Written by 4:12 am Articles

মিনহঁতৰ দেশ ইন্দোচীনত— ৬

 তপন কুমাৰ শৰ্মা

“আপোনাৰ নামটো?”- টেক্সিত বহি লৈ চালকক হোটেলৰ নাম আৰু ঠিকনা থকা ম’বাইলৰ ফটোখন দেখুৱালোঁ। সন্মতিসুচক ভংগীত গাড়ীৰ বেগ বঢ়াই দিয়াৰ পাছতে নামটো সুধিলোঁ।

“ডুঅং”- উত্তৰটো পালোঁ।

“আপুনি চীনা লোক নেকি?”- জানিব খুজিলোঁ।

“নহয়…” পথৰ সমুখলৈ চকু ৰাখি কেৰাহিকে মোলৈ চালে, ক’লে- “মোৰ নামটোৰ বাবে সুধিলে নেকি? মই চীনা লোক ঠিক নহয়, কিন্তু চীনামূলীয় ভিয়েটনামী। ডুঅং নামটো চীনাসকলৰ মাজতো আছে, ভিয়েটনামত সততে পোৱা নাম। ডুঅং মানে- ‘জনপ্ৰিয়’।

আধা ঘণ্টামান আধুনিক বিশাল চহৰৰ মাজেদি আগুৱাই গ’লোঁ। পৃথিৱীৰ আটাইবোৰ বিশাল জনবহুল চহৰ যেন একেই, বিশাল উৰণীয়া সেঁতুবোৰ, বহুমহলীয়া আট্টালিকাবোৰ, ফিনফিনিয়া চাৰিশাৰীযুক্ত এছফাল্টৰ পথবোৰ, কৰবাত চহৰৰ পুৰণা অংশত ঠেক গলিবোৰত চাইকেল-ৰিক্সা-ঠেলাৰ যানজঁট। 

এইখন ছাইগন চহৰ, নতুন নাম ‘হো-চি-মিন চিটি’। 

ছাইগন নদীৰ পাৰৰ চহৰ, ভিয়েটনামৰ সৰ্ববৃহৎ চহৰ। মাজতে ভালেখিনি সময় ইন্দোচীনৰ ৰাজধানী আছিল; ১৮৮৭- ১৯০২ চনৰ সময়ছোৱাত, তাৰ পাছত ১৯৪৫-৫৪ সময়ছোৱাত; ১৯৫৪ চনৰে পৰা ১৯৭৫ চনৰ ‘ছাইগন-পতন’ৰ সময়লৈ ই দক্ষিণ ভিয়েটনামৰ ৰাজধানী আছিল। 

পৃথিৱীৰ মেপত খৰধৰকৈ চালে ছাইগন মেকং নদীৰ পাৰত যেন লাগে, দৰাচলতে ই ছাইগন নদীৰ পাৰত; ভাব হৈছিল ছাইগন মেকঙৰ উপনদী। মেপখন ভালকৈ ঝুম কৰি চাওঁতে নিশ্চিত হ’লোঁ- ছাইগন আৰু মেকং দুখন পৃথক নদী। মেকং ছাইগন-চহৰৰ পৰা ভালেখিনি দক্ষিণেদি গৈ দক্ষিণ-চীন সাগৰত পৰিছে। মেকঙৰ মোহনাৰ পৰা ওপৰলৈ, মানে কিছু উত্তৰলৈ ছাইগনৰ মোহনা।

কাইলৈ অথবা পৰহিলৈ মেকঙৰ মোহনালৈ যাম; কথাষাৰ ভাবি গা সাতখন আঠখন হৈ আছে। আৰু ছাইগন নদীখন!

গাড়ীখনৰ বেগ কমা যেন লাগিল, ডুঅঙে বাঁওহাতলৈ দৃষ্টি আকৰ্ষণ কৰি ক’লে- “চাওক, এইটো অপেৰা হাউছ।”

ভালকৈ চাওঁ বুলি ভাবোঁতেই গাড়ী পাৰ হৈ আহিল। চকামকাকৈ দেখিলোঁ। দুশ মিটাৰ মান আহিয়েই চাৰিআলি এটাৰ চকুত গাড়ী ৰখাই ক’লে- “এইখনেই আপোনাৰ হোটেল।”

জিলি আৰু যাদৱ ৰৈ আছিল, সিহঁতৰ সৈতে এৰাএৰি হোৱা ৫ দিন হ’ল।

প্ৰাথমিক কথা-বতৰাৰ পাছত মই সুধিলোঁ- “কিম আহিছিল নেকি? লগ পালিনে?”

“নাই, আজি সন্ধিয়ালৈ আহিব, ফোনত কথা হৈছোঁ।”- যাদৱে জনালে। হো-চি-মিন চিটিৰ এই কেইদিনৰ পথ-প্ৰদৰ্শক হ’ব কিম; কিম হানয়ৰ মিন-থুইতকৈ অধিক ‘ইনফৰ্মড্’, ভিয়েটনামৰ সমাজ, সংস্কৃতি, ৰাজনীতি আৰু অৰ্থনীতি সম্পৰ্কে তেওঁৰ পৰা অধিক পৰিষ্কাৰকৈ জানিব পাৰিম। তেতিয়া বিয়লি ৪ মান বাজিছিল, চহৰৰ মাজ-মজিয়াতে পৰা।ওলাই গৈ কিবা এটা খাই ল’লোঁ।

জিলিহঁত আজি পুৱা ৬ মান ডানাঙৰ পৰা আহি হোটেলত সোমাইছেহি; হোটেলৰ ৰূম খালি হয় মানে লাউঞ্জতে বহিবলগীয়া হ’ল, সেই সময়ছোৱাতে বাহিৰলৈ গৈ গুমটিৰ দৰে দোকান এখনত চাহ খাই ল’লোঁ। “তাৰ পাছত আমি দুখন চাইক্ল, মানে সৰু এজন বহিব পৰা ৰিক্সা দুখন লৈ চহৰখন এপাক ঘুৰিলোঁ, এঘণ্টা ঘূৰোঁতে ৫০০ হাজাৰ ডং ল’লে।”

“তাৰমানে ১৫০ টকাৰ ওপৰ!”

“উপায় নাই, বিদেশত হৈ যায়, সময়খিনি ভালকৈ কটালোঁ, আমাক অপেৰা হাউছ, পুলিচ হেড্‌কোৱাৰ্টাৰ, ছাইগন নদীৰ জাকজমক এলেকা আৰু বহুত কিবাকিবি বাহিৰৰ পৰা আঙুলিয়াই দেখুৱাই গৈছিল, এই চাইক্লবোৰ বিদেশীৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে।”

সন্ধিয়া নমাৰ লগে লগে হোটেলৰ ছাদত থকা ‘বিয়েৰ-বাৰ’ত বহিলোঁগৈ। যাদৱে “ছাইগন-বিয়েৰ”ৰ অৰ্ডাৰ কৰিলে, বিয়েৰ-বাৰৰ পৰিচাৰিকা ছোৱালী দুজনী; এনেয়েও ভিয়েটনামৰ সমাজ জীৱনত ছোৱালীৰ উপস্থিতি চকুত লগা। বিয়েৰ-সেৱন যাদৱৰ নৈমত্তিক কাম, মোৰ যাদৱৰ দৰে লগ-বন্ধুৰ পাল্লাত পৰিলে বছৰেকত এবাৰ-দুবাৰ মান ঘটে। “ছাইগন-বিয়েৰ’’ ভিয়েটনামৰ সকলোতকৈ প্ৰসিদ্ধ বিয়েৰৰ ব্ৰেণ্ড, তুলনামূলকভাৱে সস্তাও, সেউজীয়া আৰু ৰঙা দুটা লেবেলত পোৱা যায়, ৰঙাটো সামান্য কাঢ়া। জিলিক চৰবত যঁচা গ’ল। 

*  * * * * *

“আপোনাক এৰাৰ পাছত ১ তাৰিখে আমি হানয় চহৰত ঘূৰিলোঁ। তাৰ পাছত…

২ তাৰিখে হালংবেলৈ যাওঁতে কি হ’ল জানে…”- জিলিয়ে অনৰ্গল কথা ক’বলৈ আৰম্ভ কৰিলে।

“হ’ব, সেইবোৰ অধ্যায় মই ফোনতে শুনিছোঁ, সেই যে পাকিস্তান আৰু ভাৰতীয় মূলৰ ছোৱালী দুজনী তোমালোকৰ সহযাত্ৰী আছিল, দুয়ো একেলগে ছিংগাপুৰত কাম কৰিছিল, এতিয়া দুয়ো ব্ৰিটেইনত থাকে আৰু ভিয়েটনাম ভ্ৰমণলৈ আহিছে, নহয় জানো।”- যাদৱৰ ফালে চাই ক’লোঁ- “যাদৱে সিহঁতৰ লগত কথা পাতিবলৈ লৈ নেৰাই হৈছিল নহয়।”

যাদৱে উত্তৰ কাটিলে- “মই তোৰ দৰে মিনৰ লগত ঘূৰি ফুৰা নাই নহয়।”

“বাৰু বাদ দে…”- সি আকৌ আৰম্ভ কৰিলে- “এটা কথা, বুল, মোৰ বৰ ভাল লাগিল। হালংবেত উপস্থিত হওঁতে সেইদিনা সাগৰত ধুমুহা আহিল, নৌকা লৈ আমি সাগৰৰ মাজলৈ যোৱাৰ কথা আছিল- সেইমতে ‘ট্যুৰ অপাৰেটৰ’ৰ লগত বন্দবস্তও আছিল আৰু জাহাজত খোৱাৰ বাবে পইচা ধৰা আছিল। শেষত অতিৰিক্ত টকাখিনি আমাক ঘূৰাই দিলে। সেই ব্যৱসায়িক সততাখিনি ৰাখিছে।” 

হানয় চহৰলৈ যিসকল ভ্ৰমণকাৰী যায়, তেওঁলোকে হালং-উপসাগৰলৈ নোযোৱাকৈ নাথাকে, ই ‘ট্যুৰিষ্ট-হাব’; সাগৰৰ মাজত থিয় থিয়, সৰু সৰু, সেউজ পাহাৰৰ দ্বীপ, পটভূমিত মৰকত মণিৰ দৰে সেউজ-নীলাভ পানী; থিয় পাহাৰবোৰ চূণশিলেৰে গঠিত। অনিন্দ্যসুন্দৰ ঠাই; আৰু বৰ্ষাৰণ্য। ইয়াৰ মাজতে আছে ‘কেট-বা-জাতীয় উদ্যান’।

“পাছ দিনাৰ কথা ক…”

যাদৱে আৰম্ভ কৰিলে- “৩ জুলাইত আগবেলা আমি হানয় চহৰ চালোঁ। পাছবেলা সন্ধিয়া ৬ বজাত হানয়-ডানং বাছত উঠিলোঁ, প্ৰায় ৮৫০ কিলোমিটাৰ দূৰ ১৬ ঘণ্টাত অতিক্ৰম কৰিব। বাছখনত শুই যাব পাৰি, অত্যাধুনিক বাছ; আমাৰ হোটেলৰ কাষতে পৰ্যটনৰ দোকান এখন আছিল, তাতে বাছৰ টিকেট, ছাইগনৰ হোটেল বুকিং সকলো কৰিছিলোঁ, আনকি তোৰ হানয়-ছাইগন বিমানৰ টিকটো তাতে কৰা।”

“ৰ’ব…”- যাদৱক ৰখাই জিলিয়ে আৰম্ভ কৰিলে- “এটা কথাই মন চুই গ’ল। পৰিষ্কাৰ-পৰিচ্ছন্নতা এইবোৰ দেশৰ এৰাব নোৱৰা অংশ। বাছখনৰ কথাই কৈছোঁ- বাছত উঠিবলৈ ধৰিছোঁ, তেনেতে দুৱাৰ মুখতে আমাক বেগ এটা দিলে, জোতা-চেণ্ডেল খুলি তাতে ভৰাব লাগে, কাৰ্পেট পৰা সুন্দৰ মজিয়াইদি গৈ নিজৰ আসন পালোঁ, শোৱা বিছনাৰ লগতে বাকচ আছে তাতে জোতাৰ বেগটো থ’ব লাগে। ভাবি পাৰ পোৱা নাই- ৮৫০ কিলোমিটাৰৰ সুদীৰ্ঘ বাটত তিনিবাৰ মানতো ৰখাব, চাহ-ভাত খোৱা, সৰুপানী চোৱা আদি কামবোৰ হ’ব, জোতা নোহোৱাকৈ নামিম কেনেকৈ?”

“ওঁ, তাৰ পাছত?”

“ৰাতি এঠাইত ভাত খাবলৈ বাছখন ৰ’ল। দুৱাৰ মুখলৈ খালী ভৰিৰে আহিলোঁ, মোৰ প্ৰশ্নৰ উত্তৰ পালোঁ- দুৱাৰ মুখত বাস্কেট এটাত বহুত চেণ্ডেল থোৱা আছে, তাৰে এযোৰ পিন্ধি নামিব লাগে।”

“তাৰ পাছত?”

“মোৰ মনত এটাই দুখ থাকিল, ৰাতি ৰাতি ভ্ৰমণ কৰি মজা নাই। চৌপাশৰ পৃথিৱীখন, আকাশখন, পথাৰ আৰু পৰ্বতবোৰ একো উপভোগ কৰিব নোৱাৰি, আৰু মানুহৰ চলন-ফুৰণ, বেশভূষা একো নেদেখি। তাতে আমি বাওঁহাতে দক্ষিণ-চীন সাগৰখন ৰাখি, সাগৰৰ সমান্তৰালকৈ, সাগৰৰ লগে লগে ভ্ৰমণ কৰিছোঁ; কি এক বৰ্ণানাতীত দৃশ্য, ৰাতিৰ আন্ধাৰে তাৰ পৰা আমাক বঞ্চিত কৰিছে। সি যি কি নহওক ৰাতিপুৱাৰ লগে লগে এখন সুন্দৰ ঠাইত বাছখন ৰৈ গ’ল। গম পালোঁ- ইয়াত কিছু সময় ৰ’ব লাগিব, বাছ সলাব লাগিব, নতুন বাছখন আহিবলৈ ৰওঁতে দুঘণ্টা সময় পালোঁ। ঠাইখন বিখ্যাত ঐতিহাসিক চহৰ ‘হোৱে’, বিশ্ব-ঐতিহ্য-ক্ষেত্ৰ।”

“ৰ’বাচোন, তোমালোকে ৫০ কিলোমিটাৰ মান উত্তৰত ১৭ ডিগ্ৰী উত্তৰ অক্ষাংশ এৰি আহিছা, হোৱেৰ অক্ষাংশ ১৬.৫ ডিগ্ৰী।”- মই জিলিক ৰখাই কৈছিলোঁ।

যাদৱে মোৰ পইণ্ট কাটিলে- “সেইডাল আকৌ কি অক্ষাংশ, ভূগোলত ২৩.৫ ডিগ্ৰী কৰ্কতক্ৰান্তি, ৬৬.৫ ডিগ্ৰী মেৰুবৃত্ত আদি অক্ষাংশৰ গুৰুত্ব আছে, তাৰ দ্বাৰা দিন-ৰাতিৰ দৈৰ্ঘ্য, ঋতু পৰিৱৰ্তন আদি ব্যাখ্যা কৰা হয়, কিন্তু তোৰ ১৭ ডিগ্ৰী বুজি নাপালোঁ।”

“ঠিকেই কৈছ, ১৭ ডিগ্ৰী উত্তৰ দ্ৰাঘিমাডাল ভিয়েটনামৰ ৰাজনৈতিক ভূগোলৰ অংশ। ই উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনামক ভাগ কৰিছে, সেই হিচাপত হোৱে, ডানাং এইবোৰ দক্ষিণ ভিয়েটনামত পৰে, ১৯৫৪-১৯৭৫ সময়ছোৱাত এই বিভাজন আছিল। ইয়াৰ কাষতে ‘গিয়ান নদী’, ভিয়েটনামীসকলে কয়- ‘চং গিয়ান’, চং মানে নদী। সপ্তদশ শতিকাত নদীখনেৰে দুটা ৰাজ পৰিয়ালৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল। আমেৰিকা-ভিয়েটনাম দীঘলীয়া যুদ্ধৰ সময়ত, হোৱে চহৰক হো-চি-মিনৰ হাতৰ পৰা আঁতৰাই দক্ষিণ ভিয়েটনামত ৰাখিবলৈ, আমেৰিকাই নিজৰ ঘাটি পাতিবলৈ ইয়াত এটা ডাঙৰ গণহত্যাৰ সুচনা কৰিছিল, সময় সম্ভৱত ১৯৬৮ চন, (ম’বাইলটো উলিয়াই খুঁচৰি-খুঁচৰি) হয়, ৩১ জানুৱাৰি পৰা ২৬ দিন ধৰি আমেৰিকাৰ সৈন্যই ধ্বংসলীলা চলাইছিল, পাছত তাত কেইবাটাও গণকবৰ উদ্ধাৰ কৰা হৈছিল।”

“বাৰু, সেইবোৰ হ’ব। ডানাঙত কি দেখিলোঁ কওঁ, শুন। কি দেখিলোঁ ক’ম বাৰু ছাইগনৰ বাবে ৰে’ল ধৰিবলৈ যাওঁতে লাগিল নহয় পয়মাল…,”

“তঁহত ডা-নাঙত প্ৰায় দুদিন এৰাতি থাকিলি, কি কি চালি, সেই হাতৰ ওপৰত থকা দলংখন চালিনে?”- জিলি আৰু যাদৱক সুধিলোঁ।

ডা-নাং ভিয়েটনামৰ তৃতীয় বৃহৎ নগৰ, মধ্য ভিয়েটনামত, বন্দৰ চহৰ। ইয়াৰ উপকূলবোৰ, পেগোডাবোৰ, চূণশিলৰ গুহাত থকা বৌদ্ধ মন্দিৰ, ‘বা-নাং’ পাহাৰ এইবোৰৰ বাবে বিখ্যাত, পৰ্যটকৰ ভিৰ আছে।

“কিন্তু কি জান, এই ডা-নাং বন্দৰৰ পৰাই ১৮৫৮ চনত ফৰাচী ‘ইন্দোচীন’ৰ পোখা মেলিছিল, ১৮৫৮ চনত ফৰাচী আৰু স্পেনীয়সকলৰ যুটীয়া নৌ আক্ৰমণ এটা ভিয়েটনামৰ বিৰুদ্ধে চলিছিল, তাৰ পটভূমি আছিল ১৮৪৭ চনত হোৱা অন্য এটা নৌ আক্ৰমণৰ ঘটনাৰ আলমতে; এইবোৰৰ পাতনি। তাৰো দুশ বছৰ আগৰ, ফৰাচী, স্পেনিছ আৰু পৰ্টুগীজ কেথলিক ধৰ্মযাজকে ভিয়েটনামত আহি বহিছিল আৰু ১৮৫০ চনলৈ ৩ লাখ লোকক ধৰ্মান্তৰিত কৰিছিল, এওঁলোকৰ লগত স্থানীয় ৰজা-প্ৰজাৰ সংঘাত লাগি আছিল। হোৱেৰ ৰজাই বহু ধৰ্মযাজকক বন্দী কৰিছিল। এ… সেইবোৰ বাদ দে। বহু দীঘলীয়া ইতিহাস।”

তেনেতে কিম আহিল।

আমি উৎকণ্ঠাৰে কিমৰ আগমনৰ বাবে ৰৈ আছিলোঁ। কিয়নো ইয়াৰ পাছত ছাইগন চহৰক কেন্দ্ৰ কৰি আমি ৫ দিন কটাম। কেনেকৈ, কি কৰি? তাৰ পৰিকল্পনা যুগুত কৰিব কিমে। মোটামুটি পৰিকল্পনা এটা আছে। প্ৰথম দুদিনৰ এদিন চহৰখন খৰচি মাৰি চাম। এদিন চু-চি সুৰংগ চাবলৈ যাম। তাৰ পাছত কলিকতাৰ পৰা আহি আমাৰ লগত যোগ দিবহি মাধু, ত্ৰিদিৱ আৰু পূৰবীয়ে।

“ৰ’বি বুল, তই কথাবোৰ পাহৰি যাৱ, তোৰ কাম্বোডিয়াৰ ভিজা হোৱা নাই, আমাৰ সকলোৰে হ’ল, তোৰ অসাৱধানতা, অমনোযোগিতাৰ বাবেই হোৱা নাই। ইয়াৰ মাজতে কাম্বোডিয়াৰ দূতাবাসলৈ গৈ কামটো কৰিব লাগিব। কিমৰ পৰামৰ্শ ল’ব লাগিব। তাৰ বাহিৰেও লাওচৰ ভিজাৰ বাবে লাওচ দুতাবাসলৈও যাব লাগিব।”

কিম চকুত লগা চেহেৰাৰ।

সুদৰ্শন ডেকা ল’ৰা। ল’ৰা বুলি ক’ব পাৰিনে, বয়স ৩৮ বছত, দেখাত ল’ৰা। অতদিনে হোৱাটচ্এপত কথা পাতি আছোঁ। কিম বুলিয়েই জানো, সম্পূৰ্ণ নাম নাজানো। সোধাও নাই, কোৱাও নাই। ন’টপে’ডটো আগবঢ়াই দিলোঁ- “তোৰ নামটো লিখি দে।” সি টাইপ কৰি দিলে- “ঙুয়েন-ট্ৰাং-কিম”। তপন, যাদৱ, দিলীপ যেনেকৈ আমাৰ খুব ‘কমন’ নাম, ঙুয়েন ভিয়েটনামৰ তেনে নাম, ভিয়েটনামৰ শেষ ৰাজবংশৰ নামো ঙুয়েন। আৰু কিম! কিম উভয় লিংগৰ নাম, ল’ৰাৰ নামো থাকে, ছোৱালীৰো থাকে। কিম কোৰিয়াৰ লোকৰো নাম; বৰ্তমান উত্তৰ কোৰিয়াৰ সৰ্বাধিনায়ক কিম-জন-উন, বৰ্তমান ভূ-ৰাজনীতিৰ নায়ক নে খলনায়ক নাজানো। ‘কিম’ৰ অৰ্থ সোণ অথবা ধাতু।

আমাৰ কিম বৰ্তমান ছাইগনৰ, মূল পেছা পৰ্যটকৰ গাইড। কিন্তু সি মূলতঃ উত্তৰ ভিয়েটনামৰ। ‘নাম-দিন’ নামৰ ঠাইৰ, হানয় চহৰৰ পৰা ৯০ কিলোমিটাৰ দক্ষিণত, হো-চি-মিনৰ জন্মস্থানৰ ওচৰে-পাজৰে হ’ব।; তাৰ পৰিবাৰৰ ঘৰ ‘ফু-য়েন’ত, সিহঁতৰ ছোৱালী দুজনী, ডাঙৰজনী ৪ বছৰীয়া, নাম লোৱান। সৰুজনী সৰু, ১৮ মহীয়া, নামটো ডিয়েম।

কথাৰ মাজতে জিলিয়ে উলিয়ালে–…

“এটা কথা মোৰ পৰিষ্কাৰ  হোৱা নাই, আপুনি মিনৰ লগত কথোপকথনৰ সময়ত কৈছিল, ইতিহাসৰ পৃষ্ঠাতো লিখা আছে, ১৯৪৫ চনৰ ২ ছেপ্টেম্বৰত হো-চি-মিনে ভিয়েটনামৰ স্বাধীনতা ঘোষণা কৰিছিল। ঠিকেই আছে, কিন্তু ইতিহাসৰ পৃষ্ঠাত ভিয়েটনামৰ স্বাধীনতাৰ চনটো ৭ মে’ ১৯৫৪ চন বুলিও পাওঁ।”- শেষত জিলিয়ে প্ৰশ্নটো কৰিলে।

“ওঁ, ভাবিছিলোঁৱেই তুমি সুধিবা বুলি। ক’ম বাৰু। আৰু কিবা খোঁকোজা?”- মোৰ কথাত ক্ষন্তেক ৰৈ তাই ক’লে- “হ’ব তাকে শুনো। অ’, অ’, আৰু এটা কথা আছে অৱশ্যে উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনাম দুটা শাসন ব্যৱস্থা কেনেকৈ হৈছিল?”

“কিম, তোমাৰ পৰা শুনিব খোজোঁ।”- কিমৰ চকুলৈ চাই মনোযোগ আকৰ্ষণ কৰিলোঁ। বলটো কিমৰ ভৰিত দি দিলোঁ। 

 * * * 

এইবোৰ সকলো দ্বিতীয় মহাযুদ্ধৰ ধামখুমিয়াত হোৱা পৰিণতি।

ভিয়েটনামত ১৮৮৭ চনৰে পৰা ফৰাচী শাসন চলি আছিল। এই ফৰাচী উপনিৱেশ ১৯৪০ চন পৰ্যন্ত চলিল। তেনেতে… 

১৯৪০ চনৰ ছেপ্টেম্বৰ মাহত ভিয়েটনাম জাপানী সেনাই অধিকাৰ কৰে। জাপানী সেনা সংখ্যাত তাকৰ আছিল, সেয়ে ফৰাচীসকলক সম্পূৰ্ণ উৎখাত কৰিব পৰা নাছিল, হ’লেও ফৰাচীসকলক নিজৰ নিয়ন্ত্ৰণত ৰাখি ফৰাচীৰ হতুৱাই ভিয়েটনাম শাসন কৰাইছিল; সাগৰৰ বন্দৰসমূহ, বিমানঘাটি সকলোবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখি জাপানী সেনাৰ অবাধ গতি আছিল, বাণিজ্যক নিজৰ  নিয়ন্ত্ৰণত ৰাখিছিল। ভিয়েটনামত জাপান আৰু ফৰাচীৰ যৌথ শাসন চলিছিল। ভিয়েটনামী জনসাধাৰণ বিমোৰত পৰিছিল- কোনে তেওঁলোকক শাসন কৰিছে? কোন ডাঙৰ শত্ৰু জাপানী নে ফৰাচী?

১৯৩৭ চনৰে পৰা জাপানে চীন আক্ৰমণ কৰি তাত বাহৰ পাতি আছিল, জাপানে লাহে লাহে চীনৰ দক্ষিণ অঞ্চলৰ সকলো দেশ নিজৰ দেশ নিজৰ দখললৈ আনিছিল। ফিলিপাইনছ্, হংকং, ভিয়েটনাম, লাওচ, বাৰ্মা।

১৯৪৫ চনৰ মাৰ্চ মাহত জাপানে ফৰাচীসকলৰ পৰা ভিয়েটনামৰ সম্পূৰ্ণ শাসন কাঢ়ি লয়, ফৰাচী বিষয়া আৰু সেনাসকলক বন্দী কৰে; জাপানে ভিয়েটনামৰ ঙুয়েন বংশৰ পুতলা ৰজা ‘বাও-ডায়’ৰ হাতত শাসন দিয়ে, তেওঁকো পুতলা ৰজা হিচাপেই ৰাখে।

সেই সময়ত, দ্বিতীয় বিশ্বযুদ্ধ সেই সময়ত পৰি আহিছে। হো-চি-মিনৰ ভিয়েটমিন বাহিনীয়ে উত্তৰ ভিয়েটনামত তেতিয়া ভিয়েটনামৰ স্বাধীনতাৰ বাবে প্ৰস্তুতি চলাই আছিল। ফৰাচী গ’ল, জাপানীও দুৰ্বল হৈ আহিছে; সেই পটভূমিত হো-চি-মিনে ভিয়েটনাম অধিকাৰ কৰাৰ বাবে সাজু হ’ল।

তাৰ পাছত!

৬ আৰু ৯ আগষ্ট ১৯৪৫ চনত হিৰোছিমা আৰু নাগাছাকিত পাৰমাণৱিক বোমা পৰিল, তাৰ কেইমাহমান আগেয়ে জাৰ্মানে মিত্ৰশক্তিৰ হাতত পৰাজয় বৰণ কৰিছে। জাপানে তেনে পটভূমিত তালি-টোপোলা বান্ধি অধিকৃত ঠাইবোৰ এৰি ঘৰমূৱা হ’বলৈ সাঁজু হৈছে। মিত্ৰশক্তিৰ পৰামৰ্শ মতে জাপানে উত্তৰ ভিয়েটনাম চীনক আৰু দক্ষিণ ভিয়েটনাম ব্ৰিটিছৰ হাতত গটাই দিব লাগে। তেনে সময়ত চীন আহি পোৱাৰ আগতেই, ‘আগষ্ট মাহত’ ভিয়েটমিন বাহিনীয়ে চৰকাৰী অফিচবোৰ দখল কৰি লয়, ২৫ আগষ্টত ৰজা বাও-ডাই সিংহাসনচ্যুত হয়; ৰজা বাও-ডাই ফৰাচী দেশত আশ্ৰয় লৈ থাকেগৈ। হো-চি-মিনৰ ভিয়েটমিন বাহিনীয়ে উত্তৰ ভিয়েটনামৰ হানয় চহৰত ‘বাহ-ডিন-স্কোৱাৰ’ত ২ ছেপ্টেম্বৰ ১৯৪৫ চনত স্বাধীনতা ঘোষণা কৰে। হো-চি-মিনৰ ভিয়েটনামক আমেৰিকা, ব্ৰিটিছ, ফৰাচী আদি দেশে আনুষ্ঠানিক স্বীকৃতি নিদিলে। 

আনহাতে দক্ষিণ ভিয়েটনামলৈ লৰ্ড মাউণ্টবেটেনে ২০ হাজাৰ সৈন্য পঠিয়াই জাপানৰ পৰা ছাইগন চহৰ হস্তগত কৰে, সময় ৬ ছেপ্টেম্বৰ। ব্ৰিটিছে দক্ষিণ ভিয়েটনাম (কোছিন-চাইনা) ফৰাচী বাহিনীৰ হাতত গটাই গুচি আহিল, পিছে প্ৰক্ৰিয়াটোত ১০-১১ মাহ লাগিল, আৰু ভালেমান ব্ৰিটিছ ভাৰতৰ সৈন্য হতাহত হ’ল।

দক্ষিণৰ ফৰাচী চৰকাৰ আৰু উত্তৰৰ ভিয়েটমিন বাহিনীৰ মাজত সংঘাত চলি থাকিল। ১৯৪৭ চনৰে পৰা দুয়োপক্ষৰ মাজত পোনপটীয়া যুদ্ধ আৰম্ভ হ’ল, ‘ফুলস্কে’ল ৱাৰ’। চীনত চিয়াং-কাই-চেকৰ চৰকাৰৰ ঠাইত মাও-জে-ডুঙৰ কমিউনিষ্ট চৰকাৰ অহাত হো-চি-মিনৰ ভিয়েটমিন চৰকাৰে বহুত সহায় পালে, ৰাছিয়াৰ সহায়ো আছিল। অৱশেষত ১৯৫৪ চনৰ ৭ মে’ তাৰিখে ‘ডিয়েন-বিয়েন-ফু’ৰ পতন হ’ল, এইখন ঠাই উত্তৰ-পশ্চিম অংশত ফৰাচী সৈন্যৰ মূল ঘাটি আছিল। ঘাটিটো ভিয়েটমিনৰ দখললৈ আহে, তাৰ পাছতেই ফৰাচী চৰকাৰে ভিয়েটনাম এৰি গুচি যাবলৈ বাধ্য হয়। আৰু ভিয়েটনাম স্বাধীন হ’ল। ১৯৪৫ চনৰ পৰা ১৯৫৪ চনৰ সময়খিনি ‘প্ৰথম ইন্দোচীন যুদ্ধ’ বুলি ইতিহাসৰ পাতত লিখা আছে।

“এইখিনি বুজিলোঁ, কিন্তু দক্ষিণ ভিয়েটনামৰ সৃষ্টি আৰু আমেৰিকাৰ পোনপটীয়া প্ৰৱেশ কেনেকৈ ঘটিল?”- জিলিয়ে উত্থাপন কৰিলে।

“ৰ’বা, কওঁ। এই ঘটনা প্ৰৱাহ দৰাচলতে শীতল যুদ্ধৰ পৰিণতি, আমেৰিকা-ৰাছিয়াৰ মাজৰ সংঘাত। বিতং কথাখিনি এনেকুৱা…,, ”

যাদৱে বাধা দি ক’লে- “বুল, ৰচোন, কিমৰ পৰা শুনো…, তোক লগ পাই থাকিমেই।”

কিমৰ কোৱা কথাৰ সাৰাংশ এনেকুৱা-

১৯৫৪ চনৰ ২৬ এপ্ৰিল পৰা জুলাই মাহলৈ জেনেভা সন্মিলন আৰম্ভ হয়। সন্মিলনত কোৰিয়া আৰু ইন্দোচীন দুটা বিষয়ত আলোচনা হৈছিল। ইন্দোচীনৰ বিষয়টো ৮ মে’ৰ পৰাহে আলোচনালৈ আহে, তাৰ আগদিনা ফৰাচীসকলৰ পতন হৈছিল। সন্মিলনত উত্তৰ ভিয়েটনাম, ফৰাচী, আমৰিকা, ব্ৰিটেইন আৰু চীনে ভাগ লয়। সন্মিলনৰ মূল সিদ্ধান্ত হ’ল- সদ্যহতে সাময়িকভাৱে ১৭ডিগ্ৰী অক্ষাংশত ভিয়েটনাম দুভাগ হ’ব। উত্তৰ ভিয়েটনামত হো-চি-মিনৰ ভিয়েটমিনে শাসন কৰিব আৰু দক্ষিণ ভিয়েটনামত ঙুয়েন বংশৰ শেষ ৰজা বাও-ডাই শাসন কৰিব। ১৯৫৬ চনৰ জুলাই ভিতৰত নিৰ্বাচন হ’ব আৰু দুয়োখন ভিয়েটনাম এক হ’ব।

জেনেভা বুজাবুজিত আমেৰিকা আৰু দক্ষিণ ভিয়েটনামে চহী নকৰিলে। নিৰ্বাচন হ’লে হো-চি-মিন জিকাটো প্ৰায় নিশ্চিত, উত্তৰ ভিয়েটনামত হো অপ্ৰতিদ্বন্দ্বী আৰু দক্ষিণ ভিয়েটনামতো হোৰ জনপ্ৰিয়তা আছিল। আমেৰিকাৰ কমিউনিচিষ্ট ভীতি আছিল, হোৰ কমিউনিষ্ট পাৰ্টি সমগ্ৰ ভিয়েটনামত থাকিলে ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত বিয়পি যোৱাৰ ভয়।

দক্ষিণ ভিয়েটনামৰ সামৰিক নেতা ঙ-ডিন-ডিয়েমে নিৰ্বাচনৰ বিৰোধিতা কৰিলে; ডিয়েম ফৰাচী আৰু আমেৰিকাৰ অনুগামী। এয়া দ্বিতীয় ইন্দোচীন যুদ্ধ বা ভিয়েটনাম যুদ্ধৰ আৰম্ভণি। ই শেষ হয় ১৯৭৫ চনতহে।

“তাকে!”- জিলিয়ে দীঘলীয়াকৈ হমুনিয়াহ কাঢ়ি ক’লে- “আমেৰিকাৰ দৰে সৰ্বোত্তম সামৰিক শক্তি সৰু দেশ এখনৰ গেৰিলা যুদ্ধৰ লগত পৰাজিত হৈছিল, দুই দশকত আমেৰিকাই সেও মানিলে, কিন্তু ভিয়েটনাম আৰু তাৰ জনগণৰ বিস্তৰভাৱে অভাৱনীয় ক্ষতিও হ’ল।”

কিমে ক’লে- “কাইলৈ ভিয়েটনামৰ ভিয়েট-কং গেৰিলাই কেনেকৈ যুদ্ধ কৰিছিল, তাকে দেখুৱাবলৈ আপোনালোকক নিম।”

“কিম, ছু-ছি সুৰংগলৈ নিবলৈ ব্যৱস্থা কি হ’ব, গাড়ী ঠিক হৈছেনে?”

যাদৱৰ কথাত সি ক’লে- “কাইলৈ পুৱা ৮ বজাত গাড়ী আহিব।”

কিম গ’লগৈ, কাইলৈ পুৱা অহাৰ প্ৰতিশ্ৰুতিৰে। 

আমিও উঠিলোঁ, চহৰখন খোজকাঢ়ি এপাক ঘূৰিম লগতে ৰাতিৰ সাঁজটো খাই আহিম। আমি চহৰৰ মাজ মজিয়াত আছোঁ, এশ-ডেৰশ মিটাৰ দূৰত অপেৰা হাউছ, ফৰাচী লিগেচি, ফৰাচী সংস্কৃতিৰ অন্যতম কীৰ্তিচিহ্ন, ইয়াৰ ইতিহাস পাছে-পৰে জানিম। হোটেলৰ পৰা অন্য এটা দিশত তিনিশ মিটাৰমান গ’লে, ছাইগন নদীৰ পাৰ, নদীৰ দুয়োপাৰে অসংখ্য বহু মহলীয়া চকুত লগা অট্টালিকা, ‘ফৰলে’ন ৰাস্তা’, মুম্বাইৰ মেৰাইন-ড্ৰাইভ অঞ্চলৰ দৰে, অথবা ছাংহাই হুৱাংপু নদীৰ পাৰৰ দৰে; দ্বিতীয়টো বেছি ওচৰ চপা উদাহৰণ।

আমি অন্য এটা পথ ল’লোঁ, যাদৃচ্ছিক সিদ্ধান্ত, কেনি গৈছোঁ আমি নিজেও নাজানো, চাৰিআলিৰ এটা কোণত আমাৰ হোটেল, আলিটো পাৰ হৈ আন এটা কোনো পদপথত উঠিলোঁ। পদপথৰ কোণত টুল এখন ছোৱালী/মহিলা এজনী, পিন্ধনত সুৰুচিপূৰ্ণ পোছাক, আমাক সুধিলে- “স্পা কৰাব নেকি?”

“ক’ত, কিমান দূৰত?”- এনেয়ে সুধিলোঁ। উত্তৰ আহিল- “আগত আছে, মোৰ লগত যাব লাগিব, ৬০ ডলাৰ গাইপতি।” উপেক্ষা কৰি সমুখলৈ বাট ল’লোঁ। 

৩০ মিটাৰ মান গৈ আকৌ বৃহৎ চাৰিআলি এটা, সোঁফালে ঘূৰি পদপথেৰে আকৌ আগুৱালোঁ; কাষৰ দোকানবোৰত, সমুখলৈ, পথৰ সিটো পাৰে সকলোতে চকুৰে স্কেন কৰি গৈছোঁ। পাকটো লৈয়ে পদপথত ভিক্ষাৰী ল’ৰা এজন দেখিলোঁ, কাপোৰ পাৰি বহি লৈছে, টুপি এটা ভিক্ষাৰ পাত্ৰটোৰ দৰে আগ বঢ়াই দিছে। আৰু ৫০ মিটাৰমান গৈ পথটো শেষ হৈছে, পথটোৰ নাম ঙুয়েন-হু-ষ্ট্ৰীট। সোঁহাতে বা বাঁওহাতে অন্য পথে ফেৰেঙণি মেলিছে। পথটো য’ত শেষ হৈছে তাতে কংক্ৰীটৰ এখন বিয়াগোম চোতাল, চোতালৰ শেষত এটি ওখ মানৱ মুৰ্তি, আধুনিক ভিয়েটনামৰ, যোৱা শতিকাৰ ভিয়েটনামৰ আটাইতকৈ ওখ-খাপৰ মানুহজনৰ মূৰ্তি, দদাইদেউ-হোৰ মূৰ্তি। হো-চি-মিনৰ মূৰ্তি। মূৰ্তিটো ৭.২ মিটাৰ ওখ, ভেঁটিটো ২.৭ মিটাৰ।

মূৰ্তিটোৰ পিছফালে এটি আটকধুনীয়া ঘৰ। সম্ভৱতঃ চৰকাৰী ঘৰ হ’ব, কিয়নো ঘৰটোৰ গম্বুজত উৰি আছে এখন ৰঙা পতাকা, ভিয়েটনামৰ জাতীয় পতাকা।

চোতাল বুলি কোৱা মুকলি ঠাইখিনিত দেশী-বিদেশী পৰ্যটকৰ ভিৰ। এনে খুব কম লোক ওলাব যি মূৰ্তিটোৰ ফ’টো নোলোৱাকৈ থাকিব, পিছফালৰ ঘৰটোৰ সৈতে সুন্দৰ পটভূমিত মূৰ্তিটোৰ ফ’টো ল’ব পাৰি?

‘মূৰ্তিটো কেতিয়া নিৰ্মাণ কৰা?’- মুখৰ ভিতৰতে উচ্চাৰণ কৰিলোঁ। ফুটাই সুধিবলৈ কিমো নাই, মিনো নাই। উত্তৰ এটা আছে, ইয়াক ১৯৭৫-৭৬ চনৰ পাছত নিৰ্মাণ কৰা, উক্ত বছৰত আমেৰিকা ভিয়েটনাম এৰিবলৈ বাধ্য হৈছে, দুই ভিয়েটনাম একত্ৰীকৰণ হৈছে। মিন থকাহ’লে ক’লেহেঁতেন-

“দদাইদেউ হুৰ এই মূৰ্তিটো ২০১৫ চনত সম্পূৰ্ণ কৰা হয়, তেখেতৰ ১২৫ বছৰীয়া জন্মদিন উপলক্ষ্যে। মূৰ্তিটো ব্ৰ’ঞ্জৰ। মূৰ্তি নিৰ্মাণ কৰা শিল্পীজনৰ নাম লাম-কোৱান-নই। আৰু পিছফালৰ অট্টালিকাটো পিপ’লছ কমিটি বিল্ডিং। অ’, আৰু এটা আমোদজনক কথা শুন- ২০১৫ চনৰ আগতে ২৫ বছৰ জুৰি সেই স্থানতে হো-চি-মিনৰ অন্য এটি মূৰ্তি আছিল, এগৰাকী কন্যা শিশুৰ লগত দদাইদেউ হুৰ মূৰ্তি।” 

এইখিনি ঠাই সন্ধিয়া জাকজমক হৈ উঠে। পানী, ফোৱাৰা, বিজুলী চাকি, আৰু হৰেক ৰকমৰ মানুহ। ১৯৯০ দশকৰ পাছত, ভিয়েটনামে  মুক্ত-বাণিজ্যক  আঁকোৱালি লোৱাৰ পাছত ই অতি  আধুনিক চহৰলৈ ৰূপান্তৰিত হ’ল। অন্য এটা কথাই আমনি কৰি আছে। এইখিনি ঠাইলৈ মোৰ শৈশৱত, মোৰ যৌৱনত, ১৯৬৫-৭৫ সময়ছোৱাত অহাহেঁতেন, ইয়াত জুই-ধোঁৱা, সামৰিক গাড়ী কুচ-কাৱাজ, চাইৰেন, অ’ত-ত’ত মৃতদেহ এইবোৰহে দেখিলোঁহেঁতেন।

অলপতে, যোৱা কেইদিনত পঢ়ি থকা কিছু কবিতা মনলৈ অহা-যোৱা কৰিবলৈ ধৰিলে।

ছাইগন।

(জেক এলাৰ)।

পুৰণি ছাইগন

অলিয়ে গলিয়ে ঘূৰিছোঁ

প্ৰেতাত্মাবোৰক যেন দেখিছোঁ, অনুভৱ কৰিছোঁ।

যুদ্ধৰ ভূত-প্ৰেতবোৰ

যিবোৰে মোৰ জীৱনটো খেদি ফুৰিছিল

ইমান বছৰৰ আগতে, যুদ্ধৰ দিনবোৰত।

ইমান মানুহৰ মৃত্যু হ’ল

এখন যুদ্ধৰ বাবে

যিখন যুদ্ধ যুঁজিব নালাগিছিল

যিখন যুদ্ধৰ কাৰণ এতিয়াও অজ্ঞাত।

এক বৃহৎ ট্ৰেজেডিৰ সূচনা হ’ল

পৃথিৱী পৰিভ্ৰমণৰ

মাজভাগৰ এখন দেশত।

ভূতবোৰে মোক চাই হাঁহি মাৰে

আৰু তাৰ পিছত সিহঁত নোহোৱা হৈ যায়

মোক বৰ্তমানৰ মাজত এৰি থৈ

জীৱনটো এনেকৈয়ে চলি থাকে।।

ছাইগনৰ পুৰণি প্ৰেতাত্মা

পুৰণি ছাইগনৰ ৰাজপথত বিচৰণ কৰি থকা পুৰণি ভূত

মৃত সৈনিকৰ হেৰাই যোৱা আত্মা

অন্তহীন যুদ্ধৰ সময়ত হেৰাই যোৱা

অশৰীৰৰ শৰীৰবোৰ চহৰৰ প্ৰতিটো কোণত বিৰাজমান।

ইয়াতে আছিল কিলৰয়

আৰু তেওঁৰ সৈনিকৰ দলটো

তাত আছিল ভিয়েট-কং

তেওঁলোকক **** অপেক্ষা কৰি আছে। 

তেনেকুৱা স্মৃতিৰে ভৰি পৰিছে ছাইগন

ইয়াত পুৰণি ছাইগনত ভয়ংকৰ সময় পাৰ হৈছিল

মনে মনে ভূতবোৰে চহৰৰ ৰাজপথত পেৰেড কৰে

যেনেকৈ পৰ্যটকসকলে বাৰত মদ্যপান কৰে।

…,

কবি, উপন্যাসিক জেক কেলাৰে দেখা/ভবা ভূতবোৰ ক’ত! তেখেতে ২০১৯ চনতহে ছাইগনলৈ আহিছিল, এতিয়া ২০২২ চন।  

এলাৰৰ সম্পূৰ্ণ নাম জন (জেক) কছমছ্ এলাৰ। তেখেত কবি আৰু  ঔপন্যাসিক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ষ্টে’ট ডিপাৰ্টমেণ্ট’ৰ বিষয়া হিচাপে তেখেত ২৭ বছৰত দহখন দেশত সেৱা আগ বঢ়াইছিল। তেখেতে কোৰিয়া, থাই আৰু স্পেনিচ ক’ব পাৰে, তদুপৰি তেখেতে চীনা, আৰবিক আৰু হিন্দীও অধ্যয়ন কৰিছিল।

“ঐ বুল, কি কৰি আছ। ব’ল, যাবৰ হ’ল।”- যাদৱে হেঁচুকি দিয়াত জ্ঞান আহিল। আনমনা হৈ আছিলোঁ, হয়তো ভাবি আছিলোঁ- এলাৰৰ ভূতবোৰ ক’ত? ছাইগনৰ পথৰ ভূতবোৰ ক’ত? 

এই যে ভিক্ষাৰীজন, ফটোখন চাই দেখিলোঁ- বাওঁহাতৰ হাতখন কোঙা, কোনে কৰিলে! তেওঁৰ দেউতাক হয়তো ভিয়েটকং বাহিনীৰ সেনা আছিল, হয়তো কিলৰয় বাহিনীৰ জৈৱিক অস্ত্ৰৰ বলি হৈছিল, সন্তানলৈ বেমাৰ সুঁচৰিছিল। আৰু সেই ছোৱালীজনী- স্পা চেণ্টাৰলৈ গ্ৰাহক বিচৰা নাৰীজনী কোন! নামটো মিন-থুই অথবা কোৱান-মিন! হয়টো এগৰাকী পিম্প! এওঁলোক মানৱ, আধুনিক বিশ্বৰ মানৱ, যুদ্ধোত্তৰ পৃথিৱীৰ মানৱ, হয়তো জেক কেলাৰে দেখা ছাইগনৰ পথৰ প্ৰেতাত্মাবোৰ।

আমি কোন? মই, জিলি আৰু যাদৱ! তিনিওটা এসাঁজ আহাৰৰ সন্ধাৰত আগবাঢ়িলোঁ; পদপথৰ কাষত পৰিষ্কাৰ , তপত, ভিয়েটনামী খাদ্যৰ সন্ধানত। 

… 

পুৱা ৮ বজাত টেক্সি লৈ হোটেলৰ সমুখত কিম। দিনটোৰ অভিযানৰ বাবে সাজু।

লক্ষ্য ছু-ছি সুৰংগ। হোটেলৰ কপ্লিমেণ্ট’ৰি জলপান টেঁটুলৈকে ভৰাই আমিও সাজু। টেক্সিখন ৮-১০জনীয়া লোকৰ বাবে, ফ’ৰ্ড কোম্পানীৰ, মিনিবাছ সদৃশ। চালক সুকীয়া। কিম পথ পদৰ্শক।

“কিম, কোৱাঁচোন, ছু-ছি সুৰংগত আমাক কি দেখুৱাবা?”- জিলিৰ প্ৰশ্ন। কিমে জনালে- “ক’লে বিশেষ বুজি নাপাব নহয়, ব’লকচোন বহুত বিস্ময় ৰৈ আছে।”

এনে খুব কম পৰ্যটক ওলাব যি ছাইগন চহৰলৈ গৈছে অথচ ছু-ছি সুৰংগ চাবলৈ যোৱা নাই। ক’ৰবাত পালোঁ- দক্ষিণ-পূব এছিয়াৰ  ৭টা আটাইতকৈ বেছ ‘এক্স’টিক’ বস্তুৰ ভিতৰত ছু-ছি সুৰংগও এটা; ছাইগন চহৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত। ভিয়েটনাম যুদ্ধৰ সময়ত ভিয়েটনামী গেৰিলা যোদ্ধাই ব্যৱহাৰ কৰা এলানি বৃহৎ সুৰংগ ব্যৱস্থা; এই আচৰিত সুৰংগ লানিৰ গঠন আৰু ব্যৱস্থা প্ৰণালী চাই ইয়াক ‘লোহাৰ দেশ’ আখ্যা দিছে আৰু নেচনেল-জিঅ’গ্ৰাফীৰ মতে ১০টা বিশেষ ‘মনুমেণ্টেল’ ভূগৰ্ভৰ গাঁথনিৰ ভিতৰত ই এটা। 

সুৰংগ ভিতৰতে ভিয়েটকং গেৰিলা লোকসকলে গাঁও পাতি থকাৰ দৰে আছিল, তাত চিকিৎসালয় আছিল, অস্ত্ৰ নিৰ্মাণ কাৰখানা আছিল, বিদ্যুতৰ ব্যৱস্থা আছিল। তেওঁলোকে আমেৰিকাৰ সৈনিকক হঠাতে আক্ৰমণ কৰি সুৰংগৰ ভিতৰত লুকাই পৰিছিল।

সুৰংগ প্ৰণালীটো ১৯৬০ দশকৰ পৰা ১৯৭৫ চনত যুদ্ধ অৱসান হোৱালৈকে বহুলভাৱে ব্যৱহৃত হৈছিল। কিন্তু সুৰংগ নিৰ্মাণ কাৰ্য ১৯৪৫-৫৪ চনৰ সময়ছোৱাত, প্ৰথম ইন্দোচীন যুদ্ধৰ সময়তে আৰম্ভ হৈছিল। প্ৰথমতে বোমা নিক্ষেপণৰ পৰা বাচিবলৈ তাত কিছুমান ‘ট্ৰেঞ্চ’ খন্দা হৈছিল, গভীৰ অৰণ্যত হোৱাৰ বাবে নিৰাপদ আছিল, কিন্তু এবাৰ ধৰা পৰিলে বাচি যোৱাৰ উপায় নাছিল; পাছত লাহে লাহে টেঞ্চবোৰ সংযোগ কৰি এক সুৰংগ প্ৰণালীলৈ পৰিৱৰ্তিত কৰা হ’ল। আচৰিত কথা- সুৰংগবোৰ হাতেৰে খন্দা হৈছিল আৰু খুব ধীৰ গতিত। কিন্তু সময়ত গৈ সুৰংগ প্ৰণালীটো ২৫০ কিলোমিটাৰ দীঘল হৈছিল আৰু ভিয়েটনামৰ সীমা পাৰহৈ কাম্বোদিয়া পাইছিলগৈ। 

দৰাচলতে এই সুৰংগ লানি ‘হো-চি-মিন ট্ৰেইল’ৰ শেষ প্ৰান্তত আছিল।

“হো-চি-মিন ট্ৰেইল কি?”- যাদৱে সুধিলে।

সি আকৌ ক’লে- “সেইটো শুনিম বাৰু, তাৰ আগতে তই মোক সোধা প্ৰশ্নবোৰ কিমক সুধি ল। পাছত মোক আমনি কৰি নাথাকিবি, তই সোধা প্ৰশ্নবোৰৰ উত্তৰবোৰ মোৰ লগত নাথাকে।”

জিলিয়ে লৰালৰিকৈ ভেনিটি বেগৰ পৰা সৰু ‘ন’টপে’ড’ এখন উলিয়াই মোলৈ আগ বঢ়াই দিলে, মই বিতচকুযোৰ ঠিক-ঠাক কৰি, জেপৰ কলমটো লৈ-

“কিম…”- কিমৰ দৃষ্টি আকৰ্ষণ কৰি সুধিলোঁ- “তুমি কি পাছ কৰিলা?”

“ট্যুৰিজিমৰ গ্ৰেজুৱেট আৰু মোৰ পৰিবাৰ ইংৰাজীত মেজৰ লৈ স্নাতক, তাই কোম্পানি এটাত ইংৰাজী শিকায়।”

কথাৰ পাগ উঠিল। আমি ২০২২ চনৰ জুলাইৰ আৰম্ভণিত ভিয়েটনাম ওলালোঁগৈ, পৃথিৱীয়ে তেতিয়া নতুন মহামাৰীৰ পৰা মূৰ দাঙিছে কথমপি। ভিয়েটনামত ক’ভিডৰ কি টীকা ব্যৱহাৰ হৈছিল, সি কেইপালি ল’লে, কোনটো টীকা তোমাৰ দেশত ব্যৱহাৰ হৈছে- এইলানি প্ৰশ্নত সি জনালে- “মই ৪ পালি ল’লোঁ, প্ৰথম দুপালি আষ্টা-জেনেকা আৰু পাছৰ দুপালি ফিজাৰ।”

কিমে কৈ গ’ল- “আমাৰ দেশে চীনৰ লগত প্ৰায় ১৩০০ কিলোমিটাৰ সীমা ভাগ-বতোৱাৰা কৰিছে। সেই দক্ষিণ চীনতেই পোন প্ৰথমে ক’ভিড- ১৯ বেমাৰ আৰম্ভ হৈছিল, বোধহয় ২০১৯ চনৰ ডিচেম্বৰত। অথচ ২০২০ চনৰ শেহলৈ, দুটা কোভিড ঢৌ পাৰহৈ যোৱাৰ পাছত ভিয়েটনামত নিশ্চিত আক্ৰান্তৰ সংখ্যা মাত্ৰ ১৪৬৫ জন, আৰু মৃত্যু কেৱল ৩৫ জনৰ।”- সি কৈ গ’ল।

“আমাৰ চৰকাৰে খুব খৰটকীয়া ব্যৱস্থা গ্ৰহণ কৰিছিল। ২০২০ চনৰ ২৩ জানুৱাৰিত ভিয়েটনামত প্ৰথম কে’ছ ২টা ধৰা পৰিছিল, দুয়ো বাপেক আৰু পুতেক। লগে লগেই চীনৰ য়ুহানৰ পৰা অহা বিমান সেৱা বন্ধ কৰিছিল; কেইদিনমানৰ পাছত ফেব্ৰুৱাৰিত চীনৰ সকলো বিমানৰ লগতে সীমাও বন্ধ কৰিলে; মাৰ্চত সকলো দেশৰ সীমা আৰু বিমান বন্ধ কৰিলে। তদুপৰি মুখা ব্যৱহাৰ, সামাজিক দূৰত্ব বজাই ৰখা, যাতায়াতৰ সীমাৱদ্ধতা আদি সকলোখিনি কৰা হৈছিল।”

“তাকে, আমাৰ ভাৰতত এইবোৰ সিদ্ধান্ত লওঁতে লওঁতে মাৰ্চ মাহৰ আধামান পাৰ হৈ গ’ল।”- যাদৱে যোগ দিলে।

কিমে আকৌ যোগ দিলে- “ভিয়েটনামে ক’ভিডৰ চতুৰ্থটো ঢৌত কিছু ভূগিলে, ততালিকে সমূহীয়া ক’ভিড টেষ্ট আৰু সমূহীয়া টীকাকৰণৰ কাম সম্পূৰ্ণ কৰে। আপোনালোকে জানে নিশ্চয় ২০০৩ আৰু ২০০৪ চনত শ্বাস-প্ৰশ্বাসজনিত দুটা মহামাৰী হৈছিল, তাৰ পৰা ভিয়েটনামে শিক্ষা লৈছিল। যি কি নহওক, ক’ভিড শেষ হোৱা বুলি ভবাৰ পাছতে, আন্তঃৰাষ্ট্ৰীয় বিমান খোলাৰ সময়তে আপোনালোক ওলালহি। দুবছৰ মোৰ ব্যৱসায় বন্ধ আছিল।”

“তাকে, আপুনি যথেষ্ট ক্ষীণালে।”- যাদৱে প্ৰতিক্ৰিয়া জনালে। সি ২০১৯ চনত এনেকুৱা সময়তে ভিয়েটনাম ফুৰি গৈছে, তেতিয়াই কিমক লগ পোৱা।

শিক্ষা ব্যৱস্থাৰ কথা সুধিলোঁ, সি পঢ়াৰ স্তৰকেইটা ক’লে- আমাৰ দৰে ৬ বছৰত শিক্ষা আৰম্ভ হয়। প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক, বিশ্ববিদ্যালয় প্ৰায় একে।

“তোমালোকৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থাটো কোৱাচোন। সকলোবোৰ চৰকাৰী চিকিৎসালয় নে? স্বাস্থ্যসেৱা খৰচী নে? স্বাস্থ্য বীমা আছেনে?”- এইখন কমিউনিষ্ট দেশ। সৰুকৈ ধাৰণা এটা লৈ ফুৰিছোঁ- সকলোৰে বাবে স্বাস্থ্য কম মূল্যত হৈ যায়।”

কিমৰ পৰা বেলেগ এখন ছবিহে পালোঁ- দেশৰ মাত্ৰ ৭০% লোকক স্বাস্থ্যবীমাই সামৰিছে। চৰকাৰী চিকিৎসালয়ৰ বাবেও বীমা কৰিব লাগে। ব্যক্তিগত খণ্ডত পঢ়াশালিও আছে, স্বাস্থ্যসেৱাও আছে। ব্যক্তিগত খণ্ডত বীমাৰ খৰচটো বেছি। বীমাৰ খৰচ বছৰি ১০০ ডলাৰ। চিকিৎসা সেৱা ২০০০ ডলাৰৰ বেছি হ’লে বীমা কোম্পানীয়ে ৭০% খৰচহে দিব, ৩০% নিজৰ পকেটৰ।

তাৰ লগত কথা পতাৰ পাছত বিশ্ব-স্বাস্থ্য-সংস্থাৰ ৱে’বপে’জত চালোঁ-

২০১৮ চনৰ মতে ভিয়েটনামৰ ৮৭% লোকক ‘সামাজিক-স্বাস্থ্য-বীমা’ৰ দ্বাৰা সামৰা হৈছে। দুখীয়া, খিলঞ্জীয়া-সংখ্যালঘু, ৬ বছৰৰ তলৰ শিশু, ৮০ বছৰৰ ওপৰৰ লোক আৰু ‘ছ’চিয়েলি-ভাল্‌নাৰেব’ল গ্ৰুপ’ৰ প্ৰিমিয়াম সম্পূৰ্ণ ৰেহাই দিয়া হৈছে। ‘প্ৰায়-দুখীয়া’ পৰিয়ালক প্ৰিমিয়ামত কিছু ৰেহাই দিয়া হৈছে।

“কিম, ৰ’বাচোন, অন্য এটা প্ৰশ্ন কৰোঁ।”

সি মোৰ চকুলৈ চাই ৰ’ল, ক’লে- “ল’ৰাই বিয়া পাতোঁতে ৩০ বছৰ মান পায়গৈ আৰু ছোৱালীৰ, এই ধৰক, ২৪-২৫। আইন মতে ছোৱালীয়ে ১৮ বছৰৰ আগতে আৰু ল’ৰাই ২০ বছৰৰ আগেয়ে বিয়া পাতিব নোৱাৰে।”

মনে মনে ভাবিছোঁ- অসমীয়া ল’ৰাই বিয়া পাতোঁতেও ৩০ পাৰ হৈ যায়, উত্তৰ ভাৰতৰ কথা সুকীয়া, তাত ল’ৰাই ২২-২৫ বছৰত বিয়াত বহেই, ছোৱালীয়েও ১৮ পাৰ হোৱাৰ পাছতেই।

আমাৰ ফ’ৰ্ডৰ টেক্সিখন আহি ৰৈ গ’ল, এটা ঘৰৰ নে এটা অনুষ্ঠানৰ চোতালত ৰৈ গ’ল। ‘‘ছু-ছি পালোহি তাৰমানে।’’

‘‘নহয়, এইটো এটা ‘অৰফেন-চেণ্টাৰ’, যুদ্ধত আহত হোৱা, কণা-খোৰা হোৱা, ৰাসায়নিক যুদ্ধত বিকলাংগ হোৱাসকলক ইয়াক সংস্থাপিত কৰা হৈছে, এইটো এটা উৎপাদন কেন্দ্ৰ, কলাকেন্দ্ৰ, ইয়াত বিভিন্ন পেইণ্টিং আদি বাসিন্দাসকলে তৈয়াৰ কৰি উলিয়ায় আৰু বিক্ৰী কৰে।”

কণীৰ চোকোৰাৰে তৈয়াৰ কৰা কেইখনমান ছবি কিনিলোঁ। বহলাই নকওঁ, তাৰপৰা ওলাই ছু-ছি সুৰংগৰ দিশে আগ বাঢ়িলোঁ। অৱশেষত সুৰংগৰ ঠাইখিনি পালোঁহি, প্ৰথমে আমাক নি এটা ‘যুদ্ধৰ যাদুঘৰ’ত সুমুৱাই দিলে। বন্দুক-বাৰুদ, বৰটোপ, যুদ্ধৰ ভয়াৱহ ফটো আদিৰ সংগ্ৰাহালয়।

তাৰ পৰা সুৰংগস্থলীলৈ আগ বাঢ়িলোঁ।

হাবিতলীয়া বাটেদি আগ বাঢ়িলোঁ। ওপৰত গছ-বন, শুকান গছৰ পাত, তলত এই বৃহৎ সুৰংগ ব্যৱস্থা। গৈ থকা বাটত কেইবাটাও বৃহৎ ফান্দ, মাটি আৰু গছপাতেৰে স্বাভাৱিকভাৱে ঢাক খাই থকা মৰণ-ফান্দ, কেম’ফ্লেজ হৈ আছে, এইবোৰত ভৰি দি অসংখ্য আমেৰিকাৰ সৈনিক মৃত্যুমুখত পৰিছিল; বৰ্তমান সেইবোৰ পৰ্যটকক দেখুৱাবলৈ ৰাখিছে। সুৰংগৰ তললৈ সোমোৱা বাটবোৰো চিনিব/মনিব নোৱাৰাকৈ লুকাই আছে।

তেনে এটা সুৰংগ মুখত সোমাই ফটো ল’লোঁ। ইয়ালৈ অহা বহু লোকে ইয়াত ফটো লয়। এনেকৈ আগ বাঢ়োঁতে পোতা পুখুৰীৰ দৰে চাপৰ ঠাই মন কৰিলোঁ, দুখন মান পৰিত্যক্ত টেংকো দেখিলোঁ, এই সমস্ত ঠাইবোৰ যুদ্ধকালিন সময়ত, ১৯৬৫-৭৩ সময়ছোৱাত আমেৰিকাৰ বোমাৰে বিধ্বস্ত কৰা ঠাই, পোতা পুখুৰীকেইটা বোমা পৰা ঠাই, হাবিখন জ্বলাই মুকলি কৰি দিয়া হৈছিল। এই ঠাইখিনিত দিনত হয়তো আমেৰিকাৰ সেনাৰ টহল, ৰাতি হয়তো সুৰংগৰ পৰা মনে মনে বগাই ওলাই আহি ভিয়েটকং গেৰিলাই তেওঁলোকৰ প্ৰাণ লৈছে।

ভিয়েটকং গেৰিলাৰ জীৱনো দুৰ্বিসহ আছিল।

পৰিৱেশটো জেক এলাৰৰ কবিতাত কিছু ফুটি উঠিছে।

… 

ছু-ছিৰ ভূত

ছু-ছিৰ সুৰংগবোৰৰ তললৈ খোজ কাঢ়ি গৈ থকা

মই সহজে অনুধাৱন কৰিব পাৰিলোঁ

এয়া ভিয়েটকং গেৰিলা

সুৰংগবোৰৰ তলত গভীৰভাৱে লুকাই থাকিল

ওপৰৰ ঠাইখিনি হৈ ৰ’ল এক মৰুময় ভূমি

বননি গছ-গছনি জ্বলাই দিয়া হ’ল 

*** এজেণ্টৰদ্বাৰা

ৰাতি ভিয়েট-কং বগুৱা বাই ওলাই আহে

আমেৰিকাৰ সেনা শিবিৰত

অস্ত্ৰ-শস্ত্ৰ, খাদ্য, সামগ্ৰী চুৰি কৰা

আৰু মাজে মাজে জোৱানক হত্যা কৰা

আমেৰিকাৰ সৈন্য

শিবিৰত নিদ্ৰাৰত

মহ আৰু ভিয়েটকঙক লৈ আতংকিত।

ভূতবোৰে

মোক ঘেৰি ল’লে

মোক তেওঁলোকৰ কাহিনী শুনাবলৈ ধৰিলে

আৰু অৱশেষত মই পলাই গ’লোঁ৷

আপাদকালীন সুৰংগৰ মাজেৰে

পলাই বিজয় ঘোষণা কৰিলোঁ

ছু ছি সুৰংগৰ ভূতৰ দ্বাৰা

গভীৰভাৱে মোৰ সত্ত্বাক জোকাৰি গৈছে।— 

…,,

সুৰংগৰ অৱস্থিতি গম পোৱাৰ পাছত আমেৰিকাৰ সেনা বাহিনীত ‘সুৰংগ-এন্দুৰ’ নামৰ এক শ্ৰেণীৰ সৈন্য সৃষ্টি কৰিছিল, এনে সেনা একোজন হাতত বন্দুক এটা আৰু খুকুৰি লৈ সুৰংগত সোমাই পৰে, তথাপি এই যুদ্ধত ভিয়েটকঙক পৰাস্ত কৰিব নোৱাৰিলে। অলপতে কিন্দোলত কিতাপ এখন পঢ়িলোঁ, নাম- ‘ছু-ছিৰ সুৰংগমালা’ (দ্যা টানেলছ অৱ ছু-ছি), লেখকদ্বয় টম মেনগল্ড আৰু জন পেনিকেট, দুয়ো বিবিচিৰ সাংবাদিক, ১৯৭৮ চনত ভিয়েটনাম ভিছা ল’বলৈ সক্ষম হয় আৰু ভিয়েটনামৰ সুৰংগলানিৰ বিষয়ে বিতং অধ্যয়ন কৰে, আৰু কিতাপখন লিখে। ভিয়েটনাম গেৰিলাৰ মুখ্য বিষয়া ঙুয়েন-থান-লিনৰ সহযোগত কিতাপখন সম্ভৱ হৈ উঠিছিল।

তাত কোৱা হৈছে- “কোনো সামৰিক অভিযন্তাই ইয়াৰ আৰ্হি প্ৰস্তুত কৰা নাছিল, কোনো কমাণ্ডাৰে নিৰ্মাণৰ আদেশ দিয়া নাছিল; অত্যাধুনিক আমেৰিকীয় সেনাৰ বিৰুদ্ধে বিশেষ সা-সঁজুলি নথকা গেৰিলাসকলে যুদ্ধ কৰিবলগীয়া হোৱাৰ বাবে যি প্ৰাকৃতিক সম্পদ পাইছিল তাৰেই নিৰ্মাণ কৰি গৈছিল।”

কিমে আমাক গৌৰৱেৰে এটা কথা ক’লে। আমেৰিকাৰ সেনাই সুৰংগৰ অস্তিত্বৰ কথা গম পোৱা পাছত তেওঁলোকে জাৰ্মানীৰ ছেফাৰ্ড-কুকুৰ নিয়োগ কৰিছিল, উদেশ্য ফান্দবোৰ আৰু ভিয়েটকং গেৰিলাৰ অৱস্থিতিৰ গম লোৱা। প্ৰথমতে জলকীয়া গুৰি স্প্ৰে’ কৰি গেৰিলাবোৰে কুকুৰবোৰক আঁতৰাই দিছিল, কিন্তু তেনে কৰিলে গেৰিলাৰ অৱস্থিতি গম পোৱা যায়। পাছলৈ ভিয়েটকং গেৰিলাই আমেৰিকাৰ শিবিৰৰ পৰা আয়ত্ত কৰা চেম্পো প্ৰয়োগ কৰিবলৈ ল’লে- সেই গোন্ধ পাই জাৰ্মান ছেফাৰ্ডে বন্ধু বুলি ভাবে; তদুপৰি গেৰিলাসকলে আমেৰিকান ইউনিফৰ্মো পৰিধান কৰে।

অলপ দূৰ গৈ এঠাইত দেখিলোঁ- আমেৰিকাই পেলোৱা নুফুটা বোমাবিলাক আনি গেৰিলাবিলাকে তাৰ পৰা খাৰবোৰ সংগ্ৰহ কৰি সৰু সৰু বোমা আৰু গ্ৰেনেড তৈয়াৰ কৰিছে, এইটো প্ৰদৰ্শনৰ বাবে তেনেকৈ সজোৱা আছে।

অন্যহাতে আৰু ভিয়েটকং গেৰিলাৰ বাবেও সুৰংগ সদায় নিৰাপদ নাছিল, 

ভেণ্টিলেশ্বনৰ ব্যৱস্থা আছিল যদিও ভিতৰত বায়ু, পানী আৰু খাদ্য সদায় পৰ্যাপ্ত নাছিল। সুৰংগত পৰুৱা, বৃশ্চিক, সাপ, মহ, মকৰা আদি প্ৰাণীয়ে আবৰি ধৰিছিল, মেলেৰিয়া আদি বেমাৰ সঘন আছিল। তৎসত্ত্বেও শেষ পৰ্যন্ত তেওঁলোক জয়ী হৈছিল।

… 

‘হো-চি-মিনৰ গতিপথ’। দ্যা হো-চি-মিনছ্ ট্ৰেইলছ। 

আমি যি অঞ্চলৰ পৰা ছু-ছি সুৰংগ চালোঁ সেইখিনিৰ ঠাইৰ তিনিফালে ছাইগন নদীখন বৈ গৈছে, ঘোঁৰাৰ খুৰাৰ দৰে নদীখনে পাক লৈছে, নদীখনৰ কাষে কাষে সুৰংগলানি গৈ কাম্বোদিয়াত সোমাইছে। হো-চি-মিনৰ সৈন্যবাহিনী উত্তৰ ভিয়েটনামত ভিয়েটমিন নামেৰে জনা যায়। দক্ষিণ ভিয়েটনামত ভিয়েটকং, ভিয়েকঙৰ উপস্থিতি আৰু কাম-কাজ কাম্বোদিয়া আৰু লাওচতো বিয়পি আছিল। হো-চি-মিনৰ এই সেনা বাহিনীৰ দক্ষিণ ভিয়েটনামৰ আৰু আমেৰিকাৰ সেনাৰ চকুত ধুলি দি গোটেই দেশতে খা-খবৰ বিতৰণ, আহ-যায়, ৰচদ-পাতি যোগান ধৰিব লাগিছিল। তেওঁলোকে এটা নিদিষ্ট পথ অনুসৰণ কৰিছিল যিটো ভিয়েট, লাওচ আৰু কাম্বোদিয়াৰ সীমামূৰীয়া (মেপ চাওক) অঞ্চল আছিল, এই গতিপথৰ শেষছোৱা এই সুৰংগলানি; এইটোৱেই হো-চি-মিনৰ গতিপথ। পথটো ঘন বননি আৰু সৰু বৰ পাহাৰেৰে ভৰা।

ব্ৰিটিছ গ্ৰন্থকাৰ শ্ৰীমতী ভাৰ্জিন মৰিছৰ দুখন বিখ্যাত কিতাপ পালোঁ। এখন ‘হো-চি-মিনছ্ ব্লুপ্ৰিণ্ট ফৰ ৰিভ’লিউশ্বন’ আৰু আনখন- ‘হিষ্ট’ৰি অৱ হো-চি-মিন ট্ৰেইল: এ ৰ’ড টু ফ্ৰিডম’। দুয়োখন কিতাপ পঢ়িলে ইন্দোচীন আৰু ভিয়েটনামৰ যুদ্ধৰ সকলো দিশ ভালকৈ উপলব্ধি কৰিব পাৰি। প্ৰথমখন ভিয়েটনাম বিপ্লৱৰ মুখ্য চিন্তানায়ক আৰু পৰিচালকসকলৰ মুখৰ পৰা শুনি লিখা।

শেষ নোহোৱা অন্তহীন কাহিনী; কেৱল ছু-ছি সুৰংগ আৰু ভিয়েটনাম গেৰিলাসকলক লৈয়ে এখন সুদীৰ্ঘ কিতাপ হয়।

ভিয়েটকং গেৰিলাসকলৰ লগত বহি কিছু আড্ডা মাৰিলোঁ! গেৰিলাসকলৰ ত্ৰিমাত্ৰিক ভাস্কৰ্যৰ কাষত বহি ফটো ল’লোঁ। গৈ গৈ এসময়ত তেওঁলোকৰ কেণ্টিনত বহি চাহ একাপ খালোঁ।

তাৰ পাছত ওভতনি যাত্ৰা।

ভিজাৰ সন্ধানত।

হোটেল আবেলি ২,৩০ বজাত পালোহি। গাড়ীৰ ভাৰা আৰু কিমৰ মাননি হিচাপ- নিকাচ কৰি দিলোঁ। তাৰ লগত খুটি-নাটি আৰু কিছু কথা পাতিলোঁ, কাইলৈ তাক নালাগে, আমি নিজাববীয়াকৈ ছাইগন চহৰত ঘূৰিম, পৰহিলৈ তাৰ লগত বন্দোবস্ত আছে, সেইদিনা আমি মেকং নৈৰ মোহনালৈ যাম, সি গাড়ী-গুৰা লৈ আহিব। কাইলৈ কলিকতাৰ পৰা আহি আমাক লগ দিবহি মাধু, পূৰৱী আৰু ত্ৰিদিৱে।

“কিম, কাম্বোদিয়া আৰু লাওচ দূতাবাস দুটা ক’ত আছে?”

সি বুজাই দিলে। দূৰত্ব বৰ বেছি নাছিল, ভালকৈ বুজাই দিব নোৱৰা বাবে ৩-৪ কিলোমিটাৰ যেন ভাব হ’ল।

সি ক’লে- “ময়ো লৈ যাব পাৰোঁ, মোৰ স্কুটিত, কিন্তু লগত অতিৰিক্ত হেলমেট নাই, হেলমেট লাগিবই।”

আলোচনা কৰি গম পালোঁ- হানয়ত থকাদি মিনহঁতৰ দৰে স্কুটী-গাৰ্ল ইয়াত নাই। ‘গ্ৰেব’ নামৰ টেক্সি এপ আছে, আমাৰ ওলা, ওৱেৰৰ দৰে। কিন্তু এম্বেছিলৈ আমি তিনিওটা নাযাওঁ, কেৱল মই যাম, গতিকে টেক্সিত পইচাকেইটা দিবলৈ মন নাই।

পৰহিলৈ ১০ তাৰিখে আমি কাম্বোডিয়ালৈ, তাত ৫ দিনমান থাকি লাওচত সোমাম। কাম্বোডিয়াৰ ভিজা জিলি, যাদৱ, মাধুকে ধৰি সকলোৰে হৈ আছে, মোৰহে হোৱা নাই। আমি গাড়ীৰে কাম্বোডিয়াত সোমাম, কিমে খা-খবৰ লৈ ক’লে- সীমান্ত প্ৰৱেশ কৰাৰ সময়ত তাতে ভিজা দিব; কিন্তু যদি খেলি-মেলি কৰে- এনে দুৰ্ভাৱনাও আছে। সেয়ে দুতাবাসলৈ গৈ আগতীয়াকৈ কৰাই লওঁ বুলি ভাবিলোঁ। বুদ্ধি এটাই মনত ক্লিক কৰিলে-

আমি অভ্যৰ্থনা ডেক্সৰ সমুখৰ লাউঞ্জতে আলোচনা কৰি আছিলোঁ। মই অভ্যৰ্থনাত থকা ছোৱালী দুজনীক ক’লো- “অলপ সময়ৰ বাবে হেলমেট এটা পোৱা যাব নেকি?” মই প্ৰয়োজনটো বুজাই ক’লোঁ। কাম সিজিল।

কিমৰ পিছফালে স্কুটিত বহিলোঁ! মিনে পিন্ধাই দিয়াদি সি হেলমেটটো পিন্ধাই নিদিলে! নিজেই পিন্ধিলোঁ। যাদৱৰ পৰা ফাইলটো ল’লোঁ আৰু কাম্বোডিয়া দুতাবাস পালোগৈ। কিমৰ খৰধৰ আছিল, মোক নমাই গুচি গ’ল।

কাম্বোডিয়া এখন দূৰ্নীতি পৰায়ণ দেশ- এই কথাষাৰ বিভিন্ন ব্লগত পঢ়িছোঁ, আড্ডাটো শুনিছোঁ, সীমান্তত ইমিগ্ৰেচনত ভিজাৰ বাবে অতিৰিক্ত ধন ‘ঘোচ’ হিচাপে ল’ব পাৰে- এনে কথাও শুনিছোঁ, সেই কাৰণে দূতাবাসলৈ আহিছোঁ।

ভিতৰলৈ গ’লোঁ, বহল বাৰাণ্ডাখনত চকী-মেজ পৰা আছে, বহিবলৈ দিলে, ফৰ্ম পুৰাবলৈ দিলে, তাৰ পাছত ক’লে- “তিনিদিন পাছত সংগ্ৰহ কৰিব।”- প্ৰায়বোৰ দেশৰ ভিছাত তেনে নিয়ম থাকে। আজি বৃহস্পতিবাৰ, শনি-দেও বন্ধবাৰ, তাৰমানে সোমবাৰে ভিজা পাম! কিন্তু আমি দেওবাৰে যোৱাৰ পৰিকল্পনা কৰিছোঁ, কি হ’ব? কথাটো বুজাই ক’লোঁ।

মোক সুধিলে- “আজিয়েই লাগিব নেকি?”

মূৰ জোকাৰি সহাৰি জনালোঁ। “৫০ ডলাৰ অতিৰিক্ত দিব লাগিব।”

বুজি ল’লোঁ- অতিৰিক্ত ফিজ লৈ ইমাৰ্জেঞ্চি ভিজা দিব, তেনে নিয়ম থাকে। মোৰ পৰা ফৰ্মখন লৈ এশ ডলাৰ এখন লৈ মোৰ পাৰপত্ৰসহ ভিতৰলৈ গ’ল; দহ মিনিট হ’ল কি নহ’ল, পাছপৰ্টত ভিজাৰ ষ্টাম্পসহ মোক দিলেহি; ভিছাৰ ৩০ আৰু অতিৰিক্ত ৫০, মোক ২০ডলাৰ ঘুৰাই দিব লাগে; নিদিলে, ঘোচ বুলি বুজি ল’লোঁ। কাম হ’ল যেতিয়া বিজয় গৌৰৱেৰে ঘূৰি আহিলোঁ।

হোটেল পালোঁহি। যাদৱে ভিজাখন চাই ক’লে- “ভিছাৰ ষ্টাম্পত ৩০ ডলাৰ বুলি লিখা আছে।” ময়ো চাই নিশ্চিত হ’লোঁ। ভিছা অফিচৰ সংশ্লিষ্ট বিষয়াজনে ৭০ ডলাৰ ঘোচ খালে!! আৰু এটা কথা- কাম্বোডিয়াৰ ভিজাৰ বাবে অহাৰ আগতেই ই-ভিজাৰ আৱেদন কৰিছিলোঁ, আৱেদন কৰোতে সৰু ভুল এটা ৰৈ গৈছিল, আকৌ আৱেদন কৰিবলৈ ক’লে, পইচা কিন্তু মৰা গ’ল। কাম্বোডিয়াত নৌসোমাওঁতেই তাৰ সোৱাদ পাইছোঁৱেই। দেখা যাওক।

হোটেল হুআং-চেন। আমি থকা হোটেলখনৰ নাম। 

কাম্বোদিয়া দূতাবাসৰ পৰা খুব বেচি ডেৰ কিলোমিটাৰ, হোটেললৈ খোজ ল’লোঁ, গুগল মেপখন উলিয়াই ল’লোঁ, অপেৰা-হাউছ বুলি আগুৱাই গৈ আছোঁ, তাৰপৰা হোটেল ডেৰশ মিটাৰ মান হ’ব।

লাওচৰ ভিজাৰ কাম এতিয়াও বাকী। লাওচ দূতাবাসলৈ আমি ৬ জনেই যাব লাগিব কিয়নো কাৰো ভিজাৰ কাম হোৱা নাই।

… 

সন্ধিয়া ৮ মান বজাত ওলালোঁ, হোটেলৰ পৰা খোজ ল’লোঁ, পথৰ দাঁতিত ৰাতিৰ সাঁজ খাব লাগিব। অতিকায় মহানগৰসমূহত আন্ধাৰ নমাৰ পাছত জীৱন অধিক সপ্ৰতিভ উঠে, সময় বাগৰাৰ লগে লগে অধিক মোহময় আৰু ৰমণীয় হৈ উঠে; ছাইগন ওৰফে হো-চি-মিন চিটিত কথাষাৰ যেন অধিক প্ৰযোজ্য- আজি সেই কথা উপলব্ধি কৰিলোঁ।

কালিৰ মহিলাগৰাকীক আকৌ দেখিলোঁ, একে ঠাইতে পদপথত টুলত বহি আছে, চকুৱে চকুৱে পৰাত আজিও সুধিলে- “মাছাজ কৰাব নেকি?”, আমি নিৰুদ্বেগভাৱে আগুৱালোঁ।

আমি পদপথেদি যাদৃচ্ছিকভাৱে খোজ লৈছোঁ, প্ৰথমে অপেৰা হাউছৰ দিশত, তাৰ পাছত অপেৰাৰ পিছফালৰ পদপথেদি আগুৱাইছোঁ, অলপ গৈ চাৰিআলি এটাত বাঁওহাতলৈ জেব্ৰা-ক্ৰচিঙেদি আগুৱালোঁ, পদপথেদি আৰু এশ মিটাৰ মান আগুৱাই বাঁওহাতে ঘুৰিলোঁ,, আৰু আগুৱালোঁ,,

১৬ ফুটমান বহল পদপথটো, গুৱাহাটীৰ দৰে ফুটা-ফুটা, ওখ-চাপৰ নহয়, মসৃণ। পদপথতে ৰেষ্টুৰাঁখন দেখিলোঁ, মানুহবোৰ পদপথতে বহিছে, টুলত বহিছে  আৰু মেজবোৰ ডেৰ-দুফুট ওখ। ১৬ ফুট বহল পদপথৰ ১২ ফুট ৰেষ্টুৰাঁৰ গ্ৰাহকে আগুৰি লৈছে, ৪ ফুটেদি বাটৰুৱা মানুহৰ আহ-যাহ কৰিছে। আমি বিচাৰি অহা আহাৰৰ দোকানখন এইখনেই! নিদিষ্ট লক্ষ্য নাছিল, পদপথৰ কাষৰ ভাল ভিয়েটনামী খাদ্যৰ সন্ধানত আছিল।

প্ৰায় সকলোবোৰ ভ্ৰমণৰ জালপঞ্জী আৰু ৱে’বপে’জৰ মতে ভিয়েটনামী খাদ্য সুস্বাদু, ৰুচিকৰ আৰু স্বাস্থ্যসন্মত। হানয়ৰ খাদ্য খুব ভাল আৰু ছাইগনৰ খাদ্য ততোধিক; হানয়ৰ খাদ্যত ভিয়েটনামৰ বিশুদ্ধতা আছে, ছাইগনত বিভিন্ন অঞ্চলৰ বিভিন্ন দেশৰ সংমিশ্ৰণ হৈছে, বিৱিধতা আছে। চাৰিজন বহিব পৰা মেজ এখন অধিকাৰ কৰি বহিলোঁ, মেনুখন চাই অৰ্ডাৰ দি বহি আছোঁ।

খোৱাৰ সৰু কথা এটা বহলাই লিখাৰ প্ৰয়োজন নাছিল।

পিছে এক-ডেৰ ঘণ্টাত গোটেই ভিয়েটনামৰ ছবি এখন তাত দেখিলোঁ। কি দেখিলোঁ, তাকে ক’ব খুজিছোঁ। এনেয়েও সমাজতত্ত্বৱিদসকলে দেশ এখনক বুজিবলৈ বজাৰ-সমাৰ বা এনেবোৰ ঠাইৰ অভিজ্ঞতাৰ প্ৰয়োজন বুলি কৈছেই। 

আমি বহোঁতে ৬-৭খন টেবুল আছিল, আধাঘণ্টামানৰ পাছত ১০-১৫খন টেবুল পাৰি দিলে, মানুহ আহিয়েই আছে, এঘণ্টাৰ পাছত দুগুণ হ’ল। সময় যোৱাৰ লগে লগে ঠাইখন অধিক চঞ্চল আৰু প্ৰাণৱন্ত হৈ উঠিছে।  

প্ৰায়বোৰ টেবুলত দেখিলোঁ- একোটা ‘ছিংগ’ল বাৰ্ণাৰ’ৰ গেছ স্ত’ভ আছে, এফুট বহল-এফুট দীঘল জোখৰ, তাৰ ওপৰত কেৰাহিখন, গেছ বাৰ্ণাৰ নেদেখিলোঁ, স্ত’ভৰ ভিতৰতে ক’ৰবাত আছে। কিছুমান শাক-পাছলি, মাছ কুটি-বাচি আধা ৰন্ধাকৈ দিছে, গ্ৰাহকে কেৰাহিত তুলিছে, লৰাই দিছে, সমুখত থকা থালত লৈ খাইছে, মাজে-মাজে কথা পাতি আছে, হেম-গেম, চিঞৰ-বাখৰ নাই, নিয়াৰিকৈ কৰি গৈছে। আমি ৰে’ডিমেড খাদ্যৰ অৰ্ডাৰ দিছোঁ, স্ত’ভ লোৱা নাই। 

হঠাতে দেখিলোঁ-

এটি ৭-৮ বছৰীয়া ল’ৰাই আমাৰ খাই থকা লোকসকলৰ সম্মুখত মূল পথত, হাতত কেৰাচিন তেলৰ পাত্ৰ এটা লৈ উপস্থিত, হাতত জুইশলা বাহ, ১০ ছেকেণ্ডমানৰ ভিতৰতে তেল মুখত ভৰাই মুখত ভিতৰত জুই লগাই, ফু মাৰি জুই বায়ুলৈ এৰি দিছে। তেনেকৈ দুবাৰ মান কৰিলে, তাৰ পাছত তেলৰ বটল আদি সামৰি দৰ্শকৰ মাজে-মাজে ঘূৰি হাত পাতি পইচা সংগ্ৰহ কৰাত লাগিল; ভিক্ষাৰ অভিনৱ পন্থা।

জেক এলাৰৰ ভূত এটা পাৰ হৈ গ’ল; ভিয়েটকং অথবা আমেৰিকান সেনাৰ এক প্ৰেতাত্মা আছিল!!

আমাক খাদ্য পৰিৱেশন কৰিলে। ভোজন পৰ্ব চলি আছে। তেনেতে আকৌ মন কৰিলোঁ এহাল বুঢ়া-বুঢ়ী ওলাল, বুঢ়াজনৰ হাতত গীতাৰ, তেওঁ অন্ধ আৰু বুঢ়ীৰ হাতত এবোজা চিপছৰ পেকেট, আহি টেবুলৰ কাষে কাষে ঘূৰিছে আৰু চিপছ্ বিক্ৰি কৰিছে।

এসময়ত থকা হোটেললৈ বুলি উভটি খোজ ল’লোঁ। পদপথে পদপথে গৈছোঁ, অপেৰা হাউছৰ পিছফালৰ পদপথৰ এছোৱা কিছু নিৰ্জন। সেইখিনি পাৰ হওঁতে মন কৰিলোঁ- এখন প্ৰকাণ্ড মটৰ চাইকেল, তাৰ ওপৰত প’জ দি বহি আছে, মেক-আপত থকা আধুনিক নাৰীৰ মূৰ্তি এটা, শ্ব’ৰূমত সজাই থোৱা যেন লাগিল। জীৱন্ত নাৰী। কাষেদি পাৰ হৈ যাওঁতে সুধিলে- “ডু ইউ ৱাণ্ট মাছাজ?”

যাদৱে সুধিলত জনালে যে ইচ্ছা থাকিলে মটৰ বাইকত কঢ়িয়াই লৈ যাব।

আঁতৰি আহিলোঁ, যাদৱক সুধিলোঁ- “কোন বা?”

সি ক’লে- “সম্ভৱতঃ পিম্প্।”

আকৌ ভাবিছোঁ, সুযোগ পালে এই নাৰীয়ে ক’লেহেঁতেন- “আই এম পুৱৰ।” যেনেকৈ হানয়ত মিনে কৈছিল।

…,

এইখন হো-চি-মিনৰ দেশ। মৃত্যুৰ মুহূৰ্তলৈকে শাসনৰ সৰ্বোচ্চ পদত থাকিও, ৰাজকীয় বিলাসৰ সুবিধা পায়ো, তেওঁ এটা বাঁহৰ চাংঘৰত বাস কৰিছিল, দেশত শেষজন দৰিদ্ৰ থকালৈকে তেওঁ তেনেকৈয়ে থাকিব বুলি কৈছিল; হো-চি-মিন জীয়াই থকাহেঁতেন আজিও বাঁহৰ পঁজাতেই থাকিবলগীয়া হ’লহেঁতেন; আমেৰিকাৰ পতন হো-চি-মিনে নেদেখিলে, আমিৰিকাৰ পতনৰ ৪৭ বছৰৰ পাছত এইখন ভিয়েটনাম দেখি সুখী হ’লহেঁতেন নে?

ভাবিছোঁ– দদাইদেউ হোৰ দৰে লোকৰ কাহিনীও বাঁহৰ পঁজাৰ পৰা ওলাব নোৱাৰিব। আৰু গৌতমৰ প্ৰজ্ঞা পৃথিৱীয়ে পালেনে? শিশু সিদ্ধাৰ্থ গৌতমে মানুহক যন্ত্ৰণাৰ পৰা মুক্ত কৰিব পাৰিলেনে? 

… 

দুখীয়া ভিয়েটনামীসকলে কেনেকৈ জীৱন নিৰ্বাহ কৰে?

মিনৰ কথা ভালকৈ গম নাপালোঁ। কিন্তু টমৰ কথা শুনিলোঁ- টম আন এগৰাকী ভিয়েটনামী মহিলা। টমৰ কাহিনী টমৰ মুখেৰেই শুনক।

“মই সকলো ভিয়েনামী দৰিদ্ৰৰ কথা ক’ব নোৱাৰিম। মই দুখীয়া পৰিয়ালৰ পৰা অহা, মোৰ বিষয়ে কওঁ শুনক।

মই হাই-ফঙৰ পৰা আহিছোঁ, এইখন উত্তৰ ভিয়েটনামৰ নগৰ। আমাৰ পৰিয়াল সাগৰৰ পাৰৰ গাঁও এখনত বাস কৰে। মা-দেউতাই জীৱন ধাৰণৰ বাবে সাগৰৰ মিছামাছ আৰু কেঁকোৰা সংগ্ৰহ কৰে। ভালকৈয়ে জীৱন চলিছিল, তেনেতে পৰিৱেশ প্ৰদুষণ/নিয়ন্ত্ৰণৰ কথাবোৰ আহিল আৰু ব্যৱসায়ত বাধা পৰিল। সেয়েহে ধানখেতি, গাহৰি, কুকুৰা পোহা আদিত লাগিবলৈ ধৰিলে, ঠিকা-ঠুকলিত ধৰিলে আৰু চুৰ্চুৰীয়াকৈ মিছামাছ, কেঁকোৰাৰ কাৰবাৰো চলি থাকিল।

মা-দেউতাহঁত ঢলপুৱাতে উঠে, প্ৰায় ৪-৫ বজাত আৰু সোনকালে শোৱে, প্ৰায় ৮-৯ বজাত। দুপৰীয়া আৰু ৰাতিৰ আহাৰত বিশেষ একো নাথাকে, শাক-পাচলি অথবা পাচলিৰ-চুপ থাকিবই। (মই ভাবোঁ প্ৰত্যেক ভিয়েটনামী পৰিয়ালত এয়া নিয়মেই)। আমাৰ গেছ থকাৰ উপৰি খৰিৰ চৌকাও আছে। ঘৰত পহৰা হিচাপে কুকুৰ আছে। 

গতিকে আমাৰ খাদ্যৰ যোগাৰ নিজাববীয়াকৈ হৈ যায়; গাখীৰজাত সামগ্ৰী যোগাৰ নহয়, এয়া আমাৰ বাবে বিলাসিতা। আমাক শিক্ষাৰ বাবে, মটৰ বাইক কিনিবৰ বাবে, ঘৰ সাজিবৰ বাবে টকাৰ প্ৰয়োজন। 

চুবুৰীৰ প্ৰত্যেকৰে প্ৰায় একে অৱস্থা। দিন বেয়া হোৱাত, ধাৰ মাৰিবলৈ আমি মাটি এটুকুৰা বেচি দিলোঁ।  ভাল দিনৰ আশাত সন্তানক স্কুললৈ পঠিয়াই আৰু সংস্থাপন হ’লে মাক-দেউতাকক সহায় কৰে। 

এতিয়া মোৰ চাকৰি হ’ল, মা-দেউতাৰ পৰা বহুত দূৰত থাকোঁ, ময়ো দুখীয়া, হ’লেও মা-দেউতাতকৈ বেলেগ ধৰণৰ। মই  এজন অভিযন্তা, মোৰ দৰমহা ঠিকেই পাওঁ, তাৰে ভাইটিৰ পঢ়াৰ ফিজ আৰু চলাৰ খৰচ দিওঁ, মোলৈ বিশেষ নৰয়। মোৰ মটৰ বাইক এখন নাই। ফুৰা-চকা কম হয়, চিনেমা চোৱা, কে. এফ. চি-ত খোৱা আদি কম হয়। বজাৰত প্ৰায়ে ‘ছে’ল’ত দিয়া বস্তু বিচাৰি ফুৰোঁ। মই এই জীৱনত অভ্যস্ত হৈ গৈছোঁ, আৰু অভিযন্তা হিচাপে সপোনৰ চাকৰি পাই মই আনন্দিত, জীৱনটোক লৈ এনেকৈয়ে মই সুখী।

(শ্ৰীমতী টম বৰ্তমান ছাইগনৰ নিকটৱৰ্তী বিয়েন-হোৱে চহৰত বাস কৰে। ‘কোৰা’ত সোধা প্ৰশ্ন এটাৰ উত্তৰত টমে এইখিনি লিখিছিল।)

… 

আহি আহি থকা হোটেল পালোঁ। ৰূমলৈ যোৱাৰ আগতে লাউঞ্জতে তিনিওটা বহি কাইলৈৰ কামখিনি যুকিয়াই ল’লোঁ; লাউঞ্জটো আহল-বহল, গ্লাছৰ বেৰেদি বাহিৰৰ পথ দুটা দেখি থাকি, শীতাতপ নিয়ন্ত্ৰিত, উষ্ণতা সুন্দৰকৈ মিলোৱা আছে। কাইলৈ কিম নাহে, আমি নিজাববীয়াকৈ ছাইগন চহৰখন ঘূৰিম; ছাইগন নদীৰ পাৰত কটাম, যুদ্ধৰ যাদুঘৰকেইটা চাম, অপেৰা হাউছৰ ভিতৰখন পাৰিলে চাম, হিন্দু মন্দিৰ দুটামান আছে- তাৰ ইতিহাস খুঁচৰিব লাগিব।

“বুল, লাওচৰ ভিজাৰ বাবে লাওচৰ দূতাবাসলৈ যাব লাগিব।”- যাদৱে মনত পেলাই দিলে।

“ৰাতি একমান বজাত মাধুহঁতৰ বিমানো নামিবহি।”

“মই ৰিচেপশ্বনত কৈ থৈছোঁ, ১০১ নম্বৰ ৰূম বুক আছে।”

“হ’ব, কথাকেইটা ন’ট কৰি লৈছেই, ভাগৰ লাগিছে, ৰুমলৈ বলক।”- জিলিৰ সঁকিয়নিত উঠিলোঁ, লিফ্টৰ বুটাম টিপিলোঁ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close