গটাই দিবি? বকুল চাপৰি, নতুন চাপৰি একে কথা৷ তাৰ আশ্ৰয়দাতা৷ ব্যক্তিগত মালিকৰ হাতত লাঞ্চিত হ’বলৈ এৰি দিব নোৱাৰি৷ সি জাগিব, আনকো জগাব৷ এইটো তোৰ কৰ্তব্যৰ আহ৩ান৷ – বেণুৰ আনটো মন৷
“কিনো মনে মনে ধ্যান কৰিছা হে৷ সোণটোক অকণমান ধৰা, মই ভাত বাঢেঁ.াগৈ৷” পাহিতাই তাৰ কোলাত কেঁচুৱাটো দিলে৷ সোণটো বৰ লোদোৰ-পোদোৰ৷ সি চুঁচৰি চুঁচৰি গোটেই ঘৰখন ঘূৰি ফুৰে৷ তাক কোনোবাই চাই নাথাকিলে কিখন যে অঘটন কৰে৷ কটাৰীখন ল’বগৈ, জুই ধৰিবলৈ যাব৷ চকীখনত ভৰ দি ঠিয় দঙা দিব৷ পুতলাকেইটা নিজে দলিয়াই ধৰিবলৈ চুঁচৰিব৷ বেণুৰ ঘৰখন সোণটোৱে পোহৰাই তুলিছে৷ মৰমৰ পোহৰ৷ মিঠা মিঠা৷ সি তাক কোলাত বহুৱাই খেলাবলৈ বিচাৰে, সোণটো বাৰে বাৰে মাটিলৈ নামি যাব খোজে৷ বাপেক-পুতেকৰ খেলাখন চাই পাহিতাই হাঁহিলে৷
খাই-বৈ উঠি পাহিতাই কেঁচুৱাটোকো নিচুকাই শুৱালে৷ বেণু একেটা ভাবতে বিভোৰ হৈ থাকিল৷ সি বিচনাত পৰিল৷ পাহিতাই তাৰ ফালে ঘূৰি দুহাতেৰে তাৰ ডিঙিটো সাৱটি ধৰিলে৷ “কিনো হ’ল?” এইখিনি সময় পাহিতা আৰু তাৰ নিজা সময়৷ আন কোনেও ইয়াত প্ৰৱেশ কৰিব নোৱাৰে৷ নতুন চাপৰিৰ কথা উলিয়াই সি সময়খিনি নষ্ট কৰিব জানো৷ সিহঁত দুটা দেহাত থকা এটা আত্মা৷ তাৰ দেহৰ প্ৰতিটো অঙ্গই তাইৰ স্পৰ্শ সুখ কামনা কৰে৷ তাইৰ দেহাইও৷ প্ৰতিটো অঙ্গ এক হোৱাৰ অনন্ত তাড়না৷
“নতুন চাপৰিৰ কথা মই জানিছোঁ৷ চৰকাৰে মাটি দিলে সকলোকে দিব লাগিব৷ দুজনক দিলে নহ’ব নহয়৷ এতিয়া বাদ দিয়া সেইবোৰ৷” – দুষ্টালিৰে তাই ক’লে, “মোক দিবলগীয়াখিনি দিবানে?”
তাইক জোৰেৰে সাবটি ধৰি দুগালত তপত চুমাৰে উপচাই বেণু তাইৰ ওপৰত উঠি ল’লে৷ বেণুৰ ফুঁ লাগি লাজতে চাকিটো নুমাই গ’ল৷
পঁচিছ
কাহিনীটো গোটেইটো নাজানিলে নহ’ব৷ নহ’লে মাজতে গাঁঠি ছিগি ক’ৰবাত ছিটিকি পৰিব লাগিব৷ বেণুৱে চিটিকি পৰিব নোখোজে৷
বছা গাঁৱলৈ এবাৰ যাব পৰা হ’লে ভাল আছিল৷ কিন্তু পাহিতাৰ সৈতে গাঁওখন এৰি অহাৰ দিন ধৰি, বানপানীত ক’লাই মহাজনক আনিবলৈ গৈছে৷ তাৰ বাহিৰে সি সেইফালে মূৰ কৰা নাই৷ কিবা এটা অসহজ ভাব৷ সি যাব নোখোজে৷ সি গ’লে কিজানি কিবা বেয়া পৰিস্থিতি হয়৷ কিন্তু বছা গাঁৱৰ খবৰ তাক লাগে৷ তাৰ ঘৰৰ পৰা গৰু-গাই নিয়া আজি দুমাহ হ’লহি৷ বিপিন, দীঘলাহঁতৰো বা-বাতৰি নাই৷ উচন হোৱা বাৰী-ঘৰ আকৌ পাতিবলৈ সিহঁতে চাগে কপালৰ ঘাম মাটিত পেলাইছে৷
বছা গাঁৱৰ মানুহৰ খা-খবৰ আনিবলৈ বেণুৱে পুহিৰামক পাচিলে৷ পুহিৰ সম্বন্ধীয় মোমায়েকৰ ঘৰলৈ গৈ লাগতিয়াল খবৰবোৰ আনিব৷
কেবাটাও দৰকাৰী খবৰ পুহিৰামে বুটলি আনি বেণুক দিলেহি৷ বছা গাঁৱৰ মানুহ এতিয়া নিজৰ ঘৰ-বাৰী আৰু পথাৰত ব্যস্ত৷ বানপীড়িতৰ বাবে চৰকাৰৰ ঘৰৰ পৰা সৰিয়হ, মটৰ মাহ আৰু ঘেঁহুৰ বীজ বিনামূলীয়াকৈ দিছে৷ মাহ, সৰিয়হখিনি বৈছে৷ কিন্তু ঘেঁহু খেতি বছাবাসীৰ অভ্যাসৰ বাহিৰত৷ ঘেঁহুৰ আটাগুড়ি উলিয়াই ৰুটি খোৱা বস্তু সাত জনমত নাই৷ চৰকাৰে ঘৰে প্ৰতি দহ কিলোকৈ ঘেঁহুৰ বীজ দিছিল৷ সেইবোৰ এতিয়া হাৰুণ তেলীয়াই গোটাই কিনি নিছে৷ ৰাইজৰ মাজত কোনো সমিতি গঠন কৰা নাই৷ গ্ৰামসেৱক গোস্বামীয়ে আগভাগ লৈ এই কামবোৰ কৰিছে৷ আৰু এটা কাম ৰাইজে ভাল পাইছে – মাহ, সৰিয়হৰ তলী ক’লাই মহাজনে ট্ৰেক্টৰে চহাই নিছে৷ তাৰ কাৰণে তেল আৰু ড্ৰাইভাৰৰ খৰচ চৰকাৰে দিছে৷ ক’ৰবাত নতুনকৈ মাটি দিয়াৰ কথা ঘূণাক্ষৰেও বছা গাঁৱৰ মানুহে নেজানে৷ এতিয়া চৰকাৰক ক’ব লগীয়া কথাটো হ’ল ছিগা মাথাউৰিটো সোনকালে বান্ধিব লাগে৷
বেণু চিন্তাত পৰিল৷
উত্তৰবোৰ অৱশ্যে সি ভাবি থোৱা মতেই হৈছে৷ ইয়াৰ পিছৰ ছোৱা কাম কেনেকৈ কৰা হয়, তাৰেই চিন্তা৷ টেপুৱে বেছি কথা ক’লেও, মাজে মাজে ইংৰাজী নে কি এসোপা বলকিলেও সি মিছা কথা নকয়৷
কিবা সমিতি-চমিতি কৰি যে দুই মহাজনে মাটি লোৱাৰ ফন্দি কৰিছে সেই কথা ধুৰূপ৷ কিন্তু কেনেকৈ জানিব পাৰি৷ অকণ গাঁওবুঢ়াই এইবোৰ জাকৈ নে জুলুকী, পাদেই নে সুহুৰি গমেই পোৱা নাই৷ বিষ্ণু মণ্ডলৰ ওচৰলৈ যাব পাৰি নেকি? তেওঁ ক’বনে বাৰু৷ চিকুটি লাও বুঢ়া কৰা হয় কিজানি৷ জয়ৰাম উকীলে জানিব পাৰে নেকি? ধন নিদিলে সেইজনে মুখ নেমেলে৷ বেণুৱে আটাইবোৰ বিকল্প চিন্তা কৰিলে৷ মাটিৰ হাকিম নাইবা কাছাৰীৰ বৰ চাহাবৰ ওচৰলৈ যোৱাৰ সাহস তাৰ নাই৷ সি হাকূটিয়াব পৰা মানুহকেইটাৰ পৰা কিবা কামত আহিব বুলি সি পতিয়ন যাব পৰা নাই৷ মণ্ডলে কথাটো জানিব৷ কিন্তু বিষ্ণু মণ্ডল সাত বিহুৰ সৈয়া কণী৷ মুখ মিঠা পেট তিতা৷ সাপ হৈ খোঁটে, বেজ হৈ জাৰে৷ কি কৰিব পাৰি?
কম্পাউণ্ডাৰ বৰা ডাক্টৰে কিবা সহায় কৰিব পাৰিব নেকি বাৰু? হাত দীঘল মানুহ৷ নগৰত থাকে৷ বহুত ডাঙৰ মানুহৰ লগত সমানে উঠা-বহা আছে৷
বেণুৰ শেষৰ চিন্তাটোৱে কামত দিলে৷ “তুমি চিন্তা নকৰিবা৷ মই গাখীৰক গাখীৰ আৰু পানীক পানী কৰি উলিয়াই আনিম৷ মাটিৰ হাকিম মহেশ্বৰ বৰুৱা মোৰ সহপাঠী৷”
এসপ্তাহ নালাগিলেই পাঁচ দিনতে ডাক্টৰে সমিতিৰ ডালে-পাতে উঘালি আনি বেণুক দিলেহি৷
“আমি নজনা মানুহ পৰামৰ্শটো আপুনিয়েই দিয়ক৷” বোপাৰাম বিষয়াৰ চোতালত জুম বান্ধি থকা ল’ৰাবিলাকৰ মাজৰ পৰা বিপিনে ক’লে৷
বৰা ডাক্টৰে সমস্যাটো অনুধাৱন কৰি ক’লে, “মই চৰকাৰী মানুহ৷ অলপতে কলপ কাটে৷ নগৰত জগৰ লাগে৷ আপোনালোকৰ মাজৰ এজন বুলি কথাষাৰ কৈছোঁ৷ মোৰ নাম যাতে ক’তো নোলায়৷”
বানপানীত ক্ষতিগ্ৰস্ত হোৱা মানুহক সহায় কৰিবৰ কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি থাকে৷ বছা গাঁৱৰ মানুহখিনিয়ে সেইবোৰ সুবিধা ল’বৰ কাৰণে এখন সমবায় সমিতি খুলিছে৷ ক’লাই শইকীয়া সভাপতি আৰু জন্মেজয় শইকীয়া সম্পাদক৷ কৃষি উৎপাদনমুখী এই সমবায় সমিতিয়ে খেতি কৰিবৰ বাবে নতুন চাপৰিৰ মাটি ব্যৱহাৰ কৰিবলৈ চৰকাৰী অনুমতি পাইছে৷ তদুপৰি চৰকাৰী সা-সুবিধাও সমিতিয়ে পাব৷ এখন ট্ৰেক্টৰ ৰেহাই ম্যূলত সমিতিয়ে কিনিছে৷ বীজ, সাৰ, কীটনাশত ঔষধ আদিৰ উপৰি প্ৰয়োজনীয় সকলো পৰামৰ্শ সমিতিক চৰকাৰে বিনামূলীয়াকৈ দিব৷ ইয়াত উৎপাদিত ফচলৰ বজাৰো চৰকাৰেই দিব৷ বছা গাঁৱৰ মানুহখিনিক উৎসাহ দিবৰ কাৰণেই চৰকাৰে এই কাম কৰিব৷”
“কিন্তু বছা গাঁৱৰ মানুহে এইবোৰ কথা নাজানে৷ কোনো সমবায় সমিতিও খোলা নাই৷” পুহিৰামে মাত লগালে৷
“মাটিৰ হাকিমৰ তাত থকা তালিকাখনত গাঁওখনৰ মানুহে সমবায়ৰ সদস্য হিচাপে চহী কৰা আছে৷”
“গাঁৱৰ মানুহে এইবোৰ একো নাজানে৷”
“তেনেহ’লে সমবায়খন গোপনে গঠন কৰিছে৷ কোনোবাই বেয়া কৰিছে৷”
“তেনেহ’লে কি কৰা ভাল হ’ব?”
“চৰকাৰৰ ভুল নাই৷ কাগজে-কলমে বছা গাঁৱৰ মানুহৰো ভুল নাই৷ বৰং ভাল কামহে কৰিছে৷ চাপৰিৰ মাটিখিনি চৰকাৰী কামৰ বাবে নতুন আদেশ নিদিয়ালৈকে সমবায়ে খেতি কৰিব পাৰিব৷ কাষৰীয়া গাঁৱৰ মানুহ হিচাপে আমি একো কৰিব নোৱাৰো৷ কিবা কৰিব বিচাৰিলে বছা গাঁৱৰ মানুহে কৰিব পাৰিব৷”
“কি কৰিব পাৰিব জনাওকচোন৷”
“দুটা কাম কৰিব পাৰে৷ প্ৰথমতে, এই সমবায়খন পতাত তেওঁলোকৰ মত নাই৷ সেইবোৰ তেওঁলোকৰ চহী নহয়৷ অথবা বিপথে পৰিচালনা কৰি, আভুৱাভাৰি চহী লোৱা হৈছিল – এনেদৰে চৰকাৰক জনালে, চৰকাৰে সমিতিখন স্বীকৃতি বাতিল কৰি দিব লগা সা-সুবিধা বন্ধ কৰিব বা কেতিয়াবা মূল মানুহকেইজন ওপৰত অপৰাধমূলক মোকৰ্দমাও চলাব পাৰে৷ কিন্তু এইটো ভাল কাম নহ’ব৷ তাৰ বদলি যিসকলৰ নাম সমবায়ৰ তালিকাত আছে, চহী কৰিছে, তেওঁলোকে দাবী জনাওক৷ নতুন চাপৰিত সমবায়ৰ নামত কৰা খেতিৰ অংশীদাৰ হওক৷ সাপো মৰিব, লাঠিও নাভাগে৷”
কথাটো মিছা নহয়৷
সমবায় সমিতি বস্তুটো বেয়া নহয়৷ খেতিয়ক-চৰকাৰ উভয়েৰে সমিল মিলেৰে আগবাঢ়িলে বিপদ নাই৷ সম্পদেই সম্পদ৷ নতুন চাপৰিৰ বছা গাঁৱৰ মানুহে আহি খেতি কৰিলে বকুল চাপৰিৰ মানুহে আপত্তি নকৰে৷ কিন্তু এজন নাইবা দুজন মানুহক চাপৰিটো গটাই দিব নোৱাৰি৷ এতিয়াৰ সভাপতি, সম্পাদক দুই মহাজনে গাঁৱৰ মানুহক একো নজনোৱাকৈ কামবোৰ কৰিছে৷ নগাঁৱৰ পৰা মানুহ আনি কাম কৰাইছে৷ তাৰ এটাই অৰ্থ – সমবায় সমিতিখন নামত থাকিব৷ মাটিখিন দুই মহাজনৰ ভোগ হ’ব, লগতে চৰকাৰী সা-সুবিধাবোৰো হজম কৰিব৷
সমস্যাটো হ’ল, বছা গাঁৱৰ মানুহক কথাখিনি জনাব কোনে? তেওঁলোকে এইটো এটা ভাবিব লগা কথা বুলিয়েই ধৰা নাই৷ এনেকুৱা কিবা এটা হ’ব পাৰে বুলিও ভবা নাই৷ গতিকে কি উপায়েৰে মানুহখিনিক জগাব পাৰি৷ পুহিৰামক দায়িত্ব দিব পাৰি নেকি? কিন্তু সি পাৰিবনে? সি সাধাৰণতে কম কথা কয়৷ মানুহক বিশ্বাস দিব পৰাকৈ ক’ব পাৰিবনে? মোলোকা, কিনাৰামহঁতৰ কোনো লগা-ভগা, চিনা-পৰিচয় বছা গাঁৱত নাই৷ বেণু নিজে তালৈ যাব নোৱাৰে৷ সি গ’লে কথাবোৰ বেলেগ হৈ পৰিব৷ যাবনো কাৰ ঘৰলৈ?
অৱশেষত ঠিৰাং কৰা হ’ল পুনৰ পুহিৰামেই যাব৷ সি তালৈ গৈ বিপিন, দীঘলাকে আদি কৰি চাৰি-পাঁচটা ল’ৰাক বেণুৰ ঘৰলৈ মাতি আনিব৷ তাতে আটায়ে সবিশেষ আলোচনা কৰিব৷ বছা গাঁৱলৈ বতৰাটো সিহঁতেই কঢ়িয়াই নিব৷
কথামতে কাম৷
বতৰা গৈ বছা গাঁও সঠিকৰূপত পাবগৈ বুলি বেণুৰ বিশ্বাস হ’ল৷ বিপিন, দীঘলা, মিনাৰাম, থূলেশ্বৰ, মঘুৱাহঁতৰ ডেকা তেজ উথলি উঠিল৷ গাঁৱৰ ককাই-ভাই কেইটাকে এনেকুৱা প্ৰৱঞ্চনা! চুকতে থাকি বুকুত কামোৰ মাৰে৷ দুই মহাজনে মুখ বেছিকৈ মেলিছে, কোৱাৰি ফাটিবই৷
সামৰণিত বেণুৱে সিহঁতকহে শান্ত কৰিব লগা হ’ল৷ “চাবি কিন্তু ভাবি-চিন্তি কাম কৰিবি৷ খং-ৰাগেৰে সমস্যাটো সমাধান নহয়৷ নিজৰ অধিকাৰ, দাবী কৰি ল’ব লাগিব৷ ল’ৰাই কান্দিলেহে কল পায়৷ চাবি, আটাইবোৰ সানি পিটিকি নষ্ট নকৰিবি৷”
বেণুৰ ঘৰতে চাহ-জলপান খাই সিহঁত গ’লগৈ৷ লগত লৈ গ’ল এবুকু ক্ষোভ আৰু ঘৃণা৷
(আগলৈ)
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা