বিদিশা দত্ত
(৩)
দিনবোৰ পাৰ হৈ গৈ আছে। সভাখনৰ দিন-বাৰ দেৱতাই ঘোষণা কৰেহে লাগে। ইফালে ৰংচঙীয়া পাখিটো ভুচু নে গুবুৰ ভাগত পৰিব, কাকৈয়ে এতিয়ালৈকে ঠিকেই কৰিব পৰা নাই।
“এনেকৈ থাকিলে নহ’ব। কিবা এটা হেস্ত নেস্ত কৰিবই লাগিব।”- কাকৈয়ে ভাবিলে। তেনেতে নৈৰ ফালৰ পৰা গহীন খোজেৰে আহি থকা গজঙক দেখা পালে কাকৈয়ে। গজঙে নৈৰ সিপাৰৰ হাবিৰ কল এঠোকা খাবলৈ গৈছিল। কাকৈয়ে ভালেই পালে। গজঙৰ লগতে আলোচনাটো কৰি ভুচু নাইবা গুবুক পাখিটো গটাই দিয়াই ভাল হ’ব।
“অকণমান বহাঁচোন গজং।”- কাকৈ লাহেকৈ গছৰ ডালৰ পৰা নামি আহিল। গজঙে উগাৰ এটা মাৰি লাহেকৈ বহিল। বহাৰ লগে লগে গজঙৰ চকুহাল মুদ খাই আহিবলৈ ধৰিলে।
“ইইই… তুমি দেখোন টোপনিয়াইছা। মই আকৌ দৰকাৰী কথা এটা আলোচনা কৰোঁ বুলিহে মাতিছিলোঁ।”- কাকৈয়ে ক’লে।
“নাই নাই, টোপনি অহা নাই। অকণমান ভাগৰহে লাগিছে।”
“বহুত দূৰ খোজ কাঢ়িলা হ’বলা!”
“নক’বা আৰু! কল এঠোক খাওঁ বুলি গ’লোঁ বুইছা। সৌখিনিৰ কলকেইজোপাত এঠোকো কল নাই। কোনোবা বান্দৰেই নিলে নে চৰায়েই বখলিয়াই শেষ কৰিলে নাজানো। কল বিচাৰি বিচাৰি বহুত দূৰ যাব লগা হ’ল।”
“এই পাৰৰ কুঁহিয়াৰখিনি পূৰঠ হৈছে। তাৰে ডালচেৰেক খাব পাৰিলাহেঁতেন দেখোন।”
“কুঁহিয়াৰ চাৰিডাল পৰহি খাই চাইছিলোঁ। পূৰঠ হৈছে হয়, পিছে মিঠাটো কম। আজি বৰকৈ কল খাবলৈ মন গ’ল। বাৰু, সেইবোৰ বাদ, কোৱাঁচোন কি দৰকাৰী কথা আছিল।”
কাকৈয়ে ইফালে সিফালে চালে। ওচৰে-পাজৰে কোনো নাই বুলি জানিও সৰু মাতেৰে কাকৈয়ে ক’লে – “বুইছা, কথাটো গহীনেই। দেৱতাই পঠিওৱা ৰংচঙীয়া পাখি এটা সিদিনা মোৰ ওচৰতে পৰিলহি।”
“কি! তোমাৰ ওচৰত! তুমি দেখোন আগতে কেইবাবাৰো পাইছা!”- গজঙৰ মাতটো কিছু ডাঙৰকৈয়ে ওলাল।
“এস্ চিঞৰটো কিয় মাৰিছা হে! কথাটো ভালকৈ শুনি লোৱাঁচোন।”
“বাৰু কোৱাঁচোন।”
“সৌ উৰিয়ামৰ তলৰ গাঁততে ভুচুৱে গা ধুইছিল। সি গা ধুই উঠি যোৱাৰ পাছতো গাঁতটোৰ পানীবোৰ লৰচৰ হৈ আছিল।”
“কেনেকৈ?”
“কেনেকৈ মানে? এই পানীপৰুৱাসোপা জানো অলপ খটাসুৰ! সিহঁতে গাঁতৰ পানীত নাচি-বাগি ফুৰিছিল। অকণমানি চৰায়ে ওপৰৰ পৰা দেখি চাগে ভাবিলে – ভুচুৱে গা ধুয়েই আছে। পেলাই থৈ গ’ল পাখি এটা।”
“অ! কথা সেইটোহে! ভুচুক তুমি পাখিটো দি দিলেই হ’ল।”
“এস্ তুমি কথাটো ভালকৈ শুনি নোলোৱাঁ হে! তোমাক ক’বলৈ লৈ ভুলেই কৰিলোঁ।”
“ইয়ে ৰাম! কাহিনী তাৰমানে আৰু আছে! কোৱাঁ কোৱাঁ। দেৱতাৰ শপত, মাজত টেপেককৈ আৰু নামাতোঁ।”
“ভুচু যোৱাৰ পাছত গাঁতটোৰ ওচৰতে গুবু বহিছিলহি।”
“তাৰমানে গুবু আহি বহাৰ পাছত পাখিটো পৰিছিল?”
“গুবুৱে পাখিটো পৰা দেখা নাছিল নেকি?”
“ওঁহো।”
“তুমি তাক দেখুৱাই নিদিলা কিয়? অ’ বুজিছোঁ, পাখিটো ভুচুৰ কাৰণে কিজানি দিয়া হৈছে, তুমি সেইটো ভাবি গুবুক একো নক’লা ন!”
“অঁ। পাখিটো মই লগতে ৰাখিছোঁ। কাক দিয়া ভাল হ’ব, সেইটো আজিলৈকে ঠিৰাং কৰিব পৰা নাই। তুমিয়েই কোৱাচোন কাকনো দিওঁ।”
“তাকে… ভাবি চাওঁ ৰ’বা। কথাটো অলপ গহীনেই দেখোন!”
ইমান দিনে অশান্তি দি থকা কথাটো গজঙক ক’বলৈ পাই কাকৈৰ মনটো অলপ পাতল লাগিল। কাকৈয়ে দীঘলকৈ উশাহ এটা ল’লে। গজঙে যাক দিবলৈ কয়, কাকৈয়ে তাকেই পাখিটো দি দিব। এই চিন্তাটোৰ পৰা মুকলি হ’ব।
গজঙে মূৰ তল কৰি, চকু মুদি অলপ সময় কথাটো ভাবি চালে। তাৰ পিছত লাহে লাহে ক’লে – “কাকৈ, পাখি হ’ল এটা। প্ৰাণী হ’ল দুটা। আচলতে কাৰ কাৰণে পাখিটো পেলাই থৈ গৈছিল, সেয়া আমি নাজানো। এতিয়া এটাক দিলে আনটোৰ প্ৰতি অন্যায় কৰা নহ’ব জানো!”
“সেই কাৰণেই মই তোমাৰ পৰা সহায় বিচাৰিছোঁ গজং।”
“মই ভাবিছোঁ, দুয়োকে সঁচা কথাটো কৈ দিয়া উচিত। সভালৈ দুয়োটাই যাওক। যিয়ে যাবলৈ ইচ্ছা নকৰে, তাক জোৰ কৰিব নালাগে। অৱশ্যে দেৱতাৰ সভালৈ যাবলৈ ইচ্ছা নকৰাৰ কথাই নাহে। নহয় জানো?”
“হয় হয়। তুমি কোৱামতেই কৰিম দিয়াঁ। দুয়োকে কথাটো বুজাই ক’ম। দেৱতা আকৌ অসন্তুষ্ট হ’ব নেকি!”
“নহয়, কিয় হ’ব! সিহঁত দুয়ো নতুন যদিও আমাৰ হাবিখনক আপোন বুলি গণ্য কৰিছে, হাবিৰ নীতি-নিয়মবোৰ ধুনীয়াকৈ পালন কৰিছে, তাকে জানি দেৱতা সুখীহে হ’ব!”
“এৰা! তুমি কোৱামতে সকলো সুকলমে হৈ গ’লেই হয় আৰু!”
“হ’ব হ’ব। সকলো ভালেৰে হৈ যাব চাবাচোন। তুমি সেইটোকে কৰিবা। ভালেমান দেৰি হ’ল। মই উঠোঁ।”
“বাৰু যোৱাঁ। বৰ সহায় কৰিলা গজং। ধন্যবাদ দেই।”
গজঙে শুৰডাল দাঙি মূৰটো দুপিয়াই আগলৈ খোজ দিলে। (আগলৈ)