জুবিলী গগৈ
নজনাকৈয়ে আহিলোঁ বহুদূৰ
নজনাকৈয়ে বুলিলোঁ বাট
একা-বেঁকা পথেৰে
দুচকুত আন্ধাৰ লৈ
পিঠিত বোজা বান্ধি
কৰি থাকিলোঁ অপেক্ষা
সেউজীয়া পোহৰ
বিয়পি যোৱালৈ
ভিৰৰ মাজতো
কৰি থাকিলোঁ
অবিৰত জীৱন-পাঠ
ছানি পৰা চকুত ধূলি মাৰি
গুচি গ’ল সময়
ডিজিটেল পাখি মেলি
বহু পিছত ৰৈ গ’লেও
আগুৱাই যোৱাৰ বাদে
বিকল্প নাই
জীৱনৰ নীতিহীন পৃষ্ঠা
আজিও মই
ডিলিট কৰিব পৰা নাই
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 4 times, 1 visit(s) today
Last modified: May 7, 2025