Written by 8:03 am Articles

বেং-বেলেষ্টৰ

 অমৃত গোস্বামী

বেং-বেলেষ্টৰ– এটা নাম,এজন মানুহৰ নাম। এখন উপন্যাসৰ এটা চৰিত্ৰৰ নাম। বেং-বেলেষ্টৰ স্বনামধন্য উপন্যাসিক দেবেন্দ্ৰনাথ আচাৰ্যদেৱৰ ‘অন্য যুগ অন্য পুৰুষ’ নামৰ উপন্যাস খনৰ এটা চৰিত্ৰ। লেখকে এই অদ্ভুত চৰিত্ৰটোৰ যোগেদি কাহিনীকথন কৰোৱাই উপন্যাসখন আগবঢ়াই নিছে। 

এই উপন্যাসখন মোৰ আগতে পঢ়া ন’হল, এতিয়াহে পঢ়িলো। উপন্যাসখন পঢ়ি অঁতোৱাৰ পিচত বেলেষ্টৰ চৰিত্ৰটো মোৰ বৰ ভাল লাগিল– চৰিত্ৰটোৱে মোৰ মনত দ’ সাঁচ বহুৱাই থৈ গ’ল,আৰু সেইবাবেই মই বেলেষ্টৰৰ বিষয়ে মোৰ সীমিত উপলব্ধিৰে দুআষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। 

বেলেষ্টৰৰ নিজা বুলিবলৈ একো নাই– নাই কোনো ঘৰ,নাই কোনো সংসাৰ– তেওঁৰ য’তে ৰাতি ত’তে কাতি। দিনৰ দিনটো বেলেষ্টৰে অ’ত  ত’ত খাল-ডোঙে,নদীয়ে-বিলে- হোলাই   বৰশী টোপাই ঘূৰি ফুৰে, আৰু সন্ধিয়া হোৱাৰ লগে লগে সেই গাৱঁৰ কোনোবা চিনিকি মানুহ এঘৰত আশ্ৰয় লয়, আৰু সেই ৰাতিটো সেইঘৰ মানুহতে কটায়। বৰশী বাই পোৱা মাছ-পুঠি কেইটা গৃহস্থ ঘৰতে দিয়ে,আৰু ৰাতিৰ ভাত সাজো সেইখন ঘৰত খায়। আকৌ পিচদিনা পুৱা তেওঁ কোনোবা নতুন এঠাইলৈ বৰশী বাবৰ কাৰণে ওলাই যায় – কোনোবা নতুন মানুহ এঘৰত পিচৰ দিনাৰ বাবে আলহী হয়গৈ। এইদৰে ‘নৈয়ে মোৰ লোটা ঘটি বালি চৰেই ঘৰ’ হৈ  তেওঁ ইখনৰ পিছত সিখন ঠাই বৰশী বাই ভ্ৰমি ফুৰে– একেবাৰে গৰখীয়াদ’লৰ অধিকাৰপ্ৰভুৰ বাৰীৰ ৰজাদিনীয়া পুখুৰীটোত বৰশী বোৱাৰ পৰা শিৱসাগৰৰো সিফালৰ নগাপাহাৰৰ নামনিৰ বিহুবৰ-চন্তকৰ ওচৰৰ মৰিদিখৌলৈকে,তাহানিৰ অবিভক্ত শিৱসাগৰ জিলা ব্যাপি। 

প্ৰায় সত্তৰ বছৰীয়া বুঢ়া,শোটোৰা-শোটোৰ ছালেৰে পকাচুলীয়া,বৰশী টোপাই ভালপোৱা বেলেষ্টৰ নিজেও বৰশী ডাঁৰিটোৰ দৰেই ক্ষীণ,লিকলিকীয়া হটঙা। কথাকওঁতে বেলেষ্টৰৰ সোলা মুখখনৰ দাঁতৰ আলুবোৰ  ওলাই পৰে। তেওঁ হাঁহি হাঁহি ল’ৰা-ছোৱালীবোৰক নানা ধৰণৰ কথা কয়– সাধু, উপকথা– তেওঁৰ শত্তৰ বছৰীয়া জীৱনৰ অভিজ্ঞতাবোৰ অতি নিখুঁতকৈ কৈ যায়। কেতিয়াবা দুখৰ কাহিনী কওঁতে বেলেষ্টৰৰ ঘোলাপৰা চকুদুটা আবেগত ঢুলঢুলীয়া দিয়ে, হাত-ভৰিবোৰ কঁপি উঠে। 

বেলেষ্টৰ ল’ৰা-ছোৱালীবোৰৰ বৰ প্ৰিয়, তেওঁলোকে বেলেষ্টৰক খুব ভাল পায়। গধূলি হ’লে গৃহস্থ ঘৰৰ সৰু সৰু ল’ৰা-ছোৱালী বোৰক অতীতৰ  বিভিন্ন কাহিনী কৈ শুনোৱাটো বেলেষ্টৰৰ এটা প্ৰধান কাম,এটা প্ৰধান কৰ্তব্য। বেলেষ্টৰৰ আচল নাম বেলেগ – নন্দীৰাম। বেং বেলেষ্টৰ নামটোও সৰু ল’ৰা-ছোৱালী বোৰে তেওঁক মৰমতে দিয়া নাম। – “গধূলি সাধুকৈ থাকোঁতেও যদি কেনেবাকৈ পানীবেঙৰ পোৱালি এটা দেখে তাক তৎক্ষণাত মাৰি পিছদিনা বৰশীত টোপ দিবলৈ টেমা এটাত ভৰাই থয়। পোৱালি বেঙবোৰ এইদৰে মাৰি ফুৰাৰ কাৰণেই গাঁৱৰ ল’ৰাবোৰে তেওঁক ‘বেঙৰ-যম’ অৰ্থাৎ ‘বেং-বেলেষ্টৰ’ বুলি জোকায়; জোকালে বেলেষ্টৰে সোলা মুখখন মেলি হাঁহি এটা মাৰে আৰু ল’ৰা জাকেও ভয় খোৱা যেন দেখুৱাই লৰ মাৰে।” – গৃহস্থঘৰৰ ডাঙৰ সকলেও বেলেষ্টৰ ঘৰলৈ আহিলে ভাল পায়,ঘৰখনত  অন্ততঃ সেই দিনাৰ বাবে কিছু সকাহ হয়, ল’ৰা-ছোৱালীকেইটাই বেলেষ্টৰৰ মুখৰ কাহিনী শুনি মাক-দেউতাকক আমনি কৰিবলৈ পাহৰি যায়।

লেখকে বেলেষ্টৰ নামৰ এই চৰিত্ৰটোৰ যোগেদি প্ৰাক-স্বাধীনতা কালৰ অসমৰ বিশেষকৈ যোৰহাটৰ আশে-পাশে থকা অঞ্চলবিলাকৰ গ্ৰাম্য জীৱনৰ নানান কথা,নানান বুৰঞ্জী,সেই সময়ৰ যোৰহাট অঞ্চলৰ মৌখিক ভাষাটোৰ যোগেদি ল’ৰা-ছোৱালীবোৰক কোৱাৰ ছলেৰে পাঠকক অবগত কৰাইছে – অতিকৈ সৰল আৰু মনোগ্ৰাহী ৰূপত। 

সৰুৰে পৰাই কাম-কাজৰ প্ৰতি বিৰাগ – আয়েম কৰি ভাল পোৱা,এলেহুৱা প্ৰকৃতিৰ কেৱল বৰশী টোপাই ফুৰা   নন্দীৰাম ওৰফে বেলেষ্টৰ আছিল দেশ-দুনীয়াৰ তথ্যৰ ৰহঘৰা। তেওঁ আছিল জ্ঞানৰ ভঁৰাল। –পিতৃবধৰ প্ৰায়শ্চিত্ত হিচাপে  আৰিমত্ত ৰজাই বামুনক দুনাও সোণ-ৰূপ দান দিবলৈ বিচাৰোতে বামুনেও সেই সোণ-ৰূপৰ ভাগ ল’বলৈ অমান্তি হোৱাৰ কথাৰ পৰা আৰম্ভ কৰি,নেঘেৰেটিঙৰ শিৱমন্দিৰৰ পৰা গড়গাঁওৰ ৰজাৰ ঘৰলৈ নিৰ্মালি দিবলৈ বুলি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নতুনকৈ সাঁজি উলিওৱা  ‘নিৰ্মালি দিয়া আলিটো’ৰ বিষয়ে, বৃটিছে আমাৰ দেশত পোনপ্ৰথম ৰেল কোম্পানী, চাহ কোম্পানী প্ৰতিস্থা কৰাৰ কালৰ কথা, বৃটিছে হোজা অসমীয়া মানুহবোৰক কানি খুৱাই  আৰু এলেহৱা কৰি তোলা, মহাত্মা গান্ধীৰ নেতৃত্বত কানি মহলত ভলন্টিয়াৰ বোৰে হৰতাল কৰাৰ কথা,হৰতালৰ বাবে বাধ্য হৈ বৃটিছে কানি মহল বন্ধ কৰি দিবলগীয়া অৱস্থা হোৱা,পিচত আকৌ সেই কোম্পানী চৰকাৰেই মানুহক চোৰাংকৈ কানি বিক্ৰী কৰিবৰ বাবে ঠায়ে ঠায়ে কিছুমান এজেন্ট নিয়োগ কৰা আদি কথাবোৰ লেখকে বেলেষ্টৰ নামৰ এই গাৱঁলীয়া মানুহজনৰ মুখেদি, অতি প্ৰাঞ্জল গাৱলীয়া ভাষাৰে  আমাক কৈ গৈছে।

সেই সময়ত আমাৰ ৰাজ্যখন আছিল একেবাৰে অনুন্নত। ৰাস্তা-পদূলি বুলিবলৈ মুঠেই নাছিলেই। গোটেইখনতে আছিল কেৱল জলাশয় কিছুমান, নহ’লে অগাইধনি হাবি একো একোখন। হাবিবোৰ আছিল বাঘ-ঘোঁঙকে আদি কৰি বনৰীয়া হিংস্ৰ জীৱ-জন্তু,চৰাই-চিৰিকতি, হলৌ বান্দৰকে আদি কৰি অনেক  প্ৰকাৰৰ বান্দৰ; কালডাঁহী, ফেটী, মচোৱাগোমকে আদি কৰি বিভিন্ন প্ৰকাৰৰ বিষাক্ত সাপবোৰৰ বসতিস্থান। ৰাজ্যখনত হাইজা-কলেৰা আদি কৰি ৰোগবোৰত এবাৰতে একো একোখন গাওঁ, একোটা একোটা অঞ্চল কেতিয়াবা একেবাৰে উচন হৈ গৈছিল। তদুপৰি সন্নিপাত জ্বৰ,বসন্ত আদি ৰোগৰো প্ৰাদুৰ্ভাব আছিল প্ৰচুৰ পৰিমাণত। মানুহবোৰ আছিল ভূত-প্ৰেত আদি অন্ধবিশ্বাসৰ বলি। গাঁওবোৰত আছিল পোলাকটা, সিন্ধিদিয়া চোৰৰ উৎপাত। এইবোৰৰ বিভিন্ন কাহিনী বেলেস্তৰৰ মুখেই লেখকে অতি ৰসাল ভাষাত বৰ্ণনা কৰিছে।

এইবোৰৰ উপৰিও সেইসময়ৰ আন-আন বহুতো কাহিনী যেনে– গাৱঁৰ বিয়াৰ ঢুলীয়া ওজাৰ যুজঁ-বিয়া ভাগি শেষ হয়, কন্যা উলিয়াই দিবৰ সময় হয়। বাহিৰখন সম্পূৰ্ণৰূপে পোহৰ হৈ পৰে, কিন্তু দৰাঘৰৰ আৰু কন্যাঘৰৰ মাজৰ দুই ঢুলিয়াৰ যুজঁৰ অন্ত নপৰেহে নপৰে।

 গঞালোকৰ চাপৰি জীৱনৰ বিচিত্ৰ কাহিনী, চাপৰিত বাঘৰ উৎপাত–  বিয়াৰ বাবে ভাল দৈ চাপৰিত বন্দোবস্ত কৰি বিয়াঘৰলৈ ভাৰ বৈ অনাৰ মনোৰঞ্জক কাহিনী আমি বেং-বেলষ্টৰৰ মুখেৰে শুনিবলৈ পালো। – বেলেষ্টৰৰ মুখৰ তাহানিৰ ৰঙামুৱা চাহবাগিচাৰ চাহাববোৰৰ কাহিনীবোৰ আৰু চাহ-বাগিচা সংক্ৰান্তীয় বিভিন্ন কাহিনী বিলাক শুনি থাকিলেও হেপাঁহ নপলায়। –“উপায় বুধি নোহোৱা হ’লত টিকিৰী বৰমহৰীক মতালে,বোলে,’চাই দিয়াচোন,মোৰনো বাগিচাখনত কিনো অপয়া লাগিল।’ ঘোঁৰা এটাত উঠি টিকিৰী বৰমহৰী বালিজানৰ পৰা আহিল,বাগিচাত এপাক মাৰি চালে। ঘোঁৰাৰ পৰা পিচে নামিবলৈ নহ’ল দেই। ঘূৰি যাওঁতে চেহাবৰ বঙলাৰ মুখতে ঘোঁৰা ৰখালে। বাৰাণ্ডাত ৰৈ থকা চেহাবক বোলে, ‘মই গা-পা ধুই সন্ধ্যা পূজা কৰি ওলাই আহিছো, তোমাৰ বঙলাত নোসোমাওঁ। সোমালে আকৌ গা ধুবগৈ লাগিব। তুমি এহেলেকে ওলাই আহা কথা-বতৰা হওঁ’।”

 বেলেষ্টৰৰ মুখৰ কথাত বহুত পৰিমাণে বুজিব পাৰি যে অসমত চাহবাগিচাবোৰ গঢ়ি তোলাৰ নেপথ্যত প্ৰকৃততে একো একোজন আমাৰ স্থানীয় মানুহহে আছিল। এওঁলোকেহে কঠোৰ পৰিশ্ৰম কৰি হাবি-জঙ্ঘল ভাঙি বাগিচাবোৰ স্থাপন কৰিছিল। এই স্থানীয় মানুহখিনিয়ে পোনতে চাহ খেতিৰ বিষয়ে শিকিছিল অসম সন্তান মণিৰাম দেৱান আদিৰ পৰা। চতুৰ বগা বঙালবিলাকৰ সৰহসংখ্যকে চাহবাগিচাৰ মেনেজাৰ গিৰি কৰাৰ নামত ক্লাব-পাৰ্টি আদি আমোদ-প্ৰমোদতে ব্যস্ত  হৈ আৰামদায়ক জীৱন কটাইছিল।

 বেলেষ্টৰে বহুত কথা ক’লে আমাক – সেই ঔৱাসত্ৰৰ লেধাই গোসাঁইৰ পৰা, শিয়াল টৈঙৰ গভাইত চোৰ  কন্টিলৌলৈকে, লাওপাত-কচু পাত মুখৰ, চেঙেৰী নামৰ মানুহজনীয়ে নিজেও গিৰিয়েকৰ দৰে ভিতৰতে মৰাৰ ভয়ত, গিৰিয়েক মৰাৰ দিন ধৰি ঘৰটোৰ ভিতৰলৈ নোসোমাই, পানী এচলুও মুখত নিদিয়াকৈ, পিৰালিতে বহি পিৰালিতে মৰি পৰি থকাৰ পৰা, ফুলুদৰ্জিৰ কথা লৈকে লেখকে বিভিন্ন কাহিনী- উপকাহিনী আমাক কোৱালে এই বেলেষ্টৰ নামৰ কাল্পনিক চৰিত্ৰটোৰ যোগেদি।

 মুঠৰ ওপৰত লেখক দেবেন্দ্ৰনাথ আচাৰ্য দেৱৰ সফল উপন্যাস ‘অন্য যুগ অন্য পুৰুষ’ৰ বেলেষ্টৰ এক অসঁচৰাচৰ চৰিত্ৰ। – বেলেষ্টৰক মোৰ বৰ ভাল লাগিল। 

লেখকৰ ঠিকনা:

অমৃত গোস্বামী,

চন্দননগৰ, চাৰ্ভে, বেলতলা

গুৱাহাটী- ৭৮১০২৮

ভ্ৰাম্যভাষ- ৯৪৩৫০১৪৪৫৫

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close