Written by 4:07 am Poems

নিত্যানন্দ মৰিছে

নীলাভ সৌৰভ


নিত্যানন্দই
তাৰ প’ষ্ট-মৰ্টেম ৰিপৰ্ট শুধৰাবলৈ
নগৰৰ হস্পিটেললৈ গৈছিল
অঞ্চলটোত চাঞ্চল্যৰ বতাহ

প্ৰতিদিনে
ঘৰলৈ অহা-যোৱা কৰিবলৈ খৰচ নথকা নিত্যানন্দই 
কাছাৰিৰ দেৱালতে আউজি ৰাতি খেদি আছিল
কাগজ এডোখৰত তাৰ জীৱটো লাগি আছিল

কাছাৰিত এদিন সাংবাদিকে পাই কিবা সুধিলত
একো ক’ব নোৱাৰি সি কেৱল কান্দিছিল

দিনৰ হিচাপ নাই
প্ৰতিদিনে সাৰ পাই উঠি সি দেখে কাছাৰিৰ সমুখত
মৃতকল্প মানুহৰ শাৰী লাগিছে

নগৰত মৰিলে চিকিৎসকে যাতে 
ৰিপ’ৰ্টত শাৰীৰিক দুৰ্বলতাৰ হেতুকে 

মৰা বুলি নিলিখে
সেয়ে কাছাৰিৰ পৰা দুবাৰমান সি হস্পিটেললৈকো গৈছিল

কেইদিনমানৰ আগলৈকে
এইটো দেহাৰে সি পাঁচবিঘা মাটিত হাল বাইছিল

মৰাৰ আগতে প’ষ্টমৰ্টেম ৰিপ’ৰ্ট শুধৰাবলৈ অহাত চিকিৎসকে তাক ধমকিয়াই ওভতাই পঠিয়াইছিল

মাটিৰ কাগজখন উলিয়াব পৰা হ’লে
নিত্যানন্দ নমৰে
খোজকাঢ়ি ঘূৰি গ’লহেঁতেন তিৰপালৰ তলৰ নতুন ঘৰলৈ

যাওঁতে ঘৈণীয়েকক সি কৈ গৈছিল 
— হয় কাগজ নহয় মৰণ
ভোক লাগি থাকোঁতে সিদিনা
বুলড’জাৰ আহি তাৰ মূৰত পৰিছিল
কিছুদিনৰ আগতে
ভাত খাই থাকোঁতে নদীয়ে মাটিডোখৰ ভাঙিছিল

যিবোৰ মানুহৰ বাবে ক্ষমতাই অক্সিজেন
তেনে মানুহ পাৰ কৰিবলৈ পুলিচে
কাছাৰি-মুখৰ শাৰী ভাঙি 
ম্ৰিয়মাণ মানুহবোৰ ছাইড কৰি থাকোঁতে 
নিত্যানন্দ জীয়াই আছিল

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close