Written by 2:21 am Poems

মই অকলশৰীয়া নহওঁ

মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল (Gabriela Mistral)
অনুবাদ : ড° ৰঞ্জিত দত্ত

পৰ্বতৰ পৰা সাগৰলে

নিশাটো শূন্যতাৰে ভৰা।

কিন্তু ময়েই এনে এজন

যি তোমাক 

স্তম্ভিত কৰি তুলিছোঁ,

মই অকলশৰীয়া নহওঁ।

আকাশ শূন্যতাৰে ভৰা

কাৰণ জোনটোৱে এতিয়া

সাগৰৰ বুকুত নাচিছে

কিন্তু  ময়েই এনে এজন

যি তোমাক ধৰি আছোঁ,

মই  অকলশৰীয়া নহওঁ।

পৃথিৱীখন শূন্যতাৰে ভৰা

তুমি দেখা সকলো মঙহহাল জীৱই

বেদনাৰে জৰ্জৰিত

কিন্তু ময়েই এনে এজন

যি তোমাক সাবটি আছোঁ,

মই  অকলশৰীয়া নহওঁ!

 গেব্ৰিয়ালা মিচট্ৰেইল : (১৮৮৯-১৯৫৭) ১৯৪৫ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী ফৰাচী কবি। তেওঁৰ উল্লেখযোগ্য  কবিতাপুথিসমূহ হৈছে ক্ৰমে  Sonetos de la murute (১৯১৪), Desolacion (১৯২২), Ternura (১৯২৪), Tala (১৯৩৮) আৰু Complete Poems (১৯৫৮)। 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close