দাদুল ভূঞা
হাত এখন আগবঢ়াই দিলোঁ
দলিয়াই দিলা
বুকুখন দিলোঁ
মৰমেৰে
দুছেওকৈ কাটি দুটা ভাগ কৰিলা
চকু মুদা কুলি হৈ চাই থাকিলোঁ সময়
বতাহত শংখধ্বনি শুনি
আওৰাই চালোঁ ষাঠিৰ বুৰঞ্জী
ভাগ-বাটোৱাৰা-ৰাজনীতি, অৰ্থনীতি, সমাজনীতি
ভাগ-বাটোৱাৰা-ভাষা, কৃষ্টি-সংস্কৃতি
ৰাজদৰবাৰত কাউৰীৰ ঘূৰণীয়া বৃত্ত
আলাপ-প্ৰলাপ
কেঁকোৰা হৈ কোনে কাক শুহি শুহি খায়
ওলমি থকা হৰ্ডিঙত ক্ষমতাৰ
বেহিচাপী ছাই ৰং
তেজত সমন্বয়ৰ
তৰল প্ৰশ্নবোধক
সমন্বয়ৰ মিছা মুকুতা পিন্ধাই
সিদিনা পুনশ্চঃ জাতীয় স্বাভিমানকে
দুছেওকৈ কাটি বাছি
এৰি দিলা প্ৰজন্মৰ হাতত
যুগলৈ সাঁচি যুদ্ধৰ দুটি ৰণুৱা ঘোঁৰা
গৰিহণাৰ ফুলেৰে উপচাই দিলোঁ
আকাশ-বতাহ
নিনাদিত মেঘক গতালোঁ
সাতামপুৰুষীয়া ভাষা
অক্টোপাছ হৈ মেৰিয়াই ধৰা
মাটিৰ কলিজাত
এতিয়া
ভাগ ভাগ ৰাজকীয় বতাহ
ইমানৰ পাছতো
অৰ্ধগলিত সূৰ্য এটা হাতত লৈ বাট চাই ৰ’ম
সমস্বৰে গাম-
“অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ…”
***
ঠিকনা :
গহপুৰ, মাগনি,
বিশ্বনাথ— ৭৮৪১৬৮
ভ্ৰাম্যভাষ— ৯৮৫৯২৮৯৩২৫
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা