Written by 3:15 am Poems

চিঞৰ

ধ্ৰুৱকুমাৰ তালুকদাৰ

কোনেও নুশুনা এটা চিঞৰ

মোৰ কাণত সোমাবলৈ ৰৈ আছিল …

বাৰিষাৰ এটা ৰাতিপুৱা

মই শেতেলি এৰাৰ আগতে

চিঞৰটো আহিছিল দৌৰাদৌৰিকৈ

মই এৰি অহা গাঁওখনৰ ঘৰবোৰ ভাঙি যোৱা মানুহখিনিৰ মাজৰ পৰা –

মই চিঞৰটোক চিনি পাইছিলোঁ

একেবাৰে সৰুকালৰে পৰা মই তাক দেখি আহিছিলোঁ

এইখিনি আহি পাওঁতে পাওঁতে উজুটিত তাৰ ভৰিৰ

আঙুলিবোৰ ছিগি পৰোঁ পৰোঁ হৈছিল

আগলৈ চাওঁতে চাওঁতে চকুহাল বেঁকা হৈ পৰিছিল

সেইবাবে সি য’লৈকে আহিছিল ভুলকৈ আহিছিল আৰু যিবোৰ দেখিছিল ভুলকৈ দেখিছিল

সেই ভুল দেখাৰ মাজতে মই ভুলকৈ আছিলোঁ

আৰু মোৰ ভুলকৈ থকাখিনিতে চিঞৰটো আহি ৰৈ আছিল

ভুলকৈ থাকিবলৈ…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close