Written by 4:28 am Poems

মৌনতা

(কবিৰত্ন নীলমণি ফুকন ছাৰৰ সোঁৱৰণত)

আকাশ দীপ্ত ঠাকুৰ

বেলি লহিয়ালে

বিমূৰ্ত শব্দবোৰ এটি দুটিকৈ নামি গ’ল

শিলৰ নদীয়েদি

তপত নিশাহৰ উচুপনিত চপৰা-চপৰে খহিছে

এবুকু শোকৰ পাহাৰ

ইকৰাৰ বেৰৰ জলঙাইদি উৰুখা পঁজালৈ

বৈ নাহে আৰু জোনাকৰ ধল

মুঠি মুঠিকৈ কাটি মোৰ

আৱেগত চনকা দেহা

সিঁচি দিলোঁ কাঞ্চন পদূলিৰ আন্ধাৰত

দূবৰিৰ সেওঁতাৰে বিৰিঙিল বিষাদ-এৰাতি

হিয়াৰ নামনিৰ দুখৰ মোহনাত

এতিয়া মাথোঁ তিলফুলীয়া নীৰৱতা

ঠিকনা : 

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট – ১

ভ্ৰাম্যভাষ – ৯৭০৬২০৫০৭১)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close