Written by 7:36 am Poems

প্ৰেমৰ বাবে

 পৰাগজ্যোতি মহন্ত

জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই

প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম

হ’ল কি নহ’ল সঠিক স্থান ওঁঠযোৰৰ

বাচি ল’লে চুমাই তাতে প্ৰাণ অথবা মান

আছেনে ক’ৰবাত এই মূলূকৰ কোনোবা কোণত

সহজ কাম প্ৰেমত পৰাতকৈ

সৰ্বস্ব পায়ো য’ত হেৰুৱাবলৈও তেনেই সহজ

খালি হৈ পৰি ৰয় প্ৰেমৰ বাবে কফিৰ পিয়লা

তলি উদি হৈ সুৰাৰ পাত্ৰ

ধোঁৱাৰ কুণ্ডলী ৰচি চিগাৰেটৰ আয়ু আহে টুটি

যতমানে নামধাম প্ৰেমেই সকলোতে

এৰাএৰি অথবা লগালগি প্ৰেমৰ বাবেই

প্ৰেমৰ বাবেই উশাহ ঘন

প্ৰেমৰ বাবেই হুমুনিয়াহ দীঘলীয়া

প্ৰেমৰ বাবেই হাঁহিবোৰ সুগন্ধ

প্ৰেমৰ বাবেই চকুলোত বুৰ যায় চকু

প্ৰেমৰ বাবেই ভাবঘন

প্ৰেমৰ বাবেই মগন তন মন

প্ৰেম চমৎকাৰ

কি প্ৰেম চমৎকাৰী

প্ৰেম কি চমৎকাৰী

ওঁঠযোৰৰ স্থান হ’লনে নহ’ল সঠিক

পৃথিৱীৰ ইমানবোৰ ওঁঠৰ পাৰে কোনে ক’ব

চুমাবোৰ গলাব পৰাকৈ

সাঁচেনে প্ৰেমে উষ্ণতা ওঁঠবোৰত ?

 …

ঠিকনা : 

পুথিপঢ়া গজলা সত্ৰ, মৰাণ-সোণাৰি পথ

ডাক : বিশ্ৰামপুৰ, মৰাণহাট, চৰাইদেউ- ৭৮৫৬৭০

ভ্ৰাম্যভাষ ডাক :  ৯১০১০৫১৯৬৭

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close