Written by 1:56 pm Poems

বহুৱা

লুইতজ্যোতি

যি হাঁহিব নাজানে সি হেনো চয়তান ৷

বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক

ভ্ৰমেৰে আৱৰি

মই জন্ম দিওঁ মোৰ হাঁহিক।

মই হাঁহিব জানো ৷

বেদনাৰ নিমখীয়া পানীত

প্ৰতি উজাগৰী নিশা

মই মিলাওঁ ৰঙা আবিৰ ৷

আৰু দুয়ো ওঁঠত ঘঁহি লৈ

যন্ত্ৰণাৰ সেই তেজৰঙী পানী

মই হহুঁৱাও পৃথিৱীক ৷

মই হহুঁৱাবও জানো ৷

হাঁহি আৰু হহুঁৱাই

হত্যা কৰোঁ মই পৃথিৱীৰ প্ৰতিজন চয়তানক ৷

আৰু ভাগৰি ওভতোঁ

আন্ধাৰ লুঙলুঙীয়া বাটটোৰে

ভগা ঘৰটোলৈ ৷

অনাহাৰে থকা পত্নীৰ হাতত

তুলি দিওঁ

মোৰ আত্মসন্মানৰ অৰ্ধদগ্ধ টুকুৰাবোৰ ৷

তাৰেই জ্বলি উঠে

আমাৰ আখলৰ জুই

আৰু জী উঠোঁ আমি ৷

মই হাঁহিব জানো টুকুৰা-টুকুৰ হৈ,

মই হহুঁৱাব জানো জ্বলি ছাই হৈ ৷

ভ্ৰমৰ এই পৃথিৱীত

মই চয়তান নহওঁ ৷

মই বহুৱা ৷

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close