Written by 1:56 pm Poems

ঊষা-নিনাদ

বিজয় শঙ্কৰ শৰ্মা

মফচলত

এজাক ধুমুহাই

উৰুৱাই আনিছিল

এখনি নীলা চাদৰ

বতাহত উৰি থকা

চঞ্চল চিলাৰ দৰে

উৰিয়েই আছিল

সেই নীলা চাদৰ

অনিৰুদ্ধ হৈ

আকাশত

আন একো নাছিল তেতিয়া

প্ৰশান্ত ধুমুহা…

নিস্তব্ধ আন্ধাৰ…

মুকলি পথাৰত

জোনাকীৰ তিৰবিৰণিবোৰে

মাথোঁ বাট চাইছিল

ঊষাই কঢ়িয়াব লগা

সপোনবোৰলৈ

নীলা চাদৰখন তেতিয়াও

উৰি আছিল

জীৱনৰ প্ৰতিশ্ৰুতিৰে ৷

ভ্ৰাম্যভাষ : ৭৮৯৬১৮৯১৯৫

Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close