Written by 2:02 pm Poems

কালি ৰাতি ১ বাজি ৩২ মিনিটত

ৰিপুঞ্জয় বৰুৱা ঋমন

এতিয়াই যদি মৰি থাকোঁ

আধাবোৰ আধৰুৱা কৰি থৈ

নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিব

যিহেতু মানুহ মৰিয়েই থাকে !

আঙুলিৰ মূৰত গণিব পৰাকৈ দুজনমানে

কোৱাকুই কৰিব ঋমন ন’ ম’ৰ ! 

আঃ কালি ৰাতি ১ বাজি ৩২ মিনিটত ঠেৰেঙা লগা শোকত মৰি থাকিল পাগলটো !

তই ভালে থাক য’তে আছগৈ ।

এইবুলি কোৱাৰ বাহিৰে থাকিবই বা কি

জীৱন-মৃত্যুৰ কছৰৎ

জীয়াই আছোঁ বুলি ক’বলৈ সহজ

কিন্তু জীৱলৈ ?

জীয়াই থকাজনেও নাজানে,

জী আছে

নে মৰিছে মনে মনে !

এই যে নিতৌ ক’ৰবালৈ অহা-যোৱা কৰোঁ

এই যে অন্তৰঙ্গ আলাপ কৰোঁ

এই যে হাঁহো

এই যে কান্দো

এই যে ‘ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক’

কথাষাৰ জানিও

খৈনী খাওঁ, চিগাৰেট হোঁপো

মদৰ ভাটিলৈ গৈ মদ খাওঁ

সঁচাসঁচিকৈ তোমাক বহুত ভাল পাওঁ

নহ’লে ইমানবোৰ নিচাৰ প্ৰয়োজনেই বা কি !

আচলতে,

অজানিতেই পলে পলে পদে পদে খহোঁ ভাগোঁ ভাবোঁ আৰু মৰোঁ ।

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং :  ১০১

গুৱাহাটী-০৪

ভ্ৰাম্যভাষ : ৬৯০১৮৫৬০৮৫

Visited 5 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close