Written by 4:28 am Articles

চিমোন দ্য বোভোৱাৰৰ নাৰী-ভাৱনা

০ প্ৰাণজিৎ বৰা

Man is defined as a human being and a woman as a female – whenever she behaves as a human being she is said to imitate the male.

সমাজ-সংস্কৃতিত নাৰীৰ অৱস্থানক লৈ এই বৈপ্লৱিক  ঘোষণা আছিল চিমোন দ্য বোভোৱাৰৰ। তেওঁৰ ১৯৪৯ চনৰ The Second Sex নামৰ গ্ৰন্থখন, য’ত তেওঁ এই নিৰ্ভীক ৰায়দান কৰিছিল, ভেটিকান-কৰ্তৃক নিষিদ্ধ গ্ৰন্থসূচীৰ অন্যতম আছিল, কিন্তু যোৱা শতিকাৰ অতি প্ৰভাৱশালী এশখন গ্ৰন্থৰূপেও ই স্বীকৃত হৈছে। নাৰীক লৈ সমাজ আৰু সভ্যতাত পুৰুষ-ৰাজনীতিৰ বিস্তৃত ব্যাখ্যাই এই দৰ্শনৰ ক্ষেত্ৰখনতো বোভোৱাৰৰ স্থান নিশ্চিত কৰিছে। মনত ৰাখিব লাগিব যে বোভোৱাৰ আছিল একাডেমিক দৰ্শনৰ ছাত্ৰী, দৰ্শনৰ চৰ্চাকাৰী দাৰ্শনিক আৰু বৈবাহিক বন্ধন অবিহনেই প্ৰায় গোটেই জীৱন একেলগে কটোৱা প্ৰখ্যাত অস্তিত্ববাদী দাৰ্শনিক জাঁ পল ছাতৰ সংগী।

কি আছে এই গ্ৰন্থখনত? তেওঁৰ আত্মজীৱনী The Force of Circumstances-অত বোভোৱাৰে নিজৰ পূৰ্বৰ গ্ৰন্থ The Ethics of Ambiguity- ৰ আত্ম-সমালোচনা কৰি লেখিছে যে এই গ্ৰন্থত তেওঁ বিষয়ৰ আলোচনাৰ বেলিকা বাস্তৱ সংঘটনসমূহক প্ৰাধান্য নিদি বহুলাংশে বিমূৰ্ত হৈ থাকিল। The Second Sex জানিবা এই ভুলৰ শুধৰণি। এগৰাকী নাৰী হিচাপে তেওঁ নিজে সমুখীন হোৱা পৰিস্থিতিবোৰ আৰু আন নাৰীসকলৰো বাস্তৱ অভিজ্ঞতাসমূহৰ ৰূপায়ণৰ পৰিপ্ৰেক্ষিতত এই গ্ৰন্থত তেওঁৰ পূৰ্বৰ ভুল নাই। বোভোৱাৰৰ এই মন্তব্য অৱশ্যেই তেওঁৰ নিজৰ। পণ্ডিতসকলৰ দৃষ্টিত, The Second Sex বোভোৱাৰৰ প্ৰপঞ্চবাদী দাৰ্শনিক বিচাৰৰ মহত্তম সাক্ষী হৈ ৰৈছে। বোভোৱাৰে বিশ্বাস কৰা প্ৰপঞ্চবাদ বা phenomenology-ৰ দৰ্শন বৰ কঠিন একো নহয়। এই দৰ্শনে আমাৰ অভিজ্ঞতাত বস্তুবোৰ বা ঘটনাবোৰে কিদৰে দেখা দিয়ে তাকেই অধ্যয়ন কৰে। এই দৰ্শন অনুযায়ী, আমি প্ৰত্যেকেই আমাৰ নিজা চেতনাৰ কাঠামোত জগতখন নিৰ্মাণ কৰি লওঁ‌ আৰু আমাৰ নিজৰ নিজৰ অভিজ্ঞতাৰেই ঘটনাবোৰ আৰু অৰ্থবোৰো সাজি লওঁ‌। ইয়াৰ ফলস্বৰূপে, বোভোৱাৰৰ মতে, আমাৰ নিজৰ শৰীৰৰ সৈতে থকা আমাৰ সম্পৰ্ক কিম্বা আনৰ সৈতে বা জগতখনৰ সৈতে থকা আমাৰ সম্পৰ্কও অতি শক্তিশালীধৰণে আমি নিজে পুৰুষ নে নাৰী তাৰ দ্বাৰাই প্ৰভাৱিত হয়। আমি পুৰুষ নে নাৰী, অৰ্থাৎ আমাৰ লিংগভিত্তিক দেহ এই প্ৰথমবাৰৰ বাবে প্ৰপঞ্চবাদী বিচাৰৰ বিষয় হৈ পৰিল। বোভোৱাৰৰ পূৰ্বে লিংগভিত্তিক দেহ কোনোদিনেই এনে বিচাৰধাৰাৰ বিষয় নাছিল। তেওঁৰ ‘দ্য ছেকেণ্ড ছেক্স’ এই বিচাৰ বা অনুসন্ধানৰ ফচল। নাৰীৰূপে তেওঁ নিজে আৰু তেওঁৰ নিজৰ পৰিস্থিতিৰ লগতে আন নাৰী আৰু তেওঁলোকৰ পৰিস্থিতিও ইয়াত তেওঁ দাৰ্শনিক চিন্তাৰ বিষয়ৰূপে গ্ৰহণ কৰিছে।

বোভোৱাৰে তেওঁৰ গ্ৰন্থত দেখুৱাইছে যে ইতিহাসজুৰি নাৰীক নাৰী কৰিয়েই ৰখা হৈছে, মানুহ হৈ উঠিবলৈ দিয়া হোৱা নাই। কি সমাজ, কি দৰ্শন, সকলোতে মানৱিক বুলি যি বিচাৰ, তাৰ মাপকাঠি হৈছে একান্তই পুৰুষকেন্দ্ৰিক। এৰিষ্ট’টলেও full humanity-ক maleness-অৰ সৈতেই এক কৰি পেলাইছে। এয়ে হৈছে শেষ মাপকাঠি যাৰ জৰিয়তে মানৱিক কি তাৰ মূল্যায়ন হ’ব। বোভোৱাৰৰ স্পষ্ট মত, দাৰ্শনিক ভাৱনা-চিন্তাৰো ‘আত্ম’ বা Self হৈছে একান্তই পুৰুষ-কেন্দ্ৰিক, আৰু ইয়াৰ ঠিক বিপৰীতে নাৰী-পুৰুষৰ যুগ্ম-বৈপৰীত্যমূলক যুটিটোৰ ‘নাৰী’ হৈছে অপৰ বা Other । এই Self- য়েই হৈছে সক্ৰিয়, প্রয়োজনীয় বা অৱধাৰিত, আৰু Other হৈছে সেই, যি প্ৰত্যাশিত হয় নিষ্ক্ৰিয়, অপ্রয়োজনীয়, আকস্মিক বুলি! বোভোৱাৰৰ মতে, নাৰী আৰু পুৰুষৰ মাজত কোনোধৰণৰ পাৰস্পৰিকতা ৰক্ষা কৰা হোৱা নাই, বিপৰীতে পুৰুষে চিৰদিন নাৰীক কৰি তুলিছে ‘অপৰ’ বা Other। ধৰ্ম, দৰ্শন, মনোবিজ্ঞান, পুৰাকথা তথা সাহিত্যত ৰূপায়িত হৈ অহা নাৰীৰ ভাৱমূৰ্তি বিশ্লেষণ কৰি তেওঁ দেখুৱাইছে যে প্রত্যেক সংস্কৃতিতেই পুৰুষে নিজকেহে মানুহৰ পৰম ৰূপ বুলি সাব্যস্ত কৰিছে, অর্থাৎ পুৰুষেই মানুহ, বিপৰীতে নাৰী কেৱল নাৰী, দ্বিতীয় লিংগ।

বোভোৱাৰে তেওঁৰ Other-অৰ ধাৰণাটোৰ আধাৰ হিচাপে লৈছিল হেগেলৰ দাস-প্ৰভুৰ দ্বন্দ্বাত্মক ধাৰণাটো। হেগেলীয়ান প্ৰভুজনৰ দৰেই পুৰুষো ইয়াত চূড়ান্ত মানৱ আৰু এই দৃষ্টিভংগীৰ বিচাৰত নাৰী হৈছে অতি নিকৃষ্ট। নাৰীৰ তথাকথিত অসুবিধাসমূহক এই পৰিপ্ৰেক্ষিততে তেওঁলোকক Other ৰূপে গণ্য কৰাৰ আৰু তেওঁলোকৰ প্ৰতিও সেইধৰণৰ মনোভাৱ পোষণ কৰাৰ অচিলা হিচাপেই ব্যৱহাৰ কৰিছে। হেগেলীয়ান Other ৰ বিপৰীতে নাৰীয়ে কিন্তু ইয়াত তেওঁলোকৰ otherness ৰ মূল বা উৎসবোৰ চিহ্নিত কৰিবগৈ নোৱাৰে। পুৰুষৰ জগতখনত বিচ্ছুৰিত হৈ তেওঁলোকে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰোঁতাসকলৰ মাজৰ প্ৰভেদৰ সৈতেই বৰং নিজকে চিহ্নিত কৰিবলৈ আৰম্ভ কৰে। হেগেলীয়ান Other ৰ দৰে নিজকে সংগঠিত কৰিবলৈকো আনহাতে তেওঁলোকৰ সামৰ্থ্য প্ৰায় শূন্য। যি সহমৰ্মিতাৰ বন্ধনত নাৰী আৰু পুৰুষ থকা উচিত, তাৰ  পৰিপ্ৰেক্ষিততে নিজকে অপ্ৰয়োজনীয় বুলি নাৰীৰ মনলৈ অহা ভাৱনাৰ প্ৰতিৰোধকল্পে নাৰীয়ে সেয়ে নিজকে সংগঠিত কৰিব পাৰিব লাগিব। হেগেলৰ দাস-প্ৰভুৰ দ্বন্দ্বাত্মক  অপৰৰ ধাৰণাৰ বিপৰীতে নাৰীৰ অৱস্থান এনেকুৱা নহয় যে নাৰীয়ে বিদ্ৰোহ কৰিব পৰাৰ অৱস্থান। আনহাতে নিজক লৈ দায়বদ্ধ নোহোৱাৰ পৰা ওপজা সুখানুভূতিয়েও নাৰীক অপৰ ৰূপে ৰখাৰ বেলিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নাৰীৰ যৌন-সমতাৰ সপক্ষে ‘দ্য ছেকেণ্ড ছেক্স’ৰ পাতত বোভোৱাৰৰ বিচাৰ প্ৰধানতঃ দুটা দিশত আগবাঢ়িছে। প্ৰথম, তেওঁ দেখুৱাইছে যে পুৰুষতান্ত্ৰিক মতাদৰ্শই লিংগৰ পাৰ্থক্যক অসমতাৰ ব্যৱস্থাসমূহ সৃষ্টি কৰাৰ বাবেই ব্যৱহাৰ কৰিছে। নাৰী আৰু পুৰুষৰ মাজৰ লিংগৰ পাৰ্থক্য দেহতাত্ত্বিক হোৱাৰ বাহিৰে অৱশ্যেই আন একো নহয়। কিন্তু পশ্চিমীয়া সভ্যতা আৰু সংস্কৃতিয়ে পুৰুষ আৰু নাৰীৰ মাজৰ লিংগভিত্তিক পাৰ্থক্যক পুৰুষৰ আধিপত্য বৰ্তাই ৰখাৰ স্বাৰ্থতে সদায় ব্যৱহাৰ কৰি আহিছে। লিংগৰ পাৰ্থক্য সেয়ে এক সাংস্কৃতিক বা ৰাজনৈতিক নিৰ্মাণ, অথচ এই নিৰ্মাণক এনেদৰে দেখুওৱা হয় যেন ই তেনেই স্বাভাৱিক জৈৱিক বা জন্মগত ঘটনা ব্যতিৰেকে আন একো নহয়। দ্বিতীয়তে, বোভোৱাৰে দেখুৱাইছে যে নাৰী আৰু পুৰুষ সমান বুলি প্ৰতিপন্ন কৰিব বিচৰা কাৰবাৰবোৰে নাৰী আৰু পুৰুষৰ মাজৰ জৈৱিক বা লিংগগত পাৰ্থক্যকে নোহোৱা কৰি পেলাব খোজে, যাতে নাৰীৰ সলনি পুৰুষেই শেষত ‘মানুহ’ হৈ বৰ্তি থাকিব পাৰে। এই দিশত তেওঁৰ আক্ৰমণৰ লক্ষ্য স্বয়ং প্লেটো। পুৰুষ আৰু নাৰী হোৱাটো আকস্মিক বা accidental বুলি ধৰি লৈ প্লেটোৱে শেষত ইয়াকে কৈছে যে নাৰী আৰু পুৰুষ দুয়োৱেই সম্ভ্ৰান্ত শ্ৰেণীভুক্ত হোৱাৰ বাবে সমানে যোগ্য, কিন্তু নাৰীয়ে এই ক্ষেত্ৰত পুৰুষৰ দৰে জীয়াই থাকিবলৈ শিকিব লাগিব; কেৱল পুৰুষ বা পুৰুষক যি অনুসৰণ কৰে, তেওঁহে শাসন কৰিবৰ বাবে যোগ্য। লিংগভিত্তিক পাৰ্থক্যৰ এই বৈষম্যমূলক বিচাৰেই বোভোৱাৰৰ আক্ৰমণৰ লক্ষ্য।  তেওঁৰ মতে, পুৰুষ আৰু মহিলাই পৰস্পৰে পৰস্পৰক সমদৃষ্টিৰে চাওঁক, কিন্তু এইদৰে চোৱাৰ সময়ত লিংগৰ পাৰ্থক্যক কিন্তু স্বীকাৰ কৰিব পাৰিব লাগিব।সমতাৰ অৰ্থ এনে নহয় যে নাৰী আৰু পুৰুষ একেই। সমতাৰ অৰ্থ এনে নহয় যে নাৰীও পুৰুষৰ দৰেই একেধৰণৰ হ’ব লাগিব । পুৰুষে যিবোৰ কাম কৰি বা যিদৰে থাকি পুৰুষ বুলি অভিহিত হৈছে, সমতাই কেতিয়াও সেইবোৰ কাম নাৰীয়েও কৰিব পৰাটোক বা নাৰীয়েও তেনেকৈ থকাটোক নুবুজায়।

নাৰী-প্ৰসংগৰ either/or ফ্ৰেমটো, য’ত সদায় “হয় নাৰী আৰু পুৰুষ সমান নহয় দুয়ো সুকীয়া সুকীয়া” বুলিয়েই চোৱা হৈ আহিছে, বোভোৱাৰে নস্যাৎ কৰিছে। উল্লেখযোগ্য যে প্ৰপঞ্চবাদী পটভূমিটোৰ ওপৰিও বোভোৱাৰ আছিল এগৰাকী অস্তিত্ববাদী। কোনোধৰণৰ উদ্দেশ্য নোহোৱাকৈ আমি এই জগতত জন্মগ্ৰহণ কৰিছোহঁ‌ক আৰু সেইবাবেই নিজৰ বাবে এক যথাৰ্থ অস্তিত্ব আমি বিচাৰি লব পাৰিব লাগিব, এই অস্তিত্ববাদী দৰ্শনৰ পেক্ষাপটটো তেওঁ নাৰী আৰু পুৰুষৰ সমতাৰ প্ৰসংগটোতো প্ৰয়োগ কৰিছে সাৰ্থকভাৱে। এই দৃষ্টিৰেই তেওঁ কৈছে যে নাৰী আৰু পুৰুষ যে জৈৱিকভাৱে পৃথক, সেই বাস্তৱতাক মানি লৈহে আমি নাৰীৰ সমতাৰ কথা চিন্তা কৰিব লাগিব। নাৰীৰ অৱদমিত অৱস্থাৰ বাবে জৈৱিক পাৰ্থক্যক এক সামাজিক নিৰ্মাণ কৰি তোলাটোহে জগৰীয়া। এগৰাকী অস্তিত্ববাদী-প্ৰপঞ্চবাদীৰ দৃষ্টিৰে নাৰীৰ দৈহিক অভিজ্ঞতাবোৰ চালি-জাৰি চাই কেউপিনৰ সাংস্কৃতিক ধ্যান-ধাৰণাবোৰে কিদৰে সেইবোৰ নিৰ্দ্ধাৰিত কৰে আৰু নাৰীক তেওঁৰ দৈহিক সম্ভাৱনাসমূহৰ পৰাও বিচ্ছিন্ন কৰি পেলায়, তেওঁ দেখুৱাইছে। উদাহৰণ হিচাপে, নাৰীক দুৰ্বল বুলি গণ্য কৰাৰ প্ৰসংগটোকে তেওঁ দোহাৰিছে। এই ধাৰণাৰ ভিত্তি কি? শক্তিশালী বোলা ধাৰণাৰ ভিত্তিয়েইবা আনহাতে কি? শৰীৰৰ ওপৰ ভাগটো? শৰীৰৰ মোটামুটি এটা আকাৰ? দীৰ্ঘজীৱী হোৱাটোৱে তেন্তে শক্তিশালী অৰ্থক নুসূচায় নেকি? এই ধৰণৰ বিচাৰেৰে নাৰীক দুৰ্বল বোলাটো কিমানখিনিলৈ যুক্তিপূৰ্ণ? অলপ গমি চালেই সেয়ে এই সূচকবোৰৰ পক্ষপাতিত্ব পোহৰলৈ আহিব। এই পক্ষপাতিত্ববোৰে নিঃসন্দেহে প্ৰচলিত সাংস্কৃতিক ধ্যান-ধাৰণাবোৰলৈকে আঙুলি টোৱাব।

বোভোৱাই সেইবাবেই কৈছিল সেই কথা, যিষাৰ হয়তো ‘দ্য ছেকেণ্ড ছেক্স’ৰো আটাইতকৈ বিখ্যাত কথা—-”নাৰী এগৰাকীৰ জন্ম নহয়, বৰং তেওঁ নাৰীৰ ৰূপ লাভ কৰে” (“One is not  born, but becomes a woman”)। সামগ্ৰিকভাৱে সভ্যতাই এই ৰূপটো সৃষ্টি কৰিছে আৰু ইয়াকে ‘ফেমিনিন’ বুলি কোৱা হৈছে, স্ত্ৰীলিংগ বুলি নাম দিয়া হৈছে। ‘দ্য ছেকেণ্ড ছেক্স’ হৈছে সামগ্ৰিকভাৱে সভ্যতাই নিৰ্মাণ কৰা এই ‘ফেমিনিন’ৰ সমালোচনা। নাৰীৰ যৌনাংগ লৈ ওপজা মানেই নাৰী বোলা প্ৰচলিত ধাৰণাটোক অস্বীকাৰ কৰি বোভোৱাৰে প্ৰপঞ্চতত্ত্বৰ মূল কথাটোলৈকে আঙুলিয়াই দিছে যে নিজৰ মাজৰ ধাৰণাসমূহ (অতিকথাসমূহ) চিনাক্ত কৰা, আৰু অভিজ্ঞতাৰে প্ৰমাণিত নোহোৱা পৰ্যন্ত সেইবোৰৰ পিনে দুনাই আৰু উলটি নাযাবা। সমাজ-সভ্যতাৰ পিতৃতান্ত্ৰিক ব্যবস্থাটোৱে নাৰী-পুৰুষৰ মাজৰ লিংগভিত্তিক পাৰ্থক্যক কিদৰে যুগ যুগ ধৰি নাৰীক বঞ্চিত, অৱদমিত, অৱহেলিত কৰি ৰখাৰ বাবে ব্যৱহাৰ কৰিছিল, সেই বিশ্লেষণৰ অস্তিত্ববাদী-প্ৰপঞ্চবাদী এই পাঠেই নাৰীৰ মুক্তিৰো আহিলা হৈ উঠিছিল। বোভোৱাৰে এই বঞ্চনাকৰণৰ কাৰবাৰটোক ঘোষণা কৰিছিল অত্যাচাৰ হিচাপে, আৰু এই ঘোষণাই ‘দ্য ছেকেণ্ড ছেক্স’ক কৰি তুলিছিল নাৰীবাদী ভাৱনাৰ নাৰী-মুক্তি-ৰাজনীতিৰ অনবদ্য দলিল।

নাৰীৰ মুক্তি তেনেহ’লে কোন বাটে? বোভোৱাৰৰ মতে, নাৰীক শোষণ কৰাৰ কাৰবাৰটো ঐতিহাসিক কাৰবাৰ আৰু ইয়াৰ শুধৰণিও সম্ভৱ। অস্তিত্ববাদী বিচাৰধাৰা অনুসৰিয়েই, নাৰী নিজেই এই অৱস্থাটো সলনি কৰাৰ ক্ষেত্ৰত দায়বদ্ধ। নাৰীয়ে পুৰুষক কৈ কৈ স্বাধীনতা আৰ্জিব নোৱাৰে, নাৰীয়ে নিজৰ শক্তি নিজেই বিচাৰি পাব লাগিব। নাৰী আৰু পুৰুষৰ মাজৰ অন্তহীন যুঁ‌জ এখনৰ কথা বোভোৱাৰে কোৱা নাই, বৰং নাৰীয়ে নিজকে আবিষ্কাৰ কৰি Self হৈ উঠাৰ প্ৰয়োজনীয়তাকে তেওঁ দোহাৰিছে।

বোভোৱাৰৰ মতে, নাৰীয়ে দুই ধৰণৰ শৃংখলৰ পৰা নিজকে মুক্ত কৰিব পাৰিব লাগিব। প্ৰথম, মুক্ত হ’বলৈ তেওঁ পুৰুষৰ দৰে হ’বই লাগিব বুলি থকা ধাৰণাৰ পৰা স্বাধীন হোৱা। ই তেওঁক তেওঁৰ লৈংগিকতাৰ পৰা মুক্ত কৰিব। দ্বিতীয়তে, যিধৰণৰ কথা বা ধাৰণাবোৰেৰে সমাজে তেওঁক নিষ্ক্ৰিয় ৰূপত প্ৰতিপন্ন কৰিছে, সেইবোৰ পৰিহাৰ কৰা। তেওঁৰ স্পষ্ট মত, নাৰীয়ে তেওঁক লৈ আৱৰ্তিত মিথটো ভাঙি পেলাব পাৰিব লাগিব। মুক্তিৰ লক্ষ্য হৈছে প্ৰত্যেকেই স্বাধীন বুলি পাৰস্পৰিক স্বীকৃতি। সমাজ-সভ্যতাই ইতিমধ্যে যি ৰূপত তেওঁক ৰূপায়িত কৰি থৈছে সেই ধৰণে নাথাকি নিজৰ বাবে যথাৰ্থ অস্তিত্ব এটাৰ সন্ধান কৰাৰ মাজতে আছে সমতা আৰু মুক্তিৰো পথ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close