Written by 2:18 pm Poems

ছ’চিয়েল দিছটেঞ্চ্ !

ফাৰহান জাৱেদ

অনেক ভিডিঅ’ ভাইৰেল হৈছে

ইচ্ছা আৰু অনিচ্ছাৰে বাজ ওলাইছে

নিষেধাজ্ঞাৰ মাজতো মানুহবোৰ ক’লৈ গৈছে

গুণা-গঁথা কৰা মানুহ নাই

দেশৰ অৰ্থনীতি মানেনো কি 

সেই কথাও ভাবিব পৰা নাই

ভেকচিন আছে দৰব নাই

ডে’ডব’ডি আছে এণ্টিব’ডি নাই

উশাহ আছে ইমিউনিটি নাই

মৃত্যু আছে জীৱন নাই!

ভাষা-সাহিত্যৰ অপাৰ চৰ্চা চলিছে ঘৰে ঘৰে

সংস্কৃতিৰ চৰ্চা চলিছে সৰ্বত্ৰ 

গান নাচ অন্লাইন বৌদ্ধিক অনুশীলন

দৌতাসকলে কি কৰিছে ধৰিব পৰা নাই

ৰাজশাসনত নিজৰ নীতিকে সাৰোগত কৰিছে নেকি

সম্প্ৰতি সকলো ছবি হৈ পৰিছে ব্লাৰ 

ধূমায়িত ছায়াছবিৰ মায়া ফঁহিয়াই চাব পৰা নাই

মানুহক উচ্ছেদ কৰি গৰুবোৰক ৰক্ষা কৰিব লাগিব

সিহঁতৰ গোহালিবোৰত বৈদ্যুতিক চাকিৰে পোহৰাব লাগিব  

লাইকা-দধিয়াবাসীৰ দুখে অন্তৰ ভেদি গৈছে

গোৰুকামুখৰ ওখ বান্ধৰ ওপৰেদি চকুলো বাগৰিছে

কত যে পৰিকল্পনা 

ল’ৰাহঁতৰ পাঠ্যক্ৰমত সোমাবনো কি 

চোতাল-কাষতে মানুহ মৰিছে

কালৰ নীতিয়ে আঁতৰাইছে মানুহক মানুহৰপৰা

মৃতদেহবোৰ বান্ধি ৰাখিছে সংক্ৰমণৰ ভয়ত

চিতাত কোনে কাক তোলে

জুই দিবলৈ মানুহ নাই!

কণ্টেইনমেণ্ট জ’নত ভোকৰ সৈতে যুঁজি যুঁজি আওমৰণে মৰাবোৰক

মাত এষাৰ দিয়ে কোনে

প্ৰ’টিন খাম নে পেটৰ ক্ষুধা গুচাম ভাবি আছোঁ

আপুনি কি ভাবি আছে বাৰু

ভ্ৰাম্যভাষ :  ৯৩৮৭২৯১১৯৯:

Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close