Written by 6:59 pm Poems

২০২৩ চনৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপক জন ফছিৰ তিনিটা কবিতা

 অনুবাদ : ড° ৰঞ্জিত দত্ত

(১) পৰ্বতটোৱে খামুচি ধৰি আছে তাৰ উশাহটো 

তেতিয়া তাত আছিল 

এক গভীৰ নিশ্বাস

আৰু তেতিয়া তাতেই

থিয় হৈ  আছিল পৰ্বতটো আৰু

থিয় হৈ আছিল পৰ্বতবোৰ

আৰু সেইদৰেই 

থিয় হৈ আছে আজিও পৰ্বতবোৰ

এঢলীয়া  হৈ  নামি গৈছে তললৈ

বহুত তললৈ আৰু 

এনেদৰেই  সিহঁতে

খামুচি ধৰি আছে উশাহবোৰক

যেতিয়া সৰগ আৰু সাগৰে

খুন্দিয়াই খুন্দিয়াই

আঘাত কৰে পৰ্বতক

তেতিয়াও ধৰি ৰাখে তাৰ উশাহবোৰক।

(২) এছাটি মৃদু বতাহত এখন নাৱৰ দৰে

তুমি আৰু মই

তুমি আৰু জোনটো

তুমি আৰু বতাহজাক

তুমি 

আৰু তৰাবোৰ

হয়তো

সেই পৰিবেষ্টিত ভূখণ্ডৰ

সকলো গলিত মৃতদেহবোৰৰ দুৰ্গন্ধৰ মাজতেই পচি গৈছে

মোৰ দৰে আন সকলো

অথবা 

যি পুৰি নিঃশেষ হৈছে

তেওঁলোকৰ নিৰাশাভৰা  আশাৰ মাজত

( নিশ্চয় বেদনাহীনভাৱে)

হয়, এছাটি মৃদু বতাহত

এখন নাৱৰ দৰে

(৩) অভিনেতাজনৰ বিষয়ে কিছু

 য’ত সঞ্চালিত হয়  

 সি গতি কৰে জীৱনৰ দৰে 

 সদায় এটা গতি অন্তৰালৰ

 কিবা  এক নিঃশব্দ

 আৰু গধুৰ

 ঠিক যেন জীৱনটোৰ দৰে নিজেই গধুৰ

কিছুমানৰ বাবে 

জীৱনটো হৈ পৰে বৰ লঘু

আৰু একে সময়তে অতি গধুৰ

আৰু যি ঘটি আছে তাৰ পৰা  

তেওঁলোকে আঁতৰি খোজ লয়

আৰু  থিয় হৈ থাকে

থৰকবৰক খোজত

লজ্জিত ভাৱেৰে

কি ক’ব সেয়া তেওঁলোকে নাজানে

ক’বলৈ তেওঁলোকৰ  একোৱেই  নাই

আৰু 

কিবা এটা নিশ্চয় ক’বই লাগিব 

আৰু সেয়েহে 

আগুৱাই যায় তেওঁলোকে

বতাহৰ দৰে পাতল আৰু পোন ৰিজুৰেখ গতিৰে

তেওঁলোকে আগুৱায় সন্মুখলে

আৰু থিয় হৈ থাকে  তাতেই

ইজনে সিজনৰ পোহৰত

এক বেদনাগধুৰ হিয়াৰে

যেতিয়া  লাজবোৰ দ্ৰৱীভূত হৈ 

উজলি উঠে এটি কুকুৰৰ দেৱদূতৰ দৰে

আৰু 

তাৰ পাছত 

পৰীয়ে ডেউকা মেলি

আৱৰি ধৰে তেওঁলোকৰ চৌপাশ

 আৰু তেতিয়াই  কোৱা হয় এয়া

Visited 4 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close