Written by 2:44 am Poems

দাঁতৰ পোক

অলকা মহন্ত

এক

দাঁত এটাত পোক ধৰিছে

একত্ৰিছতাই নজনাকৈ বিষ বাঢ়িছে

এটা-দুটাকৈ পোকবোৰ কাষৰ দাঁতটোলৈ বগাইছে

বাকী ত্ৰিছটাই কথাটো আওকাণ কৰিছে 

বিষটো ক্ৰমশঃ উজাই গৈ আছে ।

দাঁতবোৰত এতিয়া দখল কৰিছে এটা অজান বিষ

আৰু কেতবোৰ প্ৰব্ৰজনকাৰী পোক ।

দুই

মুখৰোচক খবৰবোৰ জিভাখনে পাগুলি থাকোঁতে 

পোকবোৰেও শুনিবলৈ পায়

মূল্যবৃদ্ধি বেৰোজগাৰ

বেদখলকাৰী উচ্ছেদ আৰু হুমনিয়াহ কাঢ়ি

জোৰকৈ কুৰুকি দিয়ে আপোনাৰ দাঁত ‌।

তিনি

আপুনি কোষ্ঠকাঠিন্যত ভোগা কথাটো পোকবোৰে জানে

ডাক্তৰে আপোনাক খাদ্য ভালকৈ চোবাই খাবলৈ পৰামৰ্শ দি এনজাইম্ দিছে 

আৰু দাঁতবোৰ এবাৰ পৰীক্ষা কৰাবলৈ কৈছে ।

চাৰি

উচ্ছেদ অভিযানৰ খবৰে কাকতৰ পৃষ্ঠা দখল কৰিছে

জিভাখনৰ জৰিয়তে পোকবোৰেও খবৰটো পাইছে

বিষ বাঢ়ি গৈছে

খৰখেদাকৈ আপুনি ডেণ্টিষ্টৰ কাষ চাপিছে

পোক লগা দাঁতবোৰ উভালি পেলোৱাই ভাল ‌।

পাঁচ

পোক নামৰ এই নিমাখিত প্ৰাণীটোক 

আপুনি ভুলতো দোষ নিদিব

ইহঁত পৰজীৱী 

ঠিক আপোনাৰ-মোৰ দৰে

খবৰ কাগজত মুখৰোচক কথাবোৰ 

উচ্ছন্নক পুনৰ সংস্থাপন ‌।

… 

ঠিকনা :

বামুণীমৈদাম, গুৱাহাটী-২১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close