Written by 1:58 pm Poems

কোনেনো বুজায় ৰংমিলিক

অন্বেষী বৰা

ৰংমিলি এদিন আহিবি, 

কেঁ‌চা আলিত সাৱধানে খোজ দিবি। 

আলি ভাগিব, দুৱৰি মৰিব; 

পাৰ ভঙা পানীৰ সঁ‌জাত নাই আঁ‌কৰী, 

দুমুঠন বুকুত কিদৰে সামৰিবি? 

দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত। 

ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি,

“হুৰ হুৰ বতা চৰাই

মোৰ ধান নাখাবি, তোক দিম গোটেকৰাই।” 

 গভীৰ ধাননিৰ বুকুত সৰ্পিল ছায়া। 

পলাব খোজা ৰংমিলিয়ে সুৰুঙানো পায় ক’ত? 

সমাজে কয়,  “দেৱতা” আহিছে, 

‘চম্পাৱতী’ হোৱাৰ এয়াই যে সুযোগ!

সমাজে সপোন গোজে, 

সপোনে নুৰিয়ায় ৰংমিলিক নে চম্পাৱতীক? 

ৰংমিলিয়ে চম্পাৱতীৰ সাজ পিন্ধে, 

দেৱতাই মোট সলাই অজগৰ হয়। 

বছৰ বাগৰে …

দেৱতাৰ ৰোষত পৰা ৰংমিলিৰ কাহিনী মদৰুৱা হয়। 

নতুনকৈ চম্পাৱতী হ’ব খোজা আন এজনীক সমাজে কাহিনী শুনায়,

“ঠিক এইখিনিতেই ৰংমিলি নামৰ এজনী ৰাংঢালী গাভৰু আছিল …” 

সমাজে সঁকীয়ায়, ফুচুলায় নে গঁতিয়ায়? 

সকলোৰে অগোচৰে থাকি যায় কাহিনীৰ আঁ‌ৰৰ কাহিনী; 

ৰংমিলি চম্পাৱতী হ’ব খোজা নাছিল, 

চম্পাৱতীও চম্পাৱতী হ’ব খোজা নাছিল ….। 

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close