Written by 2:23 pm Articles

মৌ-মাখিৰ প্ৰজাতি আৰু জীৱন বৃত্তান্ত

ডেনিছা ৰাজখোৱা, গৌতম সন্দিকৈ

মৌ-মাখি সাধাৰণতে বহুত ধৰণৰ আছে। কিন্তু ভাৰতত প্ৰধানকৈ চাৰি প্ৰজাতিৰ মৌ-মাখি পোৱা যায় আৰু সেয়া হৈছে :

            ১) বৰমৌ

            ২) পুনপুনি মৌ

            ৩) খোৰোঙ্গীয়া মৌ

            ৪) পশ্চিমীয়া মৌ

বৰমৌ :

    এইবিধ মৌ-মাখি অন্যান্য প্ৰজাতিৰ মৌতকৈ আকাৰত ডাঙৰ৷ সাধাৰণতে শিলৰ গাঁত, ডাঙৰ গছৰ ডালত বা পকী ঘৰৰ চালৰ তলফালে বাহ লয় আৰু এখন মাত্ৰ চাক সাজে। সমগ্ৰ ভাৰতবৰ্ষতেই বিদ্যমান এই প্ৰজাতিৰ মৌমাখিয়ে সময়ে সময়ে এঠাইৰ পৰা আন ঠাইলৈ অত্যন্ত গৰম বা ঠাণ্ডা আৰু বাৰিষাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ প্ৰব্ৰজন কৰে৷ ইহঁতৰ চাকৰ আকাৰ প্ৰায় ১.৫-২ মি: দীঘল, ৬০-৯০ ছে: মি: বহল আৰু ৰহঘৰাৰ অংশ ১০ ছে: মি: মান শকত হয়৷ একোবাহ মৌৱে প্ৰায় ৫০ কি.গ্ৰা.লৈকে মৌজোল দিয়ে। ইহঁত বৰ খঙাল আৰু বনৰীয়া প্ৰকৃতিৰ হোৱাৰ বাবে এই প্ৰজাতিৰ মৌ-মাখিক আজিলৈকে পোহ মনাব পৰা নাই।

পুনপুনি মৌ :

    এই প্ৰজাতিৰ মৌ-মাখি আনকেইবিধ মৌতকৈ আকাৰত সৰু আৰু একোখনকৈ চাক সাজে৷ চাকৰ আকাৰ প্ৰায় ৭০-৮০ ছে: মি: দীঘল, ৩০-৩৫ ছে: মি: বহল হয়। একোবাহ পুনপুনি মৌৰ পৰা প্ৰায় ২৫০ গ্ৰা: মৌজোল আহৰণ কৰিব পৰা যায়৷ এইবিধ মৌ-মাখিক বনৰীয়া প্ৰকৃতিৰ আৰু সঘনাই এঠাইৰ পৰা আনঠাইলৈ গতি কৰে। মৌজোলৰ উৎপাদন কম যদিও শস্যৰ পৰাগযোগত ইহঁতে যথেষ্ট সহায় কৰে৷

খোৰোঙ্গীয়া মৌ :

    এই প্ৰজাতিৰ মৌ-মাখিয়ে সহজে পোহ মানে৷ গছৰ ধোন্দ, মাটিৰ গাঁত, দেৱালৰ ফাট, মাটিৰ কলহ, আলমাৰি আদি আন্ধাৰ ঠাইত বাহ লয়। এইবিধ মৌ-মাখি সমগ্ৰ ভাৰতবৰ্ষতে পোৱা যায় আৰু একমাত্ৰ পোহনীয়া মৌ-মাখি হিচাপে জনা যায়৷ ক্ষেত্ৰ বিশেষে এই প্ৰজাতিৰ মৌ-মাখি কেইবা প্ৰকাৰৰ আৰু সাধাৰণতে পাহাৰীয়া মৌ-মাখি সমতল ভূমিতকৈ ডাঙৰ। ঘৰচীয়া হিচাপে এইবিধ মৌ-মাখিয়ে দেশৰ সকলো প্ৰদেশতে প্ৰসাৰতা লাভ কৰিছে। আধুনিক পদ্ধতিৰে এই প্ৰজাতিৰ মৌক আঠোটা ফ্ৰেমযুক্ত (আই. এচ. আই. এ. টাইপ) বা দহটা ফ্ৰেমযুক্ত (আই. এচ. আই. বি. টাইপ) বাকচত পোহা হয় আৰু প্ৰতিটো বাহে বছৰি ১২-১৫ কি. গ্ৰা.মৌজোল দিয়ে। কৰ্মী মৌৰ বৰণ মুগা আৰু পিঠিত ক’লা ৰঙৰ আঁচ আছে৷ ইহঁতে ফুলৰ ৰস বা ৰেণু সংগ্ৰহ কৰিবলৈ প্ৰয় ১ কি. মি. দূৰত্বলৈকে গতি কৰে। ইহঁতৰ জাক উৰুওৱা আৰু পলাই যোৱা প্ৰবৃত্তি বেছি।

পশ্চিমীয়া মৌ :

    পৃথিৱীৰ প্ৰায়বোৰ দেশতেই প্ৰসাৰতা লাভ কৰা এইবিধ মৌ-মাখি খোৰোঙ্গীয়া মৌতকৈ ডাঙৰ আৰু বৰ মৌতকৈ সৰু৷ ষাঠীৰ দশকত আমদানি কৰা এইবিধ মৌ-মাখিয়ে ভাৰতৰ পশ্চিম প্ৰদেশসমূহত বাৰুকৈয়ে প্ৰতিষ্ঠা লাভ কৰিছে আৰু অনান্য প্ৰদেশসমূহতো ইহঁতৰ প্ৰৱৰ্তনে সফলতা আৰু প্ৰসাৰতা লাভ কৰিছে৷ পশ্চিমীয়া মৌ-মাখিক দহটা ফ্ৰেমযুক্ত (আই. এচ. আই. বি. টাইপ) বাকচত পোহা হয়। ব্যৱসায়িক ভিত্তিত, এই প্ৰজাতিৰ মৌ পোহাটো বৰ লাভজনক আৰু একোবাহ মৌৱে বছৰি ২০-৩০ কি. গ্ৰা. মৌজোল দিয়ে। সোণালী বৰণৰ এইবিধ মৌ-মাখিৰ পিঠিত ক’লা ৰঙৰ আঁচ আছে আৰু ইটালী বাসভূমি হোৱাৰ বাবে ইহঁতক ইটালীয়ান মৌ-মাখি বুলিও জনা যায়৷ অৱশ্যে জাৰ্মান প্ৰকাৰৰ মৌ-মাখিবোৰ ক’লা বৰণৰ আৰু সংমিশ্ৰিত আৰু এই প্ৰজাতিসমূহকো পশ্চিমীয়া মৌ-মাখি বুলিয়েই অভিহিত কৰা হৈছে।

মৌ-মাখিৰ জীৱন বৃত্তান্ত :

    পতঙ্গৰ জীৱন বৃত্তান্ত বুলিলে কণীৰ পৰা পূৰ্ণাঙ্গ স্তৰলৈকে বুজোৱা হয়৷ অন্যান্য পতঙ্গৰ দৰে মৌ-মাখিৰো জীৱন বুৰঞ্জীত চাৰিটা স্তৰ আছে৷ সেয়া হৈছে— কণী, পলু, লেটা আৰু পূৰ্ণাঙ্গ স্তৰ। ৰাণীয়ে চাকৰ কোষসমূহত কণী পৰাৰপৰাই মৌৰ জীৱন বৃত্তান্ত আৰম্ভ হয়৷ কণীৰ পৰা পলু জগে আৰ পলু ওলায়েই কৰ্মী মৌবিলাকে যোগান ধৰা আহাৰ গ্ৰহণ কৰে৷ সম্পূৰ্ণৰূপে আহাৰ গ্ৰহণ কৰাৰ পাছত ইহঁতৰ ওজন প্ৰায় ১,৫০০ গুণমান বৃদ্ধি পায় আৰু কোষৰ মুখবোৰ বাকী কৰ্মী মৌ-মাখিয়ে বন্ধ কৰি দিয়ে৷ কোষৰ ভিতৰত পলুৱে লেটা বান্ধে আৰু লেটাৰ স্তৰটেই মৌ-মাখিৰ শৰীৰৰ গঠনৰ পৰিৱৰ্তন ঘটে৷ লেটাসমূহ পূৰ্ণাঙ্গ পতঙ্গৰ দৰে বিকাশিত হয় আৰু ঠেং, পাখি, মুখমণ্ডল আৰু অন্যান্য অঙ্গৰ বিকাশ ঘটে৷ পূৰ্ণাঙ্গ মৌ-মাখিয়ে লেটাৰ আৱৰণ মুখেৰে কুটি ওলাই আহে৷ 

মৌ-মাখিৰ জীৱন চক্ৰ    

স্তৰৰাণী (দিন)মতা (দিন)কৰ্মী (দিন)
কণী
পলু৪-৫৫-৭
লেটা৭-৮১১-১২১৩-১৪
পূৰ্ণাঙ্গ১৫-১৬১৮-২০২১-২৪

      ৰাণী মৌ এজনী প্ৰায় তিনি বছৰলৈ জীয়াই থাকিব পাৰে৷ কিন্তু কণী উৎপাদনৰ ফালৰ পৰা ৰাণী এজনী দুবছৰলৈ উৰ্বৰ বুলি ক’ব পাৰি৷ মতা মৌবোৰ সাধাৰণতে বসন্ত আৰু শীতকালত তৈল জাতীয় শস্য ফুলাৰ সময়ত দেখা যায়৷ ইহঁতৰ আয়ুস গড়ে ডেৰ মাহমান হয়। মৌবাহত ৰাণীৰ বাহিৰে কৰ্মী মৌ-মাখিৰ প্ৰয়োজনীয়তা বেছি৷ ঋতু অনুযায়ী ইহঁতৰ আয়ুস ভিন ভিন হোৱা দেখা যায়।

কৰ্মী মৌ-মাখিৰ জীৱন চক্ৰ

ঋতুকণীপলুলেটাপূৰ্ণাঙ্গ
গ্ৰীষ্ম২.৮৪৬.০৪১২.৫৩২১.৪১
শৰত৩.২৯৫.৮৪১০.৪২১৯.৫৪
শীত৩.৪১৬.৩৮১১.৫৫২১.২৩
বসন্ত৩.০৭৫.৮৮১০.৩১১৯.২৪

      বসন্তকালত কৰ্মী মৌৰ আয়ুস অতি কম (৩০-৪০ দিন) হয়, কিন্তু বৰ্ষা বা শৰত কালত ইহঁত প্ৰায় ৩-৪ মাহমান জীয়াই থাকিব পাৰে৷ কৰ্মী মৌ-মাখিৰ শিশু পৰ্যায়ৰ ক্ৰমবিকাশ বিভিন্ন ঋতুত বেলেগ বেলেগ হোৱা দেখা যায়৷ বসন্ত ঋতুত সৰ্বাধিক আৰু বৰ্ষা কালত ন্যূনতম হোৱা দেখা যায়।

মৌ-মাখিৰ শাৰীৰিক গঠন

বহিৰ্ভাগৰ গঠন :

    মৌ-মাখিৰ শৰীৰৰ বহিৰ্ভাগ টান ছালেৰে গঠিত আৰু অন্য পতঙ্গ, জীৱ-জন্তুৰ দৰে এই টান ছালে ভিতৰৰ কোমল অঙ্গসমূহ ঢাকি ৰাখি ৰক্ষা কৰে৷ মৌ-মাখিৰ মূৰটোত পুঞ্জীকা এযোৰ আৰু তিনিটা সাধাৰণ চকু থাকে, শুঁৰৰ দৰে এযোৰ স্পৰ্শ আকৰ্ষ থাকে, এখন শুহিব পৰা জিহ্বা থাকে। মূৰৰ পিছফালে বক্ষস্থল থাকে আৰু এই বক্ষস্থলত চলিব পৰা তিনিযোৰ ঠেং যেনে, আগ ঠেং, মধ্য ঠেং, পিছ ঠেং আৰু উৰিবলৈ দুযোৰ পাখি (আগ পাখি আৰু পিছ পাখি) থাকে৷ কৰ্মী মৌৰ পিছৰ ঠেঙত ৰেণু সংগ্ৰহ কৰিব পৰা আৰু ৰেণু কঢিয়াই আনিব পৰা দ গাঁত থাকে। বুকুৰ পিছতেই মৌ-মাখিৰ পেটৰ ভাগ থাকে৷ এই পেটতেই বিভিন্ন অঙ্গমমূহ, যেনে— পাচন তন্ত্ৰ, মল-মূত্ৰাশয়, তেজ চলাচল কৰা গ্ৰন্থি, মম গ্ৰন্থি, মৌ-জোলোঙা ইত্যাদি থাকে।

চিত্ৰ: কৰ্মী মৌৰ বহি: গঠন

অন্তৰ্ভাগৰ গঠন :

    মৌ-মাখিৰ অন্তৰ্ভাগত উল্লিখিত বিভিন্ন অঙ্গ-পতঙ্গসমূহ পোৱা যায়, যেনে— পাচনতন্ত্ৰ, মল-মূত্ৰাশয়, তেজ চলাচল কৰা প্ৰক্ৰিয়া, স্নায়ুতন্ত্ৰ, প্ৰজননতন্ত্ৰ আদি থাকে৷ পাচক তন্ত্ৰৰ কেইবাটাও অংশ আছে৷ তাৰ ভিতৰত থকা মৌ জোলোঙাতেই কৰ্মী মৌৱে আহৰণ কৰা ৰস আংশিকভাৱে হজম কৰি মৌবাহৰ চাকত থকা কোষত জমা কৰে আৰু এই ৰসবোৰকে আমি মৌজোল হিচাপে আহৰণ কৰোঁ।

    কৰ্মী মৌৰ তলপেটত মম গ্ৰন্থি থাকে আৰু এই মম গ্ৰন্থিৰ পৰাই মৌ-মাখিয়ে চাক সাজে। কৰ্মী আৰু ৰাণী মৌৰ পেটৰ শেষ অংশত এডাল শুং থাকে মতা মৌৰ এই শুংডাল নাথাকে৷ এই শুংডাল পেটৰ বিষগ্ৰন্থি আৰু প্ৰজনন গ্ৰন্থিৰ লগত যুক্ত হৈ থাকে আৰ এইডাল দুটা কাৰ্য্যত ব্যৱহৃত হয়। প্ৰথমে, আত্মৰক্ষাত আৰু দ্বিতীয়তে, প্ৰজনন প্ৰক্ৰিয়াত৷ কৰ্মী মৌৰ মুখত থকা মৌগ্ৰন্থিৰ সহায়ত কোমল বয়সৰ কৰ্মী মৌৱে মধু অৱলেহ উৎপাদন কৰে।

মৌ-মাখিৰ কলনি সংগঠন

    মৌ-মাখিৰ পোৱালিৰ পৰা ডাঙৰলৈকে সকলোৱে একেটা বাহতে বসবাস কৰে সেই কাৰণে ইহঁতক সামাজিক পতঙ্গ বুলি কোৱা হয়৷ একোবাহ মৌৰ কলনিত তিনিবিধ মৌ-মাখি থাকে, যেনে— ৰাণী, কৰ্মী আৰু মতা মৌ৷ একোবাহ ভাৰতীয় সঁচৰ মৌ-মাখিত ১০,০০০— ১৫,০০০ কৰ্মী মৌ, কেইবাশও মতা মৌ আৰু একোজনীকৈ ৰাণী মৌ থাকে। আনহাতে পশ্চিমীয়া সঁচৰ মৌবাহত কৰ্মী মৌৰ সংখ্যা ২০,০০০— ৩০,০০০।

ৰাণী মৌ :

    একোবাহ মৌ-মাখিৰ পৰিয়ালত এজনী কৈ ৰাণী মৌ থাকে। প্ৰজননক্ষম ৰাণী মৌমাখিয়েই মৌ-বাহৰ মাতৃস্বৰূপ আৰু সম্পূৰ্ণৰূপে বিকশিত যদিও বাহৰ সকলো কাৰ্য কৰ্মী মৌৰ দ্বাৰাহে সংঘটিত হয়৷

    ৰাণী মৌ-মাখিয়ে মতা মৌৰ লগত উৰণ সংগমত লিপ্ত হয়, এনে সঙ্গম আকাশমাৰ্গত এবাৰৰ পৰা ছয় বাৰলৈকে সংঘটিত হ’ব পাৰে৷ উৰণ সঙ্গমৰ পাছত ৰাণী মৌৱে মৌ বাহলৈ ঘূৰি আহে আৰু মৌচাকত কণী পাৰি বংশ বৃদ্ধি কৰে৷ মতা মৌৰ শুক্ৰাণু ৰাণী মৌৰ পেটত থকা মোনা এটাত সঞ্চয় কৰি ৰাখে, যিটোক শুক্ৰাশয় বুলি কোৱা হয় আৰু এনে শুক্ৰাণু প্ৰায় ১-২ কোটিমান হ’ব পাৰে৷ সময়ে সময়ে ৰাণী মৌৱে এই শুক্ৰাণুবোৰ উলিয়াই প্ৰায় ২-৩ বছৰলৈকে কণী পাৰিব পাৰে৷ ৰাণী মৌৱে দুই ধৰণৰ কণী পাৰে৷ নিষিক্ত কণী, য’ৰ পৰা কৰ্মী মৌ বা ভৱিষ্যতৰ ৰাণী মৌৰ জন্ম হয় আৰু আনবিধ হৈছে অনিষিক্ত কণী, ইয়াৰ পৰা মতা মৌৰ জন্ম হয়৷ ৰাণীয়ে চাকৰ কোষবোৰত কণী পৰাৰ পাছত, কৰ্মী মৌৱেহে কণী আৰু লেটাবোৰৰ লালন-পালন কৰি ডাঙৰ-দীঘল কৰে।

ৰাণী মৌৰ কোষ আৰু ৰাণী জন্মোৱাৰ কাৰণ :

    ৰাণী মৌৰ কোষ সাধাৰণতে অনান্য কৰ্মী বা মতা মৌৰ কোষতকৈ ডাঙৰ হয়৷ ৰাণী মৌৱে তিনিটা কাৰণত ভৱিষ্যতৰ ৰাণী মৌৰ জন্ম দিয়ে আৰু এই কাৰণকেইটা হৈছে— 

        ১) কোনো আকস্মিক দুৰ্ঘটনাত ৰাণী মৌৰ মৃত্যু ঘটিলে

        ২) বয়স হোৱা কাৰণে ৰাণী মৌৰ কণী পৰা ক্ষমতা হ্ৰাস পালে তাইক পৰিৱৰ্তন কৰাটো দৰকাৰ

        ৩) জাক উৰোৱা প্ৰবৃত্তিয়ে দেখা দিলে

    মৌবাহত সাজিব পৰা ৰাণী মৌৰ কোষৰ সংখ্যাও উল্লিখিত তিনিটা কাৰণতেই নিৰ্ভৰ কৰে। প্ৰথমটো কাৰণত তিনিটা বা চাৰিটা কোষ, দ্বিতীয়টো কাৰণত এটা বা দুটা আৰু তৃতীয়টো কাৰণত ৫/৬ টাৰ পৰা ১৫/২০ লৈকে ৰাণী মৌৰ কোষ সাজিব পাৰে।

    ৰাণী জন্মাবৰ বাবে মৌৱে আহল-বহল কোষ বিশেষভাৱে নিৰ্মাণ কৰে৷ ৰাণী জন্ম হৈ অহাৰ পাছত কৰ্মী মৌৱে কোষবোৰ ভাঙি পেলায় আৰু মাত্ৰ তলিৰ সাঁচটোহে থাকে। এই কোষবিলাক ভাৰতীয় মৌ-মাখিৰ বাবে ১ ইঞ্চিমান দীঘল আৰু মূৰৰ ফালতকৈ গুৰিৰ ফাল শকত হয়৷ এনে ৰাণী মৌৰ কোষ চাকৰ দাঁতিত আৰু সাধাৰণতে চাকখনৰ তলিত তললৈ মুখ কৰি সাজে, কিন্তু তৎকালীন অৱস্থাত চাকৰ মাজভাগতো মৌৱে ৰাণীকোষ সাজিবলৈ বাধ্য হয়৷ এই ৰাণীকোষবোৰ একে সময়তে নাসাজি অলপ অগা-পিছাকৈ সাজে, যাতে প্ৰথমবাৰত সজা কক্ষৰ পৰা কিবা কাৰণত ৰাণী জন্ম হ’ব নোৱাৰিলে দ্বিতীয় বা তৃতীয়বাৰত জন্ম হ’ব পাৰে আৰু তাৰ দ্বাৰা যাতে বংশ ৰক্ষা পৰে তাৰ প্ৰতি সজাগ হয়। ৰাণীকোষ সজা সময়ত আৰু কণী পৰাৰ পাছত পলুৱে যাতে পৰ্যাপ্ত পৰিমাণে আহাৰ আৰু লগতে মধু অৱলেহ পায়, তাৰ কাৰণে কৰ্মী মৌৱে বিশেষ যত্ন লয়৷ একেখন বাহতে যদি দুজনী ৰাণী থাকে, তেন্তে সিহঁতে যুদ্ধত লিপ্ত হয় আৰু দুৰ্বল ৰাণীজনীক মাৰি পেলায়৷ কেতিয়াবা দুয়োজনী ৰাণীৰে মৃত্যু ঘটে৷ যদি পলু অৱস্থাত কোষৰ ভিতৰত থাকে, তেনেহ’লে নতুন ৰাণীয়ে কোষৰ ফুটা কৰি শুং সুমুৱাই মাৰি পেলায়। পাছত কৰ্মী মৌৱে কোষৰ পৰা মৰা পলুটো উলিয়াই পেলাই দিয়ে৷

    ৰাণী বুঢ়ী হৈ অকামিলা হৈ আহিলে নতুন ৰাণীয়ে পুৰণা ৰাণীক বা পুৰণা ৰাণীয়ে নতুন ৰাণীক সাধাৰণতে আক্ৰমণ নকৰে আৰু দুয়োৱে সমিলমিলে থাকে। কিছু দিনৰ পাছত বুঢ়ী ৰাণীৰ স্বাভাৱিক মৃত্যু ঘটে।

      ৰাণী আৰু কৰ্মী দুয়ো প্ৰকাৰৰ মৌ জন্ম হোৱাৰ কাৰণ হ’ল ৰাণী হ’ব পৰা পলুক কৰ্মী মৌবোৰে গোটেই কালছোৱা (কণীৰ পৰা পূৰ্ণাঙ্গ) অত্যন্ত পুষ্টিকৰ খাদ্যৰ যোগান ধৰে যাক মধু অৱলেহ (ৰ’য়েল জেলী) বুলি কোৱা হয়। প্ৰথম অৱস্থাত সামান্য পৰিমাণৰ মধু অৱলেহ খাবলৈ দিয়ে আৰু কণী ফুটি ওলোৱাৰ তিনি দিনৰ পাছৰ পৰা ‘মধু অৱলেহ’-ৰ পৰিৱৰ্তে মৌজোল আৰু পৰাগ মিহলি কৰি খাবলৈ দিয়ে, এই খাদ্য মধু অৱলেহৰ দৰে পুষ্টিকৰ নহয়৷ অত্যন্ত পুষ্টিকৰ খাদ্য খোৱাৰ বাবে ৰাণী প্ৰস্ফুটিত হয় আৰু প্ৰজননাংগৰ পূৰ্ণ বিকাশ ঘটে আৰু আনহাতে তেনে খাদ্যৰ অভাৱত কৰ্মী মৌৰ প্ৰজননাংগৰ পূৰ্ণ বিকাশ নহয়।

    ৰাণী আৰু কৰ্মী মৌৰ মাজত আকাৰ, বৰণ আৰু গঠনৰ ভালেখিনি পাৰ্থক্য আছে৷ ৰাণী মৌ কৰ্মী মৌতকৈ শকত আৰু দীঘল৷ মতা আৰু কৰ্মী মৌৰ তুলনাত ৰাণীৰ পাখি দুখন শৰীৰ অনুপাতে চুটি৷

    ৰাণী মৌৰ পেটতো দীঘলীয়া আৰু ডাঙৰ৷ কৰ্মী মৌৰ দৰে ৰাণীৰ মম প্ৰস্তুত কৰা গ্ৰন্থি, পিছৰ ভৰিৰ ৰেণু সংগ্ৰহ কৰা ব্ৰাছ আৰু মোনা নাথাকে। শুংডাল পোন হোৱাৰ পৰিৱৰ্তে অলপ বেঁকা হয়। এই শুংডাল ৰাণীয়ে কণী পৰাৰ বাবে ব্যৱহাৰ কৰে আৰু প্ৰতিদ্বন্দী ৰাণীৰ ওপৰত প্ৰয়োগ কৰাৰ বাহিৰে অন্যৰ ওপৰত প্ৰয়োগ কৰিব নোৱাৰে৷ এজনী ৰাণীয়ে দৈনিক গড়ে ১,৫০০— ২,০০০ লৈকে কণী পৰিব পাৰে ৷ মধুস্ৰাৱ ঋতুত ৰাণীৰ কণী পৰাৰ ক্ষমতা বৃদ্ধি পায় আৰু খাদ্যৰ অত্যন্ত অভাৱ ঘটিলে কণী পৰা ক্ষমতা একেবাৰে বন্ধ হ’ব পাৰে।

মতা মৌ :

    মতা মৌ-মাখি কৰ্মী মৌতকৈ আকাৰত বহুত শকত, কিন্তু ৰাণী মৌৰ সমান দীঘল নহয়। মিশ্ৰিত চকুৰে মূৰটো শকত আৰু পাখি দুখন আন ৰাণী আৰু কৰ্মী মৌতকৈ ডাঙৰ। এইবিধ মৌৰ একমাত্ৰ কাম হৈছে ৰাণী মৌৰ লগত সংগমত লিপ্ত হৈ প্ৰজননত সহায় কৰা। কাৰণ মতা মৌৰ অঙ্গবিলাক কৰ্মী মৌৰ দৰে ফুলৰ ৰস, ৰেণু সংগ্ৰহ কৰা ভিতৰৰ চাকৰ কামৰ বাবে উন্নত নহয়৷ আহাৰৰ প্ৰাচুৰ্য অনুসৰি বসন্ত আৰু শীতৰ শেষৰ ফালে মতা মৌৰ সংখ্যা যথেষ্ট বাঢ়িবলৈ ধৰে৷ কৰ্মী মৌৱে প্ৰয়োজন সাপেক্ষে মতা মৌৰ কোষ সাজি মতা মৌ জন্মোৱাত সহায় কৰে৷ মতা মৌৰ কোষবোৰ সাধাৰণতে ডাঙৰ হয় আৰু এই কোষত ৰাণীয়ে অনিষিক্ত কণী পাৰে৷ বসন্ত কালৰ ঋতুস্রাৱৰ সময়ত যেতিয়া মৌবাহত জাক উৰোৱা প্ৰবৃত্তিয়ে দেখা দিয়ে তেতিয়া মতা মৌখিনিও উৰা মাৰে৷ মৌপালকৰ কাৰণে মৌবাহত মতা মৌৰ সংখ্যা বেছি হোৱাটো অনিষ্টকৰ৷ সেয়েহে মতা মৌ-মাখিৰ সংখ্যা কমাবলৈ হ’লে মতা মৌ জন্মোৱা কোষ থকা চাকৰ অংশবিলাক কাটি পেলাব লাগে। খাদ্যৰ নাটনি হ’লে কৰ্মী মৌবোৰে মতা মৌবোৰক বাহৰ পৰা উৰুৱাই দিয়ে বা মাৰি পেলায়। কাৰণ বাৰিষা অহাৰ লগে লগে মৌচাকত ৰস, ৰেণু আদিৰ পৰিমাণ কমি যায় আৰু কৰ্মী মৌবিলাকে ইহঁতক বহুৱাই খুৱাই থাকিবলৈ নিবিচাৰে।

কৰ্মী মৌ :

    ৰাণীয়ে পৰা উৰ্বৰ অৰ্থাৎ নিষিক্ত কণীৰ পৰা কৰ্মী মৌৰ জন্ম হয়। প্ৰজননত অক্ষম কিন্তু মাতৃত্বৰ সকলো গুণেৰে এই মৌবিলাক সমৃদ্ধ৷ মৌবাহৰ তত্ত্বাৱধানকে ধৰি সকলো কাম কৰ্মী মৌৱে সম্পন্ন কৰে৷ কৰ্মী মৌবিলাকৰ বয়স অনুযায়ী কৰ্ম বিভাজন কৰা হয়৷ জীৱনৰ প্ৰাৰম্ভণিতে লেটাৰ পৰা ওলায়েই প্ৰায় এসপ্তাহ জুৰি কৰ্মী মৌৱে মৌবাহৰ পৰিচৰ্যাৰ দায়িত্ব লয়। এনে কোমল বয়সীয়া মৌ-মাখিবোৰক ধাত্ৰী মৌ বুলি কোৱা হয়৷ ধাত্ৰী মৌৰ কাম হ’ল মৌবাহৰ ভিতৰৰ কামসমূহ, যেনে— মধু অৱলেহ তৈয়াৰ, পোৱালিবিলাকক আৰু ৰাণীক আহাৰ খুউৱা, ৰাণীক শুশ্ৰূষা কৰা, মধুমম তৈয়াৰ কৰা, চাক সজা, মৌবাহ পৰিষ্কাৰ কৰা, বায়ুৰ চলাচল আৰু ঠাণ্ডাকৰণ কৰা৷ ধাত্ৰীৰ পাছতেই প্ৰায় দুসপ্তহীয়া মৌ-মাখিবোৰ প্ৰতিৰক্ষক মৌ-মাখি হিচাপে জনা যায়৷ ইহঁতক মৌবাহটো শত্ৰুৰপৰা ৰক্ষা কাৰবলৈ নিয়োজত কৰা হয়৷ প্ৰতিৰক্ষক মৌৰ পাছতেই প্ৰায় তিনি সপ্তাহ বয়সৰ মৌ-মাখিবোৰক বিচৰণকাৰী মৌ-মাখি বুলি জনা যায়৷ এই বিচৰণকাৰী মৌ-মাখিয়ে ফুলৰ ৰেণু আৰু ৰসৰ সন্ধানত মৌবাহৰ চাৰিওফালে বিচৰণ কৰে৷ মৌবাহৰ পৰা আঁতৰত থকা বিভিন্ন ফুলৰ বাৰ্তা আনি মৌবাহক দিয়েহি৷ সেইমতে সংগ্ৰাহক মৌ-মাখিয়ে সেই ফুলৰ ৰস আৰু ৰেণু আহৰণ কৰে৷ সংগ্ৰাহক মৌমাখিবোৰ প্ৰায় 8/৫ সপ্তাহ বয়সৰ হয় আৰু ইহঁত ৰেণু আৰু ৰস আহৰণতেই ব্যস্ত থাকে৷ বসন্ত কালত প্ৰকৃতি ফুলেৰে জাতিষ্কাৰ হৈ ৰেণু ৰসেৰে ভৰি পৰাৰ কাৰণে কৰ্মী মৌৰ সংখ্যা অত্যাধিক বৃদ্ধি পায়৷ কৰ্মী মৌবিলাক সাধাৰণতে ৩/৪ মাহমান জীয়াই থাকে৷ কিন্তু মধুস্ৰাৱৰ সময়ত অত্যধিক পৰিশ্ৰম কৰাৰ কাৰণে সেই কালছোৱাত সিহঁত ৩০/৪৫ দিনতকৈ বেছি দিন জীয়াই নাথাকে৷

চিত্ৰ : মৌ বাহত থকা বিভিন্ন জাতৰ মৌ-মাখি

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close