Written by 7:58 am Poems

শেষ গান

বিজয় শঙ্কৰ শৰ্মা

ঠিক কেঁকুৰিটোৰ আৰম্ভণিতে

শুভ্ৰবসনেৰে আবৃত

বুঢ়াডাঙৰীয়াই বগাঘোঁৰাটো লৈ 

আকাশৰ ফালে 

ওখ হৈ হৈ 

নোহোৱা হৈ গৈছিল

সিদিনাৰ পৰাই

কেঁকুৰিটোত কোনোৱেই দেখা 

নাই পুৱতি নিশাৰ 

শুভ্ৰবসন বুঢ়াডাঙৰীয়া প্ৰভুক

 নামঘৰীয়াই বৰমেধিক কৈছিল ,

“বুঢ়াডাঙৰীয়া তেনেকৈ আঁতৰি গ’লে 

গাঁওখন নিঠৰুৱা হয় অ’ বৰমেধি ৷ মৰকো নামে ৷”

সিদিনা ৰাতি নামঘৰৰ পৰা ওভতোতে

অদূৰত ধনগুলৈ দেখি 

নামঘৰীয়া নৰীয়াত পৰিছিল ,

লো-জৰাত উজুটি মাৰি

 চিতভোলোঙা খাই পৰি বৰমেধিৰো

ভৰি ভাগিছিল ৷

দুদিন পাছত

নৰিয়া দেহাৰেই ডবা কোবাই কোবাই

নামঘৰীয়াই বৰমেধিক মাথোঁ চিঞৰিছিল,

“কেঁকুৰিটোত এখন কেঞাগোলা হ’ব ৷ 

গাঁওখন চহৰ হ’ব ৷ 

বণিয়াৰ ধন লৈ কাইলৈৰ পৰা গাঁৱৰ ডেকাহঁতে

নদীখন পুতিবলৈ যাব ৷”

সিদিনা

নামঘৰৰ পৰা ওভতাৰ বাটত

ধনগুলৈবোৰে ক্ৰমশঃ কাষচাপি আহি

আগুৰি ধৰিছিলহি নামঘৰীয়াক

নামঘৰীয়াই বুঢ়াডাঙৰীয়াক সুঁৱৰিছিল

বিষে জৰজৰ হৈ বৰমেধিয়েও চিঞৰিছিল

নৈখন পুতি নেপেলাবি অ’

ল’ৰাহঁত…

(যোগাযোগ=৭৮৯৬১-৮৯১৯৫)

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close