Written by 4:24 am Poems

খামদৈ কুঁৱৰীৰ কথকতা

অংকুৰণ আৰ্ফ

পদ্যকথা – 

সময়ৰ পথেদি এটা কাহিনী

এই গড়ৰ ওপৰেদি

বুৰঞ্জীৰ ঘোঁৰাত উঠি

খটপ খটপকৈ

পাৰ হৈ যায়

সময়ৰ সুৰুঙাৰে সৰি পৰা

মাটিৰঙী পাত এখিলাৰ ফাঁকেৰে

চিকমিকাই উঠে

বুৰঞ্জীৰ চিকুণ চকু

হাতত সাৰে ভৰিত সাৰে

কোনোবা ফুলকোঁৱৰ নে মণিকোঁৱৰৰ অচিন পৰশত

কঁপি উঠে

বসন্ত বৈভৱী কোন কুঁৱৰীৰ

বুৰঞ্জীৰ বাখৰুৱা বুকু !

পদ্যকথা – 

হাবিত চতুৱা চৰাইৰ চিঞৰ

ফাগুন বনত জ্বলিছে

পলাশী দুপৰ

দূৰণিত কোনে বজাইছে

চেগাচোৰোকাকৈ

ঢোলৰ চাপৰ

চুলি মেলি

চ’তৰ চোতালত বহে

যৌৱনৰ জেউতি সৰা  দিপলিপ

সোণবৰণীয়া ফুল এপাঁহি

চ’তৰ চোতালত বহি তাই

বহাগৰ বসন বই

মনৰ মাকোত ঘূৰে তাইৰ

মৰমৰ মহুৰা

হাতীত উঠি কোন সেয়া

ৰূপবান – পাহোৱাল ৰাজকোঁৱৰ ?

এই পথেদি যায়!

চকুৰ পলকতে ৰূপহী কুঁৱৰীৰ প্ৰেমত পৰি যায়

কুঁৱৰীয়ে কয়-

“একে ৰাতিৰ ভিতৰতে

এটি দুৰ্জয় গড় বান্ধি  দিলে

পত্নী ৰূপে পাব মোকে”

কোঁৱৰে বোলে –

“কথা মতে কাম

ৰাতিৰ ভিতৰতে গড় বান্ধি

ৰূপহী কুঁৱৰীক বিয়া কৰাই

ঘৰলৈ  লৈ যাম”

পুৱালৈ এক প্ৰহৰ বাকী

চতুৰ কুঁৱৰীয়ে চল কৰি

মানুহ লগাই কুকুৰাৰ মাতেৰে

ডাক দিয়ালে

আধা বন্ধা হ’ল গড়

নাম পালে-খঁৰাগড়

এয়ে চতুৰ কুঁৱৰীৰ কথা

আৰু ৰাজকোঁৱৰৰ মনৰ বেথা

বুদ্ধিমতী ৰূপহী

কুঁৱৰীৰ নামতে

কোঁৱৰে খন্দালে পুখুৰী

নাম পালে -খেমদৈ পুখুৰী

পদ্যকথা – ৩

নিজানত নামদাং বৈ যায়

সময়ৰ পথেদি

এই কাহিনী গড়ৰ ওপৰেদি

বুৰঞ্জীৰ ঘোঁৰাত উঠি

ৰূপকথাৰ ৰং সানি

খটপ খটপ কৈ গুচি যায়

যেনেকৈ গুচি যায় নামদাঙৰ

বোঁৱতী পানী …

(টোকা : ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ এক বিশেষ বিস্তৃত অঞ্চল ৰ নাম খৰাগড় আৰু খেমদৈ৷ দুয়োটা অঞ্চলত থকা কিংবন্তিৰ আধাৰত এই মালিতাটো ৰচনা কৰা হৈছে৷ টাই ভাষাত খাম মানে সোণ আৰু দৌ মানে পাহি, সেয়ে খামদৌ মানে হৈছে সোণপাহি৷ এই খামদৌ নামটো সময়ৰ সোঁতত মানুহৰ মুখত অপভ্ৰংশ ঘটি খেমদৈ হ’ল বুলি কোৱা হয়৷ খামদৌ বা খামদৈ অৰ্থাত সোণপাহি নামৰ ছোৱালীজনীৰ কথাকে ইয়াত বৰ্ণনা কৰা হৈছে)

ভ্ৰাম্যভাষ – ৮৬৩৮০৭৪২৭৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close