জোনমণি দাস
জঁটীয়া সাঁথৰ এটা সমুখত লৈ
বহুপৰ বহি আছোঁ বৰ্তমানৰ বুকুত
বাদামৰ বাজলি গুচাই ৰৈ আছে তেওঁ
মোৰ উত্তৰহীন উত্তৰৰ অপেক্ষাত
সাঁথৰ সোধাটো যিমান উজু
আউল ভাঙি তপৰাই তাৰ উত্তৰ দিয়াটো
তাতোকৈও টান
সাঁথৰত মোৰ সন্দেহটো তাতেই
ভাঙি দিলেও সত্যটো সহজতে নোলায়
(ভুল অংকৰ দৰে?)
অৱশ্যে মই অংকত কেঁচা
ধাৰাপাতৰ নেওতাৰ বাদে গাণিতিক সূত্ৰসমূহ
কেতিয়াবাই পাহৰিলোঁ।
অংক কৰি এদিনো উলিয়াব নোৱাৰিলোঁ
জীৱনৰ যোগফল অথবা ভগ্নাংশ
জীৱনটো কি কেৱল অংক
নে সাঁথৰ ভঙাৰ খেল
সময় খেদি সাঁথৰ সুধি
বাদামৰ বাকলি গুচাই
মোৰ সন্মুখত তেওঁ
যেন এটা জটিল প্ৰশ্নৰ প্ৰশ্নবোধক
প্ৰশ্ন পাগুলি মই
যেন বাৰীৰ ঘাঁহেৰে ৰাহি নহা
এটা ঘৰগোনা বলদ
সিমানতে মোৰ সীমা
চৰুক সুধি চাউল সিজালে
ভাতে ভোকলৈ নাটে।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025